সুশ্ৰুত

মহৰ্ষি
সুশ্ৰুত

সুশ্ৰুতৰ নক্সা
জন্ম খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ মাজভাগ
কাশী ৰাজ্য[2]
জনা যায় সুশ্ৰুত সংহিতাৰ লেখক।
শৈক্ষিক কৰ্ম
শাখা ঔষধি চিকিৎসা, দন্ত চিকিৎসা, প্ৰসূতি আৰু স্ত্ৰীৰোগ
প্ৰতিষ্ঠানসমুহ বেনাৰস বিশ্ববিদ্যালয়[1]


সুশ্ৰুত (ইংৰাজী: Sushruta; Substrata[3]) চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাচীন গ্ৰন্থ হিচাপে গণ্য কৰা সুশ্ৰুত সংহিতা(সুশ্ৰুতৰ সংকলন)ৰ তালিকাভুক্ত লেখক। ইয়াক আয়ুৰ্বেদৰ মূল গ্ৰন্থ বুলিও গণ্য কৰা হয়।[4] গ্ৰন্থখনে সাধাৰণ চিকিৎসা বিজ্ঞানৰ সকলো দিশকে সামৰি লৈছে, শল্য চিকিৎসাৰ ওপৰত আকৰ্ষণীয় অধ্যায় অন্তৰ্ভুক্ত কৰাৰ দ্বাৰা ইয়াৰ গুৰুত্ব প্ৰদৰ্শন কৰি ই বহুতক বিশ্বাস কৰিবলৈ বাধ্য কৰিব পাৰে যে ইয়েই গ্ৰন্থৰ প্ৰধান কেন্দ্ৰবিন্দু। অনুবাদক জি ডি সিংঘালে শল্য চিকিৎসাৰ এই বিশদ বিৱৰণীসমূহৰ বাবেই “সুশ্ৰুত’’ক “প্লাষ্টিক চাৰ্জাৰীৰ পিতৃ’’ বুলি অভিহিত কৰিছিল।[5][6][7][8]

পণ্ডিতসকলে সাধাৰণতে মানি লয় যে, এই গ্ৰন্থত অৰিহণা যোগোৱা কেইবাজনো প্ৰাচীন লেখকক সামূহিকভাৱে "সুশ্ৰুত" বুলি কোৱা হয়।[9] সুশ্ৰুতৰ সংকলন মতে, ইয়াৰ লেখক ভাৰতৰ বাৰাণসী অঞ্চলৰ।[10]

১৯৮৫ চনত ৰাওয়ে মূল “স্তৰ’’ৰ লেখক “বৃদ্ধ সুশ্ৰুত’’ বুলি মত প্ৰকাশ কৰিছিল যদিও প্ৰাচীন সংস্কৃত সাহিত্যত এই নাম ক’তো দেখা নাযায়। ৰাওয়ে কয় যে, এই গ্ৰন্থখন বহু বছৰ পিছত “আন এজন সুশ্ৰুতে, তাৰ পিছত নাগাৰ্জুনে, আৰু পিছত “উত্তৰ-তন্ত্ৰ’’ গ্ৰন্থখনৰ পৰিপূৰক হিচাপে যোগ কৰি সম্পাদনা কৰা হৈছিল।[11] পণ্ডিতসকলে সাধাৰণতে মানি লয় যে, এই গ্ৰন্থত অৰিহণা যোগোৱা “সুশ্ৰুত’’ নামৰ কেইবাজনো প্ৰাচীন লেখক আছিল।[9]

প্ৰবীণ পণ্ডিত ৰুডলফ হ’ৰ্ণলেই প্ৰস্তাৱ দিছিল যে, সুশ্ৰুত-সংহিতাৰ কিছু ধাৰণা খৃষ্টপূৰ্ব ৬০০ বছৰ আগৰ শতপথ-ব্ৰাহ্মণত পোৱা যায়। কিন্তু যোৱা শতিকাৰ ভিতৰত ভাৰতীয় চিকিৎসা সাহিত্যৰ ইতিহাসৰ ওপৰত পাণ্ডিত্যৰ যথেষ্ট উন্নতি হৈছে আৰু সুশ্ৰুত-সংহিতা কেইবাটাও ঐতিহাসিক স্তৰৰ গ্ৰন্থ বুলি দৃঢ় প্ৰমাণ জমা হৈছে। ইয়াৰ ৰচনা হয়তো যোৱা খ্ৰীষ্টপূৰ্ব শতিকাবোৰত আৰম্ভ হৈছিল, ইয়াৰ বৰ্তমানৰ ৰূপটো আন এজন লেখকে সম্পূৰ্ণ কৰিছিল, যিয়ে ইয়াৰ প্ৰথম পাঁচটা অধ্যায় সম্পাদনা কৰিছিল আৰু দীঘলীয়া, অন্তিম অধ্যায় “উত্তৰতন্ত্ৰ’’ যোগ কৰিছিল। সম্ভৱতঃ খ্ৰীষ্টীয় চতুৰ্থ আৰু পঞ্চম শতিকাৰ ভিতৰত লিখা চৰক সংহিতাৰ অৱদানকাৰী পণ্ডিত দৃধাবালে সুশ্ৰুত-সংহিতা জানিছিল।[12] তদুপৰি, কেইবাজনো প্ৰাচীন ভাৰতীয় লেখকে "সুশ্ৰুত" নামটো ব্যৱহাৰ কৰাৰ ফলত এটা মতৰ আনুমানিক ভুল বিয়পি পৰিছিল।[12]

উদ্ধৃতিসমূহ

[সম্পাদনা কৰক]

১৯০৭ চনত ভীষগ্ৰত্ন নামৰ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ এজন প্ৰভাৱশালী অনুবাদকে যুক্তি দিছিল যে, সুশ্ৰুত প্ৰাচীন ঋষি বিশ্বমিত্ৰৰ অন্যতম পুত্ৰ।[13] ভীষগ্ৰত্নই এই কথাও দৃঢ়তাৰে কৈছিল যে, বিশ্বামিত্ৰ যি বংশৰ অন্তৰ্গত আছিল সেই বংশৰ নাম সুশ্ৰুত।[13] ১৯৯৯ চনত প্ৰকাশিত পাঁচ খণ্ডৰ ভাৰতীয় চিকিৎসা সাহিত্যৰ ইতিহাসৰ ৭ নং অধ্যায়ত চিকিৎসক-পণ্ডিত গেৰিট জান মেউলেনবেল্ডে সুশ্ৰুতৰ পৰিচয় আৰু সুশ্ৰুত সংহিতাৰ প্ৰকাশৰ ইতিহাসৰ ওপৰত বিভিন্ন তত্ত্ব সামৰি লৈছে।[14] হালধিৰ ঔষধি গুণৰ ওপৰত লিখা এখন গ্ৰন্থত সুশ্ৰুত নামটো হিমালয়ৰ দহজন ঋষিৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হৈছে, যি তথ্য খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ “বাৱাৰ পাণ্ডুলিপি’’তো পোৱা গৈছিল।[15]

অনুগামীসকল

[সম্পাদনা কৰক]

সুশ্ৰুতই কেইবাজনো শিষ্যক আকৰ্ষণ কৰিছিল, যিসকলক সৌশ্ৰুত নামেৰে জনা যায়। তেওঁলোকে শল্য চিকিৎসাৰ ব্যৱহাৰিক প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগতে ছবছৰ অধ্যয়ন কৰিবলগীয়া হৈছিল। প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগতে তেওঁলোকে নিজকে নিৰাময়ৰ বাবে উৎসৰ্গা কৰা আৰু আনৰ কোনো ক্ষতি নকৰাৰ গম্ভীৰ শপত খাইছিল, যিটো প্ৰায়ে হিপ’ক্ৰেটিক শপতৰ সৈতে তুলনা কৰা হয়। সুশ্ৰুতই ছাত্ৰ-ছাত্ৰীসকলক গ্ৰহণ কৰাৰ পিছত তেওঁ তেওঁলোকক শাক-পাচলি বা মৰা জীৱ-জন্তু কাটি অভ্যাস কৰি অস্ত্ৰোপচাৰৰ নিৰ্দেশনা দিছিল, যাতে কোনো ছিদ্ৰৰ দৈৰ্ঘ্য আৰু গভীৰতা নিখুঁত হয়। এবাৰ ছাত্ৰ-ছাত্ৰীসকলে গছ-গছনি, জীৱ-জন্তুৰ মৃতদেহ বা কোমল বা পচি যোৱা কাঠৰ ক্ষেত্ৰত নিজকে সক্ষম বুলি প্ৰমাণ কৰিলে – আৰু ৰোগীৰ প্ৰকৃত পদ্ধতি সযতনে পৰ্যবেক্ষণ কৰিলে – তাৰ পিছত তেওঁলোকক নিজাকৈ অস্ত্ৰোপচাৰ কৰিবলৈ দিয়া হয়। এই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ গুৰুৱে শৰীৰবিজ্ঞানকে ধৰি চিকিৎসা কলাৰ প্ৰতিটো দিশতে প্ৰশিক্ষণ দিছিল।[16][17]

চিকিৎসা আৰু চিকিৎসকৰ ওপৰত সুশ্ৰুত

[সম্পাদনা কৰক]

সুশ্ৰুতে সুশ্ৰুত সংহিতাখন চিকিৎসকৰ বাবে নিজৰ ৰোগীক সামগ্ৰিকভাৱে চিকিৎসা কৰিবলৈ নিৰ্দেশনা পুস্তিকা হিচাপে লিখিছিল। তেওঁ দাবী কৰিছিল (চৰকৰ নিয়ম অনুসৰণ কৰি), শৰীৰৰ ভাৰসাম্যহীনতাৰ বাবেই ৰোগ হয় আৰু আনৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰা বা হেৰাই গ’লে পুনৰ ঘূৰাই অনাটো চিকিৎসকৰ কৰ্তব্য। ইয়াৰ বাবে চিকিৎসা বিজ্ঞানৰ চৰ্চাত নিয়োজিত যিকোনো ব্যক্তিয়ে নিজেই ভাৰসাম্য ৰক্ষা কৰিব লাগিছিল। সুশ্ৰুতে এগৰাকী নাৰ্ছৰ ওপৰত গুৰুত্ব আৰোপ কৰি আদৰ্শ চিকিৎসা বিজ্ঞানীক এইদৰে বৰ্ণনা কৰিছে:

কেৱল সেইজন ব্যক্তিয়েই নাৰ্চিং কৰাৰ, বা ৰোগীৰ বিচনাৰ কাষত উপস্থিত থকাৰ উপযুক্ত, যিজন শীতল মগজুৰ আৰু সুখদায়ক আচৰণৰ অধিকাৰী, কাকো বেয়া কথা নকয়, শক্তিশালী আৰু ৰোগীৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগী, আৰু চিকিৎসকৰ নিৰ্দেশনা কঠোৰ আৰু অক্লান্তভাৱে পালন কৰে।[18]

লণ্ডনৰ পৰা প্ৰকাশিত ১৭৯৪ চনৰ অক্টোবৰ সংস্কৰণৰ দ্য জেণ্টলমেনছ মেগাজিনৰ প্ৰতিবেদনৰ ভিত্তিত ভাৰতীয়সকলে ১৮ শতিকাৰ শেষলৈকে সুশ্ৰুতৰ অস্ত্ৰোপচাৰ পদ্ধতি বজাই ৰাখিছিল।[19] সুশ্ৰুতক মেলেৰিয়াৰ কাৰণ মহ বুলি কোৱা; প্লেগৰ বিস্তাৰৰ কাৰণ এন্দুৰৰ লগত সংযোগ কৰা, আক্ৰান্ত ব্যক্তিৰ প্ৰস্ৰাৱ পৰীক্ষা কৰি, ইয়াক মৌৰ দৰে মিঠা সোৱাদ থকা বুলি বৰ্ণনা কৰি মধুমেহৰ আগতীয়া নিদান দিয়া প্ৰথম ব্যক্তি বুলিও কোৱা হয়।[20]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Bath, Khushbir; Aggarwal, Sourabh; Sharma, Vishal (2019). "Sushruta: Father of plastic surgery in Benares". Journal of Medical Biography খণ্ড 27 (1): 2–3. doi:10.1177/0967772016643463. PMID 27885151. 
  2. সুশ্ৰুতৰ সংক্ষিপ্ত ৰূপ
  3. Monier-Williams, Monier (1899). A Sanskrit-English Dictionary. প্ৰকাশক Oxford: Clarendon Press. পৃষ্ঠা. 1237. http://www.sanskrit-lexicon.uni-koeln.de/cgi-bin/monier/serveimg.pl?file=/scans/MWScan/MWScanjpg/mw1237-suvarNya.jpg. 
  4. Wujastyk, Dominik (2003). The Roots of Ayurveda. Penguin. ISBN 978-0-14-044824-5. OCLC 708372480. [পৃষ্ঠা নং প্ৰয়োজন]
  5. Susruta; Singh, K. P; Singh, L. M; Singhal, G. D; Udupa, K. N (1972) (Sanskrit ভাষাত). Susruta-samhita. প্ৰকাশক Allahabad: G.D. Singhal. OCLC 956916023. [পৃষ্ঠা নং প্ৰয়োজন]
  6. Singhal, G.D.; Dwivedi, R.N. (1976). Toxicological Considerations in ancient Indian surgery. Ancient Indian Surgery Series; 7. Singhal Publications. OCLC 581768392. [পৃষ্ঠা নং প্ৰয়োজন]
  7. Champaneria, Manish C.; Workman, Adrienne D.; Gupta, Subhas C. (July 2014). "Sushruta: Father of Plastic Surgery". Annals of Plastic Surgery খণ্ড 73 (1): 2–7. doi:10.1097/SAP.0b013e31827ae9f5. PMID 23788147. 
  8. Kansupada, K. B.; Sassani, J. W. (1997). "Sushruta: the father of Indian surgery and ophthalmology". Documenta Ophthalmologica. Advances in Ophthalmology খণ্ড 93 (1–2): 159–167. doi:10.1007/BF02569056. PMID 9476614. 
  9. 9.0 9.1 Meulenbeld, Gerrit Jan (1999). A History of Indian Medical Literature. প্ৰকাশক Groningen: Brill (all volumes, 1999-2002). ISBN 978-9069801247. সাঁচ:Pageneeded
  10. Singh, Vibha (2017). "Sushruta: The father of surgery". National Journal of Maxillofacial Surgery খণ্ড 8 (1): 1–3. doi:10.4103/njms.NJMS_33_17. PMID 28761269. 
  11. Ramachandra S.K. Rao, Encyclopaedia of Indian Medicine: historical perspective, Volume 1, 2005 Reprint (Original: 1985), pp 94-98, Popular Prakashan
  12. 12.0 12.1 Meulenbeld, Gerrit Jan (1999). A History of Indian Medical Literature. E. Forsten. পৃষ্ঠা. 333–357. ISBN 978-90-6980-124-7. 
  13. 13.0 13.1 Bhishagratna, Kunjalal (1907). An English Translation of the Sushruta Samhita, based on Original Sanskrit Text. প্ৰকাশক Calcutta: Calcutta. পৃষ্ঠা. ii (introduction). https://archive.org/stream/englishtranslati01susruoft#page/n17/mode/2up/search/Vishvamitra. 
  14. Meulenbeld, Gerrit Jan (1999) (English ভাষাত). History of Indian Medical Literature. 1A. প্ৰকাশক Groningen: Egbert Forsten Publishing. পৃষ্ঠা. 333–357. ISBN 978-90-6980-124-7. OCLC 165833440. https://archive.org/details/Meulenbeld-HIML/HIML%201A%20/page/332/mode/2up. 
  15. Wujastyk, Dominik (2003). The Roots of Ayurveda. প্ৰকাশক London etc.: Penguin. পৃষ্ঠা. 149–160. ISBN 978-0140448245. 
  16. "Sushruta" (en ভাষাত). World History Encyclopedia. https://www.worldhistory.org/sushruta/। আহৰণ কৰা হৈছে: 2021-05-15. 
  17. HS Shukla, M Tewari. "Sushruta:'The Father of Indian Surgery'". Indian Journal of Surgery খণ্ড 67: 2. http://www.bioline.org.br/pdf?is05075. 
  18. Lal Bhishagratna, Kaviraj Kunja (1907–1916). THE SUSHRUTA SAMHITA. https://www.rarebooksocietyofindia.org/book_archive/196174216674_10154370772061675.pdf. 
  19. Davidson, Terence M. (January 1979). "The source book of plastic surgery. Edited by Frank McDowell, 509 pp, illus, Williams & Wilkins, Baltimore, 1977. $49.95". Head & Neck Surgery খণ্ড 1 (3): 281–282. doi:10.1002/hed.2890010313. 
  20. [1],Sushruta: The Father of Indian Surgical History PMID: 38596573 PMC11000756 DOI: 10.1097/GOX.0000000000005715