সুশান্ত বৰগোহাঁই | |
---|---|
![]() | |
অসম বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২ নবেম্বৰ ২০২১ | |
পূৰ্বসূৰী | কুশল দেউৰী |
সমষ্টি | থোৱাৰা সমষ্টি |
অসম বিধানসভাৰ সদস্য | |
কাৰ্যকাল ২০১১ – ২০১৬ | |
পূৰ্বসূৰী | কুশল দেউৰী |
উত্তৰসূৰী | কুশল দেউৰী |
সমষ্টি | থোৱাৰা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ২৭ এপ্ৰিল শিৱসাগৰ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতিয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | অংকিতা চাংমাই |
বাসস্থান | ডিমৌ, অসম |
শিক্ষা | বিএ. |
শিক্ষানুষ্ঠান | ভিকেভি ডিগবৈ; ত্ৰিবেণী একাডেমী (উচ্চতৰ মাধ্যমিক),তামিলনাডু; নন্দলাল বৰগোহাঁই চিটি কলেজ (বিএ); দিল্লী বিশ্ববিদ্যালয় |
জীৱিকা | ব্যৱসায়ী |
সুশান্ত বৰগোহাঁই (ইংৰাজী: Sushanta borgohain; ২৭ এপ্ৰিল ১৯৭৪) অসমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। লগতে তেওঁ এজন বাইক আৰোহীও।
বৰগোহাঁইৰ জন্ম হৈছিল শিৱসাগৰত। ডিগবৈৰ ভি কে ভিত স্কুলীয়া শিক্ষা সাং কৰি পৰৱৰ্তী সময়ত তামিলনাডুৰ ত্ৰিবেনী একাডেমীৰ পৰা হাইস্কুলত উত্তীৰ্ণ হয়।
তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ থোৱাৰাৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। [1] [2] ইয়াৰ পূৰ্বে তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল [3] [4] ২০২১ চনৰ জুন মাহত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অভ্যন্তৰীণ মতানৈক্যৰ বাবে পদত্যাগ কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। [5]