সুপ্ৰিয়া কাপুৰ | |
---|---|
![]() ২০১৫ত সুপ্ৰিয়া | |
জন্ম | সুপ্ৰিয়া পাঠক ০৭ জানুৱাৰী, ১৯৬১ (৬৪ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
শিক্ষা | চাৰুকলাত স্নাতক (নৃত্য) |
শিক্ষানুষ্ঠান | নালন্দা নৃত্য গৱেষণা কেন্দ্ৰ, মুম্বাই বিশ্ববিদ্যালয় |
পেচা | অভিনত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৮১ৰ পৰা বৰ্তমানলৈ |
উল্লেখযোগ্য কৰ্ম |
|
দূৰদৰ্শন | খিছৰি (২০০২ টিভি ধাৰাবাহিক) |
দাম্পত্যসঙ্গী | পংকজ কাপুৰ বি.১৯৮৮ |
সন্তান | ২ |
আত্মীয়-স্বজন |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা (১৯৮২, ১৯৮৩, ২০১৩) |
সুপ্ৰিয়া কাপুৰ ({ইংৰাজী: Supriya Kapoor; জন্ম ৭ জানুৱাৰী ১৯৬১)[1] এগৰাকী হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ভাৰতীয় অভিনেত্ৰী। তেওঁ খিচড়ি শৃংখলাৰ হংসা পাৰেখৰ চৰিত্ৰত অভিনয় আৰু সঞ্জয় লীলা ভাঞ্চালীৰ গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলাত "ধনকোৰ বা"ৰ বিদ্ৰূপাত্মক অৱতাৰৰ বাবে বিশেষভাবে জনাজাত।[2]
সুপ্ৰিয়াৰ মাক আছিল কাথিয়াৱাড়ী গুজৰাটী থিয়েটাৰৰ শিল্পী আৰু প্ৰবীণ অভিনেত্ৰী দীনা পাঠক আৰু দেউতাক আছিল তাৰকা ৰাজেশ খান্না আৰু দিলীপ কুমাৰৰ পোছাক নিৰ্মাতা পাঞ্জাবী সম্প্ৰদায়ৰ বলদেৱ পাঠক। [3] তেওঁৰ বায়েক ৰত্ন পাঠকো এগৰাকী থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। সুপ্ৰিয়া পাঠক মুম্বাইৰ দাদৰৰ পাৰ্চী কলনীত ডাঙৰ-দীঘল হয় [4] আৰু জে.বি. ৱাছা হাইস্কুলত পঢ়া-শুনা কৰে। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ নালন্দা নৃত্য গৱেষণা কেন্দ্ৰৰ পৰা ভাৰতনাট্যম বিশেষ বিষয় হিচাপে লৈ চাৰুকলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।[4][5]
পাঠকে মাকে পৰিচালনা কৰা নাটক মাইনা গুৰজাৰীৰে অভিনয়ৰ জগতত প্ৰথম প্ৰৱেশ কৰে। এই নাটখন পূৰ্বে মাক দীনা পাঠকেও অভিনয় কৰিছিল।[4] ইয়াৰ পিছত তেওঁ দিনেশ ঠাকুৰৰ সৈতে পৃথ্বি থিয়েটাৰত মঞ্চস্থ কৰা ফৰাচী নাট্যকাৰ মলিয়েঁৰৰ নাটকৰ আধাৰত ৰচিত বিৱিয়োঁ কা মাদেৰ্চা শীৰ্ষক এখন নাটকত অভিনয় কৰে। ইয়াতেই তেওঁক শশী কাপুৰৰ পত্নী জেনিফাৰ কেণ্ডেলে দেখা পায় আৰু মহাকাব্য মহাভাৰতৰ অভিযোজনা কলিয়ুগৰ (১৯৮১) বাবে কাষ্টিং কৰিবলৈ শ্যাম বেনেগলক অনুৰোধ কৰে। এই ছবিখনৰ সুভদ্ৰাৰ চৰিত্ৰৰ অভিনয়ৰ বাবে তেওঁক শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। পাঠকে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি হ’ল- বিজেতা (১৯৮২), বাজাৰ (১৯৮২),মাচুম (১৯৮৩) আৰু মিৰ্চ মচালা। জীৱনভিত্তিক ছবি গান্ধীত (১৯৮২) তেওঁ সৰু চৰিত্ৰ এটাত অভিনয় কৰে। ১৯৮৮ চনৰ ফৰাচী চলচ্চিত্ৰ দ্য বেংগলী নাইটতো তেওঁ অভিনয় কৰে। ১৯৮৯ চনত মু্ক্তিপ্ৰাপ্ত ৰাখতো তেওঁ ভুমুকি মাৰিছিল।[6]
২২ বছৰ বয়সত পাঠকে মাক দীনা পাঠকৰ বন্ধুৰ পুত্ৰক বিয়া কৰায়।[3] কিন্তু এবছৰৰ ভিতৰতে দুয়োৰো এৰাএৰি হয়। ১৯৮৬ চনত তেওঁ কেতিয়াও মুক্তি নোপোৱা সাগৰ ছাৰহাদীৰ অগলা মৌচমৰ চিত্ৰগ্ৰহণ কৰোঁতে বৰ্তমানৰ স্বামী পংকজ কাপুৰক লগ পায়। কাপুৰে ইয়াৰ আগতে কথক নৃত্যশিল্পী আৰু অভিনেত্ৰী নীলিমা আজিমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, যাৰ ফালৰ পৰা তেওঁৰ এজন পুত্ৰও আছিল। সেই সতীয়া পুত্ৰজনেই হিন্দী চলচ্চিত্ৰৰ অভিনেতা শ্বাহিদ কাপুৰ। [4] দুবছৰৰ প্ৰেমৰ পিছত তেওঁলোকে ১৯৮৮ চনত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোক এহাল ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃ হয়। [4] তেওঁলোকৰ ছোৱালী চানাহে (জন্ম ১৯৯০) ছানদাৰ (২০১৫) ছবিৰ যোগে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
![]() |
ৱিকিমিডিয়া কমন্সত সুপ্ৰিয়া পাঠক সম্পৰ্কীয় মিডিয়া ফাইল আছে। |