সুন্দৰ পিচাই | |
---|---|
![]() | |
স্থানীয় নাম | பிச்சை சுந்தரராஜன் |
জন্ম | পিচাই সুন্দৰাৰাজন ১২ জুলাই, ১৯৭২ (৫২ বছৰ) মাদ্ৰাছ, ( বৰ্তমানৰ চেন্নাই), তামিলনাডু, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | বি ই, এম এছ, এম বি এMark A Carrillo srCEO New_CEO_Google_LLC |
শিক্ষানুষ্ঠান | আই আই টি,খড়গপুৰ ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয় ডি হোৱাৰ্টন স্কুল |
পেচা | গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া |
নিয়োগকৰ্তা | গুগল |
ধৰ্ম | হিন্দু |
দাম্পত্যসঙ্গী | অঞ্জলি পিচাই |
ৱেবছাইট | |
twitter |
পিচাই সুন্দৰাৰাজন (তামিল: பிச்சை சுந்தரராஜன், ইংৰাজী: Pichai Sundararajan) অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী। বৰ্তমান তেঁও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া।[1][2][3][4][4]
তেওৰ জন্ম হৈছিল তামিলনাডুৰ মাদ্ৰাছ( বৰ্তমানৰ চেন্নাই )ত ১৯৭২ চনৰ ১২ জুলাইত। পিতৃ ৰঘুনাথা পিচাই আৰু মাতৃ লক্ষ্মী পিচাই। পিতাক ৰঘুনাথা এজন General Electric Company (GEC) নামৰ কোম্পানীটোত কৰ্মৰত এজন বৈদ্যুতিক অভিযন্তা আছিল আৰু বৈদ্যুতিক সৰঞ্জাম নিৰ্মাণৰ কাম চাইছিল। সুন্দৰ পিচাই মাদ্ৰাচৰ এটা দুটা কোঠাৰ এপাৰ্টমেণ্টত ডাঙৰ হৈছিল। তেও অঞ্জলি পিচাইৰ লগত বিবাহপাশত আবদ্ধ হৈছে আৰু বৰ্তমান এগৰাকী কণ্যা সন্তান আছে।
পিচায়ে আই আই টি, খড়্গপুৰৰ পৰা মেটালাৰ্জিকেল চাইঞ্চত অভিযান্ত্ৰিকতাৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। [5]। পৰিৱৰ্তী সময়ত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালযৰ পৰা মেটেৰিয়েল চাইন্স ও অভিযান্ত্ৰিকিত এম এচ ডিগ্ৰী লাভ কৰে তথা ডি হোৱাৰ্টন স্কুল,পেনচিভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে। [6]। তাত তেও Siebel Scholar হিচাপে আছিল।[7][8]। তেও স্কুলীয়া শিক্ষা পদ্ম সেসাদ্ৰী বাল ভৱন নুনগামবাক্কামৰ পৰা কৰিছিল।[9]
পিচাইয়ে এপ্লাইড মেটেৰিয়েলছত অভিযান্তিক আৰু উৎপাদ প্ৰবন্ধন আৰু মেক্ কিঞ্চি এণ্ড ক'ম্পেনীত প্ৰবন্ধন পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। গুগলৰ অংশ হোৱাৰ আগতে, সুন্দৰ পিচাইয়ে মেকচিনচ এণ্ড কোম্পানীত কাম কৰিছিল আৰু কেইবছৰমান কোম্পানীটোত কাম কৰিছিল। তাৰ পিছত তেওঁ গুগল কোম্পানীত যোগদান কৰে। যেতিয়া তেওঁ কোম্পানীটোত যোগদান কৰিছিল, তেওঁ গুগল চাৰ্চ টুলবাৰত কাম কৰা কোম্পানীটোৰ এটা সৰু দলৰ অংশ আছিল। গুগলৰ ক্ৰ'ম ব্ৰাউজাৰ সৃষ্টি কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে ক্ৰ’ম বিশ্বৰ এক নম্বৰ ব্ৰাউজাৰ হৈ পৰিছিল। যাৰ পিছত তেওঁক ২০০৮ চনত কোম্পানীৰ সামগ্ৰী বিকাশ বিভাগৰ উপ-সভাপতি কৰা হৈছিল আৰু ২০১২ চনত ক্ৰ’ম আৰু এপৰ জ্যেষ্ঠ উপ-সভাপতি হৈছিল। তেওঁ কৰা কামৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
পিচায়ে ২০০৪চনত গুগলত যোগদান কৰে। ২০১৫চনৰ ১০আগষ্টত তেও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে নিযুক্ত হয়। [10]