সুনীতা কৃষ্ণন | |
---|---|
জন্ম | ১৯৭২ (বয়স ৫১–৫২)[1] বেংগালুৰু, ভাৰত |
শিক্ষানুষ্ঠান | চেইণ্ট জোচেফ কলেজ, বেংগালুৰু, ৰৌশনী নিলয়া |
পেচা | প্ৰজ্বালা, হায়দৰাবাদৰ প্ৰতিষ্ঠাতা |
জনা যায় | সামাজিক কাম |
দাম্পত্যসঙ্গী | ৰাজেশ তাচ্ৰিভাৰ[2] |
সুনীতা কৃষ্ণন (ইংৰাজী: Sunitha Krishnan; জন্ম:১৯৭২) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু প্ৰজ্বালা নামৰ বেচৰকাৰী সংগঠনটোৰ মুখ্য কৰ্মকৰ্তা তথা সহ-প্ৰতিষ্ঠাপক। এই সংগঠনটোৱে যৌন সৰবৰাহ কৰা ভুক্তভোগীসকলক উদ্ধাৰ, পুনৰ্বাসন আৰু সমাজত পুনৰ একত্ৰিত কৰে।[3] সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে তেওঁক ২০১৬ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল।[4]
বেংগালুৰুৰ পালাক্কড়ৰ এটি মালায়ালী পৰিয়ালত সুনীতাৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল ৰাজু কৃষ্ণন আৰু মাক নলিনী কৃষ্ণন।[2] সুনীতাৰ দেউতাকে জৰীপ বিভাগত কাম কৰিছিল আৰু সমগ্ৰ দেশৰ মানচিত্ৰ তৈয়াৰ কৰিছিল। সেয়ে তেওঁ সমগ্ৰ দেশ ভ্ৰমণ কৰিবলগাত পৰিছিল। দেউতাকৰ চাকৰিসূত্ৰে সুনীতাইও তেওঁৰ সতে ভ্ৰমণ কৰিছিল আৰু সৰুতেই তেওঁৰ দেশৰ প্ৰায় সকলো অঞ্চলৰ সৈতে পৰিচয় গঢ়ি উঠিছিল।[3]
আঠ বছৰ বয়সত তেওঁ বিশেষভাৱে সক্ষম শিশুসকলক নৃত্য শিকোৱাৰ সময়তে সামাজিক কামৰ প্ৰতি কৃষ্ণনৰ মনত আগ্ৰহ সৃষ্টি হয়।[5] বাৰ বছৰ বয়সত তেওঁ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুহঁতৰ বাবে বস্তি অঞ্চলত শিক্ষাদান কৰা আৰম্ভ কৰে।[5] পোন্ধৰ বছৰ বয়সত, দলিত সম্প্ৰদায়ৰ বাবে নৱ-সাক্ষৰতা অভিযান এটাত কাম কৰি থাকোঁতে, কৃষ্ণনক আঠজন পুৰুষে দলবদ্ধ ধৰ্ষণ কৰিছিল।[6] এগৰাকী মহিলাই তেওঁলোকৰ পুৰুষৰ সমাজত নিজৰ প্ৰতিপত্তি চলোৱাটো তেওঁলোকে ভাল পোৱা নাছিল। সিহঁতে সুনীতাক ইমান বেয়াকৈ মাৰিছিল যে তেওঁ কাণেৰে নুশুনা হৈ গৈছিল। আজিৰ তাৰিখত তেওঁ কৰা কামখিনিৰ বাবে এই ঘটনাটোৱে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছিল।[7]
কৃষ্ণনে বেংগালুৰু আৰু ভূটানৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল। বেংগালুৰুৰ ছেইণ্ট জোচেফ কলেজৰ পৰা পৰিৱেশ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, কৃষ্ণনে মেংগালুৰুৰ ৰৌশনী নিলয়াৰপৰা এম এছ ডব্লিউ (চিকিৎসা আৰু মানসিক ৰোগ) সম্পূৰ্ণ কৰে।[7]
যুৱতীসকলৰ বাবে কৰা কামৰ সমন্বয়ক হিচাপে পি আই এনত যোগদান কৰিবলৈ কৃষ্ণনে হায়দৰাবাদলৈ যোৱাৰ সিদ্ধান্ত লয়। সোনকালেই তেওঁ বস্তিবাসীসকলৰ বাসস্থানৰ সমস্যাৰ সৈতে জড়িত হৈ পৰে। যেতিয়া চহৰখনৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বাবে মুচি নদীৰ কাষত বাস কৰা লোকসকলৰ ঘৰবোৰৰ ওপৰত বুলডজাৰ চলোৱাৰ কথা চলিল, কৃষ্ণনে পি আই এনৰ গৃহ অধিকাৰ অভিযানত যোগদান কৰিলে আৰু প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰি আঁচনিখন কাৰ্যকৰী হবলৈ নিদিলে। হায়দৰাবাদতে তেওঁ ব্ৰাদাৰ জছ ভেট্টিকাটিলক লগ পায়। জছ সেই সময়ত চেইণ্ট গেব্ৰিয়েলৰ মণ্টফৰ্ট ব্ৰাদাৰ্ছৰ দ্বাৰা পৰিচালিত কেথলিক প্ৰতিষ্ঠান বয়জ টাউনৰ সঞ্চালক আছিল। এই প্ৰতিষ্ঠানটোৱে বৃত্তিগত দক্ষতা প্ৰদান কৰি বিপদাশংকাত থকা যুৱক-যুৱতীসকলক পুনৰ সংস্থাপিত কৰিছিল আৰু প্ৰশিক্ষণ দিছিল; যি তেওঁলোকক ভাৰত আৰু বিদেশত সুন্দৰ চাকৰি প্ৰদান কৰিছিল।[2][8] এয়া আছিল ১৯৯৬ চনৰ কথা।
১৯৯৬ চনত হায়দৰাবাদৰ ৰেড লাইট এলেকা মেহবুব কি মেহেন্দিত বাস কৰা যৌন কৰ্মীসকলক স্থানান্তৰ কৰা হয়। ফলস্বৰূপে, পতিতাবৃত্তিৰ কবলত পৰা হাজাৰ হাজাৰ মহিলা গৃহহীন হৈ পৰে। কৃষ্ণনে মিছনেৰী ব্ৰাদাৰ জছ ভেট্টিকটিলত সৈতে লগলাগি দ্বিতীয় প্ৰজন্মৰ সৰবৰাহ প্ৰতিহত কৰিবলৈ খালী কৰা পতিতালয়ত এখন ট্ৰেঞ্জিচন স্কুল আৰম্ভ কৰে।[9] প্ৰাৰম্ভিক বছৰবোৰৰ প্ৰজ্বালাৰ অভাৱবোৰ পূৰ কৰিবলৈ কৃষ্ণনে তেওঁৰ গহণা আৰু ঘৰৰ বাচন-বৰ্তনসমূহ বিক্ৰী কৰিবলগাত পৰিছিল।[8]
আজি প্ৰজ্বালাই পাঁচটা স্তম্ভৰ ওপৰত থিয় দিছে: প্ৰতিৰোধ, উদ্ধাৰ, পুনৰ্সংস্থাপন, পুনৰ একত্ৰীকৰণ আৰু ওকালতি। সংগঠনটোৱে ভুক্তভোগীসকলক নৈতিক, বিত্তীয়, আইনী আৰু সামাজিক সমৰ্থন আগবঢ়ায় আৰু অপৰাধীসকলক ন্যায়ৰ সন্মুখীন কৰাটো নিশ্চিত কৰে।[10] এতিয়ালৈকে প্ৰজ্বালাই যৌন সৰবৰাহৰ বলি হোৱাৰপৰা ১২,০০০ গৰাকী কিশোৰীক বচাইছে, পুনৰ সংস্থাপন দিছে আৰু প্ৰতিপালন কৰিছে[11][12] আৰু এইক্ষেত্ৰত তেওঁলোকে ইমানবোৰ অভিযান চলাইছে যে তেওঁলোকক বিশ্বৰ সৰ্ববৃহৎ সৰবৰাহ-বিৰোধী আশ্ৰয় স্থল হিচাপে স্বীকৃতি দিয়া হৈছে।[13]
প্ৰজ্বালাত প্ৰায় ২০০জন কৰ্মচাৰী নিযুক্ত হৈ আছে।
মালায়ালম চলচ্চিত্ৰ পৰিচালক বিনীত শ্ৰীনিবাসনে কৃষ্ণনৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁৰ শেহতীয়া চলচ্চিত্ৰ থিৰাৰ কাহিনীভগ লিখিছিল।[24]