এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
সুন্দৰী সাপ (Chrysopelea ornata) | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Colubridae |
উপপৰিয়াল: | Colubrinae |
গণ: | Chrysopelea |
প্ৰজাতি: | C. ornata |
বৈজ্ঞানিক নাম | |
Chrysopelea ornata (Shaw, 1802) |
সুন্দৰী সাপ (ইংৰাজী: Ornate Flying Snake, বৈজ্ঞানিক নাম:Chrysopelea ornata) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি। বৰ্তমানলৈকে ইয়াৰ তিনিটা উপ-প্ৰজাতি চিনাক্ত হৈছে। সুন্দৰী সাপক অসমৰ ঠাইভেদে কালনাগ,মণিৰাজ,উৰণীয়া সাপ বুলিও জনা যায়।[1]
সুন্দৰী সাপ দেখাত সেউজীয়া বৰণৰ। ইয়াৰ সমগ্ৰ দেহত ক'লা বৰণৰ পথালি আঁচ কিছুমান থকা দেখা যায়। ইয়াৰ মূৰ চেপেটা আৰু চকু ঘূৰণীয়া আকাৰৰ আৰু ডাঙৰ হয়। [2]
এই সাপবিধৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১১.৫-১৩০ ছে:মি: পৰ্যন্ত হ'ব পাৰে। [3] ইয়াৰ নেজডাল দেহৰ দৈৰ্ঘ্যৰ প্ৰায় এক-চতুৰ্থাংশ। [3]
এই সাপবিধ প্ৰধানকৈ ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, লাওছ, কম্বোডিয়া, ভিয়েটনাম, চীন, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে। ভাৰতত ই ঘাইকৈ পশ্চিমবংগ, উত্তৰ ভাৰত, বিহাৰৰ পৰা উত্তৰ-পূব ভাৰতত দেখিবলৈ পোৱা যায়[4]। তদুপৰি আন্দামান দ্বীপপূঞ্জতো ইয়াক সতকাই দেখা যায়।[2]
সুন্দৰী সাপৰ প্ৰধানকৈ তিনিবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে-
সুন্দৰী সাঁপ (Chrysopelea ornata) প্ৰায়েই গছত থাকে আৰু দিনৰ ভাগত সক্ৰিয়। সততে ইহঁতক তামোল, নাৰিকল বা শিলৰ থিয় গৰাত অনায়াসে ভাঁজ দি (সৰ্পিল গতি) উঠা নমা কৰোঁতে সিহঁতে যি কণ খহতা পৃষ্ঠ পায়, তাতে গাত থকা বাকলিৰ সহায়ত অতি সহজে বগাই যায়।
সুন্দৰী সাঁপ সহজে শংকিত হোৱা, যথেষ্ট তীব্ৰবেগী। আমনি পালে পলাবলৈ চেষ্টা কৰে কিন্তু ধৰিলে খুটিবলৈ কুণ্ঠাবোধ নকৰে। ইহঁত সামান্যভাৱে বিষাক্ত কিন্তু মানুহৰ বাবে বিপদজনক নহয়। সিহঁতৰ বিষ তীব্ৰবেগী দিনত ওলোৱা চিকাৰক অৱশ কৰিবৰ বাবেহে।
C. ornata takes small arboreal prey, such as lizards, bats and small rodents.[5] It might also feed on bird eggs and insects.
Breeding habits are little known. The snake is oviparous[6] and six to twelve elongated eggs[2] are laid. Gravid females have been obtained in May and June and hatchlings in June. In Bangkok, according to Smith, mating takes place in June. Hatchlings measure 114–152 mm (4½ to 6 in) long, while the smallest gravid female recorded was 1,093 mm (3 ft 7 in) long.[2]
<ref>
টেগ;
ReptileDB
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাইৱিকিমিডিয়া কমন্সত সুন্দৰী সাপ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |