সুনীল গংগোপাধ্যায় | |
---|---|
২০১০ চনত গংগোপাধ্যায় | |
জন্ম | ০৭ ছেপ্টেম্বৰ, ১৯৩৪ ফৰিদপুৰ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ বাংলাদেশ) |
মৃত্যু | ২৩ অক্টোবৰ, ২০১২ (৭৮ বছৰ) কলিকতা, পশ্চিমবংগ, ভাৰত |
ছদ্মনাম | নীল লোহিত, সনাতন পাঠক, আৰু নীল উপাধ্যায়[1] |
পেচা | লেখক |
ভাষা | বঙালী ভাষা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | কলিকতা বিশ্ববিদ্যালয় |
সময় | ১৯৫৩-২০১২ |
সাহিত্যিক বিপ্লৱ | কৃত্তিবাস |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা | আনন্দ পুৰস্কাৰ (১৯৭২, ১৯৮৯) সাহিত্য অকাডেমি বঁটা (১৯৮৫) |
দাম্পত্যসংগী | স্বাতী বন্দোপাধ্যায় (বি. ১৯৬৭)[2] |
সন্তান | সৌভিক গংগোপাধ্যায় (b. 1967)[2] |
ৱেবছাইট | sunilgangopadhyay |
সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (ইংৰাজী: Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২)[1] হৈছে কলিকতাৰ এগৰাকী ভাৰতীয় কবি, ইতিহাসবিদ আৰু ঔপন্যাসিক।[3] বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বঙালী ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল। গঙ্গোপাধ্যায়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বঙালী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৫৩ চনত তেওঁ আৰু তেওঁৰ কেইজনমান বন্ধুৱে কৃত্তিবাস নামৰ এখন বাংলা কবিতা আলোচনী আৰম্ভ কৰিছিল। পিছত তেওঁ বিভিন্ন প্ৰকাশনৰ বাবে লিখিছিল। লেখাৰ ক্ষেত্ৰত তেওঁ নীল লোহিত, সনাতন পাঠক, নীল উপাধ্যায় ছদ্মনাম ব্যৱহাৰ কৰিছিল।[1]
গাংগুলী আছিল বাংলা সাহিত্যৰ বিখ্যাত কাল্পনিক চৰিত্ৰ কাকাবাবুৰ ৰচক। ৰহস্য উদ্ঘাটনকাৰী কাকাবাবুৰ প্ৰকৃত নাম আছিল ৰাজা ৰয় চৌধুৰী। তেওঁ কাকাবাবু শৃংখলাৰ ৩৬ খন উপন্যাস লিখিছিল; এয়া আছিল ভাৰতীয় শিশু সাহিত্যলৈ তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান। তেওঁ ১৯৮৫ চনত তেওঁৰ উপন্যাস দৌজ ডেইজ (সেই সময়)ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[4] তেওঁক শতিকাটোৰ আটাইতকৈ জনপ্ৰিয়, সৃজনীশীল আৰু প্ৰসিদ্ধ বঙালী লেখক হিচাপে গণ্য কৰা হয়।[5][6]
বৰ্তমান বাংলাদেশৰ ফৰিদপুৰৰ এটা বঙালী হিন্দু পৰিয়ালত গংগোপাধ্যায়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ কম বয়সতে তেওঁ জন্মস্থান এৰি কলিকতাত থাকিবলৈ আহিছিল। পিছলৈ, ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত তেওঁৰ জন্মস্থান পূব পাকিস্তানৰ অংশ হৈ পৰে। তেওঁ সুৰেন্দ্ৰনাথ মহাবিদ্যালয়, দম দম মতিঝিল মহাবিদ্যালয়, চিটি কলেজ, কলকাতাত অধ্যয়ন কৰিছিল – এই সকলোকেইখন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত পৰে। তাৰ পিছত, ১৯৫৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বঙালী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]
১৯৬৭ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁ স্বাতী বেনাৰ্জীক বিয়া কৰায়। তেওঁৰ একমাত্ৰ পুত্ৰ সৌভিক ১৯৬৭ চনৰ ২০ নৱেম্বৰ তাৰিখে জন্ম হৈছিল, বৰ্তমান তেওঁ বষ্টনত থাকে।[2]
গঙ্গোপাধ্যায় কৃত্তিবাসৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। এইখন আছিল ১৯৫৩ চনৰপৰা প্ৰকাশ হোৱা এখন প্ৰাথমিক কবিতা আলোচনী, যি কাব্যিক বিষয়বস্তু, ছন্দ আৰু শব্দৰ ক্ষেত্ৰত বহুতো নতুন পৰীক্ষা-নিৰীক্ষাৰে নতুন প্ৰজন্মৰ কবিসকলৰ বাবে এক মঞ্চ তৈয়াৰ কৰিছিল।[1][7]
পিছত, তেওঁ কলিকতাৰ এক মুখ্য প্ৰকাশন প্ৰতিষ্ঠান আনন্দ বজাৰ গোটৰ বাবে লিখিবলৈ আৰম্ভ কৰে। বহু বছৰ ধৰি তেওঁ এই কাম অব্যাহত ৰাখিছে।[1] ভাৰত ভ্ৰমণ কৰাৰ সময়ত তেওঁ বিট কবি এলেন গিন্সবাৰ্গৰ বন্ধু হৈ পৰে। গিন্সবাৰ্গে তেওঁৰ কবিতা ছেপ্টেম্বৰ জেচোৰ ৰোডত গঙ্গোপাধ্যায়ৰ কথা বিশেষভাৱে উল্লেখ কৰিছিল। ইয়াৰ বিনিময়ত গঙ্গোপাধ্যায়ে তেওঁৰ কিছুমান গদ্যত গিন্সবাৰ্গৰ কথা উল্লেখ কৰিছিল। উপ-সভাপতি হিচাপে পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত, তেওঁ ২০০৮ চনৰ ২০ ফেব্ৰুৱাৰীত সাহিত্য অকাডেমিৰ সভাপতি নিৰ্বাচিত হয়।[8]
সুনীল গংগোপাধ্যায়, তৰুণ সান্যাল, জ্যোতিৰ্ময় দত্ত আৰু সত্ৰজিৎ দত্তৰ সৈতে হাংগ্ৰি জেনেৰেচন (ভোকাতুৰ প্ৰজন্ম) সাহিত্য আন্দোলনৰ কবি মলয় ৰয় চৌধুৰীৰ বিখ্যাত বিচাৰত প্ৰতিৰক্ষা সাক্ষী হ’বলৈ স্বেচ্ছাই আগবাঢ়ি আহিছিল।[9]
২০১২ চনৰ ২৩ অক্টোবৰৰ পুৱা ২:০৫ বজাত দক্ষিণ কলকাতাৰ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ সুনীল গঙ্গোপাধ্যায়ৰ মৃত্যু হয়।[1][10][11] তেওঁ কিছু সময়ৰ পৰা প্ৰষ্টেট কেঞ্চৰ ৰোগত আক্ৰান্ত হৈ আছিল[12] আৰু চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল।
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে গঙ্গোপাধ্যায়ৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছিল;[11]
গঙ্গোপাধ্যায়ে তেওঁৰ অনন্য শৈলীৰ জৰিয়তে বাংলা সাহিত্যক সমৃদ্ধ কৰিছিল। তেওঁ তেওঁৰ সমসাময়িকসকলৰ মাজত এগৰাকী শ্ৰেষ্ঠ বুদ্ধিজীৱী আছিল। তেওঁৰ মৃত্যুয়ে যি শূন্যতাৰ সৃষ্টি কৰিছে, সেয়া অপূৰণীয়।
১৯৬৪ চনৰ পৰা লেখকজনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই কৈছিল যে; বঙালী সাহিত্য তেওঁৰ ওচৰত ঋণী হৈ থাকিব।[13]