সুহাসিনী মুলে | |
---|---|
![]() ২০১৭ চনত মুলে | |
জন্ম | ২০ নৱেম্বৰ, ১৯৫০ (৭৪ বছৰ) পাটনা, বিহাৰ, ভাৰত |
সক্ৰিয় হৈ থকা সময় | ১৯৬৯-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | অতুল গুৰ্টু (বি. ২০১১)[1] |
সুহাসিনী মুলে (ইংৰাজী: Suhasini Muley; জন্ম : ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[2][3][4][5] জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।[6]
মাৰাঠী ভাষী পৰিয়াল এটাত জন্মগ্ৰহণ কৰা সুহাসিনীয়ে বিহাৰৰ পাটনাত শৈশৱৰ সময়খিনি কটায়। মাত্ৰ তিনি বছৰ বয়সতে দেউতাকক হেৰুৱায়। মাক, বিখ্যাত তথ্যচিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ইতিহাসবিদ বিজয়া মুলেই তেওঁক লালন-পালন কৰে। মাকৰ অনুপ্ৰেৰণাতে সুহাসিনী ছবিৰ প্ৰতি আকৰ্ষিত হয়।[7] দীৰ্ঘ সময়ৰ বাবে লিভ-ইনত থকা সুহাসিনীৰ ১৯৯০ চনত সম্পৰ্কৰ যবনিকা ঘটে। ২০১১ চনৰ ১৬ জানুৱাৰীত তেওঁ আৰ্য সমাজৰ এজন পদাৰ্থবিজ্ঞানী অধ্যাপক অতুল গুৰ্টুৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1]
১৯৬৫ চনত পিয়াৰ্ছ চাবোনে তেওঁলোকৰ বিজ্ঞাপনৰ বাবে তেওঁক মডেল হিচাপে বাচনি কৰা হয়। এই বিজ্ঞাপনটোৱে মৃণাল সেনৰ দৃষ্টি আকৰ্ষণ কৰিছিল; যাৰবাবে তেওঁক ভুৱন সোমৰ (১৯৬৯) বাবে চুক্তিবদ্ধ কৰা হৈছিল।[8] যদিও ভূৱন সোম ভাৰতীয় চিনেমাত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছিল তথাপিও সুহাসিনীয়ে অভিনয়ক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা নাছিল। বৰঞ্চ তেওঁ কানাডাৰ মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত ভূমি ৰসায়ন আৰু অণুজীৱবিজ্ঞানত কৃষি প্ৰযুক্তিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। তেওঁ একেখন বিশ্ববিদ্যালয়ৰ পৰাই চলচ্চিত্ৰ, ৰেডিঅ’, টিভি, সাংবাদিকতা আৰু ছপা মাধ্যমক প্ৰধান বিষয় হিচাপে গণসংযোগৰ ডিগ্ৰীও লাভ কৰে।
১৯৭৫ চনত সুহাসিনী ভাৰতলৈ উভতি আহি বঙালী ছবি জন অৰণ্যত সত্যজিত ৰায়ৰ সহায়ক হিচাপে কাম কৰে।[9] পিছলৈ তেওঁ মৃণাল সেনৰ মৃগয়াত সহকাৰী পৰিচালক হিচাপে অংশ লয়।[10] তেতিয়াৰ পৰাই তেওঁ সক্ৰিয়ভাৱে ছবি নিৰ্মাণ কৰি আহিছে আৰু ৬০খনতকৈও অধিক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে আৰু ইয়াৰে চাৰিটাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
ভূৱন সোমৰ প্ৰায় ৩০ বছৰৰ পিছত গুলজাৰৰ হু-তু-টুৰ জৰিয়তে তেওঁ বলীউডৰ মূলসুঁতিৰ চিনেমালৈ প্ৰত্যাৱৰ্তন কৰে। এই ছবিখনত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[11] তেতিয়াৰ পৰাই বলীউডত মাতৃৰ ভূমিকাত অভিনয় কৰি আহিছে। টেলিভিছন ধাৰাবাহিক জানে ক্যা বাত হুইতো তেওঁ কাম কৰিছে। ১৯৮২ চনত তেওঁ জাহ্ন বৰুৱাৰ অপৰূপাৰ নাম ভূমিকাত অভিনয় কৰে। অপৰূপাই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) লাভ কৰিছিল।
বৰ্য | বঁটা | শিতান | ছবি | ফলাফল | Ref. |
---|---|---|---|---|---|
১৯৮৩:৩০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ তথ্যচিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | এন ইণ্ডিয়ান ষ্টোৰী | বিজয়ী | [12] |
১৯৮৮:৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ভোপাল বিয়ণ্ড জেনোচাইড | বিজয়ী | [13] | ||
১৯৮৯: ৩৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ শৈক্ষিক/প্ৰেৰণামূলক/নিৰ্দেশনামূলক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | চিটঠি | বিজয়ী | [14] | |
১৯৯৮: ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ কলা/সাংস্কৃতিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | দ্য অফিচিয়েল আৰ্ট ফৰ্ম | বিজয়ী | [15] | |
২০০০: ৪৫তম ফিল্মফেয়াৰ বঁটা | ৪৫তম ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা | হু-তু-তু | মনোনীত | [16] |
২০০০: ৪৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | বিজয়ী | [17] |
![]() |
ৱিকিমিডিয়া কমন্সত সুহাসিনী মুলে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |