সুলোচনা লাটকৰ

সুলোচনা লাটকৰ

২০১১ চনত লাটকৰ
জন্ম ৰংগু দিৱান [1]
৩০ জুলাই, ১৯২৮
বেলগাম, বোম্বে প্ৰচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান কৰ্ণাটকত)
মৃত্যু ০৪ জুন, ২০২৩ (৯৪ বছৰ)
দাদৰ, মুম্বাই, মহাৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৬- ১৯৮৮

সুলোচনা লাটকৰ (জন্ম: ৰংগু দিৱান ; ইংৰাজী: Sulochana Latkar ; ৩০ জুলাই ১৯২৮ – ৪ জুন ২০২৩), মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আছিল, যাক পৰ্দাৰ নাম সুলোচনা নামেৰে অধিক পৰিচিত। তেওঁ মাৰাঠী ভাষাত ৫০খন ছবি আৰু হিন্দী ভাষাত প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছিল। শশুৰবাস (১৯৪৬), মীথ ভাকৰ (১৯৪৯), বাহিনীচ্যা বাঙ্গদ্যা (১৯৫৩), ভক্তি যাঊ (১৯৫৮) আৰু সংগত আইকা (১৯৫৯) আদি মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ[2] লগতে ১৯৫৯ চনৰ পৰা হিন্দী ছবিত কৰা মাকৰ চৰিত্ৰৰ বাবেও তেওঁ বেছিকৈ পৰিচিত আছিল। তেওঁ আৰু নিৰুপা ৰায়ে ১৯৫৯ চনৰ পৰা ১৯৯০ দশকৰ আগডোখৰলৈকে "মাক"ৰ চৰিত্ৰসমূহৰ সাৰ্থক ৰূপ দিছিল।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

লাটকৰ মুম্বাইৰ প্ৰভাদেৱীত বাস কৰিছিল।[4] ১৪ বছৰ বয়সত তেওঁৰ বিয়া হৈ গৈছিল। তেওঁৰ কন্যা কাঞ্চন ঘনেকাৰ মাৰাঠী মঞ্চৰ ছুপাৰষ্টাৰ ড°কাশীনাথ ঘনেকাৰৰ পত্নী আছিল।[5]

২০২৩ চনৰ ৪ জুনত মুম্বাইৰ দাদৰৰ শুশ্ৰুষা চিকিৎসালয়ত শ্বাস-প্ৰশ্বাসজনিত বিকলতাৰ বাবে লাটকাৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]