পৰম পূজনীয় ভিক্ষুণী সুন্দৰী নন্দা | |
---|---|
![]() সংঘৰ পৰা পলাবলৈ বিচৰা নন্দাক বুদ্ধই বুজনি দিয়ে | |
শিৰোনাম | জ্ঞান চৰ্চাত অগ্ৰণী ভিক্ষুণী |
অন্যান্য নাম | ৰূপ নন্দা, জনপদ কল্যাণী |
ব্যক্তিগত | |
জন্ম | খৃ:পূ:৬ শতিকা কপিলাবাস্তু |
ধৰ্ম | বুদ্ধ ধৰ্ম |
সংগী | ৰাজকুমাৰ নন্দ |
পিতৃ-মাতৃ | শাক্য ৰজা শুদ্ধোধন (পিতৃ), ৰাণী পজাপতি গৌতমী (মাতৃ) |
ৰাজবংশ | শাক্য বংশ |
অন্য নাম | ৰূপ নন্দা, জনপদ কল্যাণী |
জীৱিকা | ভিক্ষুণী |
আত্মীয় | সিদ্ধাৰ্থ (ভাতৃ) নন্দ (ভাতৃ) |
জ্যেষ্ঠ বিষয়বাব | |
শিক্ষক | গৌতম বুদ্ধ |
সুন্দৰী, শাক্যৰ ৰাজকুমাৰী, যাৰ সম্পূৰ্ণ নাম সুন্দৰী নন্দা। তেওঁ ৰজা শুদ্ধোধন আৰু ৰাণী মহাপাজাপতি গৌতমীৰ কন্যা আছিল। তেওঁ সিদ্ধাৰ্থ গৌতমৰ, যি পিছলৈ বুদ্ধ হৈছিল, সতীয়া ভগ্নী আছিল।[1] সতীয়া ভায়েকৰ জ্ঞান লাভৰ পিছত সুন্দৰীয়ে সন্যাস গ্ৰহণ কৰি ভিক্ষুণী হৈ পৰিছিল। জ্ঞান চৰ্চাত ভিক্ষুণীসকলৰ ভিতৰত তেওঁ আছিল আগশাৰীৰ।[2] খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ছোৱাত ভাৰতৰ বৰ্তমানৰ বিহাৰ আৰু উত্তৰ প্ৰদেশত তেওঁ বাস কৰিছিল।
জন্মৰ সময়ৰ পৰা ৰাজকুমাৰী নন্দাক পিতৃ-মাতৃয়ে বৰ মৰমেৰে আকোৱালি লৈছিল; তেওঁৰ পিতৃ আছিল ৰজা শুদ্ধোধন, তেওঁ সিদ্ধাৰ্থৰো পিতৃ; মাতৃ আছিল মহাপ্ৰজাপতি। মহাপ্ৰজাপতি আছিল শুদ্ধোধনৰ দ্বিতীয়া পত্নী আৰু তেওঁৰ প্ৰথমা পত্নী প্ৰয়াত ৰাণী মায়াৰ কনিষ্ঠ ভগ্নী। “নন্দ’’ নামৰ অৰ্থ হ’ল আনন্দ, সন্তুষ্টি; আৰু তেওঁৰ পিতৃ-মাতৃয়ে নৱজাত শিশুৰ আগমনত বিশেষভাৱে আনন্দিত হোৱাৰ বাবেই সন্তানটিৰ এই নামকৰণ কৰা হৈছিল। নন্দ শৈশৱতে অত্যন্ত সুশীলা, ৰূপৱতী আৰু মোহনীয়া হিচাপে পৰিচিত আছিল। শাক্যসকলৰ একে নামৰ পৰা তেওঁক পৃথক কৰিবলৈ তেওঁক "ৰূপ-নন্দা", "আনন্দময়ী", কেতিয়াবা "সুন্দৰী-নন্দা", "সুন্দৰ নন্দা" বুলিও জনা গৈছিল। যিহেতু তাইৰ সৌন্দৰ্য দিনক দিনে জিলিকি উঠিছিল, পিছলৈ তাইৰ নাম "জনপদ কল্যাণী" ৰখা হৈছিল। কালক্ৰমত কপিলাবস্তুৰ শাক্যসকলৰ পৰিয়াল তেওঁৰ পৰিয়ালৰ বহু সদস্যই তেওঁলোকৰ ৰাজকুমাৰ সিদ্ধাৰ্থৰ জ্ঞান-প্ৰজ্ঞাৰ দ্বাৰা অনুপ্ৰাণিত হৈ লৌকিক জীৱন এৰি তপস্বী জীৱনলৈ গতি কৰিছিল। ইয়াৰ ভিতৰত আছিল তেওঁৰ ভাতৃ নন্দ আৰু তেওঁৰ খুলশালীয়েক অনুৰুদ্ধ আৰু আনন্দ; যি বুদ্ধৰ পাঁচজন আগশাৰীৰ শিষ্যৰ ভিতৰত দুজন আছিল। থেৰীগাথাৰ মতে, তেওঁ নিজৰ ভাতৃ নন্দৰ সৈতে বিয়া হ'ব লাগিছিল কিন্তু তেওঁলোকৰ বিয়াৰ আগতে নন্দই মঠৰ জীৱনত প্ৰৱেশ কৰিবলগীয়া হৈছিল।[3] তেওঁৰ মাক আছিল প্ৰথম বৌদ্ধ ভিক্ষুণী, যিয়ে বুদ্ধক মহিলাসকলক সংঘত সোমাবলৈ অনুমতি দিবলৈ কৈছিল। ইয়াৰ ফলস্বৰূপে সিদ্ধাৰ্থৰ পত্নী ৰাজকুমাৰী যশোধৰাকে ধৰি আন বহু ৰাজকীয় শাক্য ৰাজবংশী মহিলা বৌদ্ধ মঠ-বাসীত পৰিণত হয়। তাৰ পিছত নন্দায়ো সাংসাৰিক মায়া ত্যাগ কৰিলে, কিন্তু লিখিত আছে যে, তেওঁ বুদ্ধ আৰু তেওঁৰ ধৰ্মৰ ওপৰত আস্থাৰ বাবে নহয়, বৰঞ্চ আত্মীয়ৰ প্ৰতি ৰন্ধ্ৰত বৈ থকা প্ৰেম আৰু তেওঁক নিজৰ বুলি অনুভৱ কৰাৰ বাবেই এই কাম কৰিছিল।
অতি সোনকালেই স্পষ্ট হৈ পৰিছিল যে, নন্দাই সন্যাসী হিচাপে নিজৰ জীৱনত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা নাছিল। নন্দাৰ চিন্তা মূলতঃ নিজৰ সৌন্দৰ্য আৰু মানুহৰ মাজত থকা তেওঁৰ জনপ্ৰিয়তাক কেন্দ্ৰ কৰি আছিল, যিবোৰৰ বৈশিষ্ট্য আছিল অতীতৰ জীৱনত গৰিমাময় কৰ্মৰ ফল। এই কৰ্মৰ ফলবোৰেই নন্দাৰ বাবে বাধা হৈ পৰিছিল, যাৰ বাবে তেওঁ নতুন কৰ্মত সাধনাক শক্তিশালী কৰাত অৱহেলা কৰিছিল। তেওঁ নিজকে দোষী অনুভৱ কৰিছিল যে, তেওঁ আনৰ প্ৰতি থকা উচ্চাকাংখাবোৰ পূৰণ কৰা নাই আৰু যি উদ্দেশ্যৰ বাবে শাক্য ৰাজপৰিয়ালৰ ইমানবোৰ লোকে নিজৰ সাংসাৰিক জীৱন ত্যাগ কৰিছিল, তাৰ পৰা তেওঁ বহু দূৰত। তেওঁ নিশ্চিত আছিল যে, বুদ্ধই তাইক নিন্দা কৰিব, সেয়েহে তেওঁ বহু সময়ত তেওঁক এৰাই চলিছিল।
এদিন বুদ্ধই সকলো ভিক্ষুণীক ব্যক্তিগতভাৱে তেওঁৰ ওচৰলৈ আহিবলৈ, তেওঁৰ শিক্ষা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে; কিন্তু নন্দাই সেই কথা নামানিলে। বুদ্ধই তেওঁক স্পষ্টকৈ মাতিবলৈ দিলে আৰু তাৰ পিছত তেওঁ লাজ আৰু উদ্বিগ্নতাৰে নিজকে উপস্থাপন কৰিলে। বুদ্ধই তেওঁক সম্বোধন কৰি তেওঁৰ সকলো ধনাত্মক গুণৰ প্ৰশংসা কৰিছিল, যাতে নন্দাই স্বেচ্ছাই তেওঁৰ কথা শুনি তেওঁৰ কথাত আনন্দিত হয়। তেওঁ জানিছিল যে, কথা-বতৰাবোৰে তেওঁৰ মনোবল বৃদ্ধি কৰিছে আৰু তেওঁক আনন্দিত কৰি তুলিছে আৰু বুদ্ধৰ শিক্ষা গ্ৰহণ কৰিবলৈ সাজু কৰি তুলিছে। যিহেতু নন্দা নিজৰ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি বেছি ব্যস্ত আছিল, সেয়েহে বুদ্ধই নিজৰ মানসিক শক্তিৰ সহায়ত নন্দাতকৈও সুন্দৰী এগৰাকী নাৰীৰ সৃষ্টিৰে নন্দাক মন্ত্ৰমুগ্ধ কৰিছিল আৰু তেতিয়া নিজৰ চকুৰ সন্মুখতে দ্ৰুত আৰু দৃশ্যায়মানভাৱে বয়সীয়াল হৈ পৰিছিল। ফলত, নন্দাই কম সময়ৰ ভিতৰতে দেখা পালে, যিটো মানুহৰ মাজত দশকৰ পিছত দশকতহে লক্ষ্য কৰিব পৰা যায়: যৌৱন আৰু সৌন্দৰ্য্যৰ মন্দাৱস্থা, ক্ষয়, বয়স বৃদ্ধিৰ আভাস, যেনে বলিৰেখা আৰু ধূসৰ চুলি৷ এই দৃষ্টিশক্তিয়ে নন্দক গভীৰভাৱে প্ৰভাৱিত কৰিছিল; তেওঁৰ অভ্যন্তৰলৈকে জোকাৰি গ’ল। এই মুখামুখী প্ৰতিমূৰ্তিটো নন্দাক দেখুৱাই বুদ্ধই তেওঁক সংসাৰৰ ক্ষয়িষ্ণু নিয়মটো এনেদৰে বুজাব পাৰিলে যে, তেওঁ ইয়াৰ সত্যক সম্পূৰ্ণৰূপে মানি ল’লে আৰু তাৰ দ্বাৰা নিৰ্ব্বানৰ পৰম আনন্দ লাভ কৰিলে। পিছলৈ বুদ্ধই তেওঁৰ সতীয়া ভনীয়েকক জ্ঞান চৰ্চা কৰা ভিক্ষুণীসকলৰ ভিতৰত আগশাৰীৰ বুলি স্বীকৃতি দিয়ে। যেনেদৰে নন্দাই পদুমুত্তৰা বুদ্ধৰ আগত তেওঁৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ অৰ্থ আছিল যে, তেওঁ কেৱল অন্তৰ্দৃষ্টিৰ বিশ্লেষণাত্মক পদ্ধতি অনুসৰণ কৰাই নহয়, শান্তিৰ অভিজ্ঞতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। এই বিশুদ্ধ মংগল উপভোগত বাদে তেওঁক আৰু কোনো কায়িক উপভোগৰ প্ৰয়োজন নাছিল আৰু আত্মীয়ৰ প্ৰতি থকা মোহৰ বাবে সংঘৰ সদস্য হোৱাৰ পিছতো অতি সোনকালেই অন্তৰৰ শান্তি বিচাৰি পাইছিল।[4]