সুব্ৰমনিয়ম জয়শংকৰ | |
---|---|
![]() | |
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩০ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | সুষমা স্বৰাজ |
ভাৰতৰ ৩১তম বিদেশ সচিব | |
কাৰ্যকাল ২৮ জানুৱাৰী ২০১৫ – ২৮ জানুৱাৰী ২০১৮ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | সুজাতা সিং |
উত্তৰসূৰী | বিজয় কেশৱ গোখলে |
আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভাৰতৰ ৰাষ্ট্ৰদূত | |
কাৰ্যকাল ১ ডিচেম্বৰ ২০১৩ – ২৮ জানুৱাৰী ২০১৫ | |
পূৰ্বসূৰী | নিৰুপমা ৰাও |
উত্তৰসূৰী | অৰুণ কুমাৰ সিং |
চীনলৈ ভাৰতৰ ৰাষ্ট্ৰদূত | |
কাৰ্যকাল ১ জুন ২০০৯ – ১ ডিচেম্বৰ ২০১৩ | |
পূৰ্বসূৰী | নিৰুপমা ৰাও |
উত্তৰসূৰী | অশোক কণ্ঠা |
চিংগাপুৰলৈ ভাৰতৰ উচ্চায়ুক্ত | |
কাৰ্যকাল ১ জানুৱাৰী ২০০৭ – ১ জুন ২০০৯ | |
উত্তৰসূৰী | টি.চি.এ. ৰাঘৱন |
চেক গণৰাজ্যলৈ ভাৰতৰ ৰাষ্ট্ৰদূত | |
কাৰ্যকাল ১ জানুৱাৰী ২০০১ – ১ জানুৱাৰী ২০০৪ | |
উত্তৰসূৰী | পি.এছ. ৰাঘৱন |
ব্যক্তিগত তথ্য | |
জন্ম | ৯ জানুৱাৰী, ১৯৫৫ (৭০ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | ক্যক' জয়শংকৰ |
সন্তান | ৩ |
শিক্ষানুষ্ঠান | চেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী (বি.এ.) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (এম.এ., এম.ফিল., পি.এইছ.ডি.) |
পেচা | কূটনীতিবিদ ৰাজনীতিবিদ |
পুৰস্কাৰ | পদ্মশ্ৰী (২০১৯) |
সুব্ৰমনিয়ম জয়শংকৰ (ইংৰাজী: Subrahmanyam Jaishankar; জন্ম ৯ জানুৱাৰী ১৯৫৫) এগৰাকী কূটনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল।[1] তেওঁ ১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ (২০১৪-২০১৫), চীন (২০০৯-২০১৩) আৰু চেক গণৰাজ্যলৈ (২০০১-০৪) ভাৰতৰ ৰাষ্ট্ৰদূত আৰু চিংগাপুৰলৈ (২০০৭-০৯) ভাৰতৰ উচ্চায়ুক্ত আছিল। তেওঁ ভাৰত-আমেৰিকাৰ অসামৰিক পাৰণৱিক চুক্তি ৰূপায়ণত অহোপুৰুষাৰ্থ কৰিছিল।
বিদেশ সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ টাটা চনছ্তত গ্লোৱেল কৰ্পোৰেট এফেয়াৰৰ অধ্যক্ষ হিচাপে যোগদান কৰে।[2] ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3] ২০১৯ চনৰ ৩০ মে' তাৰিখে তেওঁ মোদী দ্বিতীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰে।[4] ২০১৯ চনৰ ৩১ মে' তাৰিখে তেওঁক ভাৰতৰ বিদেশ মন্ত্ৰীৰ কাৰ্যভাৰ অৰ্পণ কৰা হয়। ভাৰতৰ বিদেশ মন্ত্ৰী পদ লাভ কৰা জয়শংকৰ প্ৰথম গৰাকী বিদেশ সচিব।[5]