সুৰেখা চিক্ৰি | |
---|---|
![]() | |
জন্ম | ১৯ এপ্ৰিল, ১৯৪৬ মুম্বাই, ভাৰত |
মৃত্যু | ১৬ জুলাই, ২০২১ (৭৫ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৭৮-২০০১ |
জনা যায় | বালিকা বধু বধাই হৌ |
দাম্পত্যসঙ্গী | হেমন্ত ৰেগে |
সন্তান | ৰাহুল চিক্ৰি |
আত্মীয়-স্বজন | নাচিৰুদ্দিন শ্বাহ হীবা শ্বাহ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ফিল্মফেয়াৰ বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সংগীত নাটক একাডেমী বঁটা |
সুৰেখা চিক্ৰি (ইংৰাজী: Surekha Sikri; ১৯ এপ্ৰিল, ১৯৪৫ - ১৬ জুলাই, ২০২১)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মঞ্চ নাটকৰ সমান্তৰালকৈ দূৰদৰ্শনৰ ধাৰাবাহিক আৰু চিনেমাতো অভিনয় কৰিছিল। মঞ্চ জগতৰ কুশল শিল্পী চিক্ৰিয়ে ১৯৭৮ চনত ৰাজনৈতিক চিনেমা ‘কিচ্ছা কুৰচি্ কা’ৰ জড়িয়তে চিনেমাত পদাৰ্পন কৰে আৰু সহ-শিল্পী ৰূপে ভালেকেইখন হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। অভিনয়ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটাৰ[1] উপৰিও ১৯৮৯ চনত সংগীত নাটক একাডেমী বঁটাৰে বিভূষিত হৈছে। [2][3]
গোবিন্দ নিহালিনীৰ তমস (১৯৮৮ চন), শ্যাম বেনেগলৰ মাম্মু (১৯৯৫) আৰু অমিত শৰ্মাৰ বধাই হৌ (২০১৮) চলচ্চিত্ৰৰ বাবে সুৰেখাই তিনিবাৰকৈ শ্ৰেষ্ঠ সহশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[1] তেওঁ দূৰদৰ্শনৰ বালিকা বধু ধাৰাবাহিকৰ দাদিছা (কল্যাণী দেৱী) চৰিত্ৰৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল আৰু বালিকা বধুত কৰা অভিনয়ৰ বাবে ক্ৰমে ২০০৮ আৰু ২০১১ চনত শ্ৰেষ্ঠ অভিনেত্ৰী (ক্ৰিটিক)ৰ ‘ইণ্ডিয়ান টেলি এৱাৰ্ড’ লাভ কৰিছিল। ২০০৮ চনৰপৰা ২০১৬ চনলৈ তেওঁ এই ধাৰাবাহিকৰ অংশ আছিল।[2] ২০১৮ চনত ‘বধাই হৌ’ চলচ্চিত্ৰৰে পুনৰ দৰ্শক আৰু সমালোচকৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা সুৰেখাই এইখন চলচ্চিত্ৰত প্ৰদৰ্শন কৰা অভিনয় দক্ষতাৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰ লগতে শ্ৰেষ্ঠ সহশিল্পীৰ ফিল্মফেয়াৰ বঁটা, ‘স্ক্ৰীণ এৱাৰ্ড’ আৰু ‘জী চিনে এৱাৰ্ড’ লাভ কৰিছিল।[4]
উত্তৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা চিক্ৰিয়ে অলমোৰা আৰু নেইনিতালত শৈশৱাৱস্থা পাৰ কৰিছিল। আলিগড়ৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তেওঁ পঢ়া-শুনা কৰিছিল। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (এন এচ ডি) পৰা সুৰেখাই ১৯৭১ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল[5] আৰু মুম্বাইলৈ অহাৰ আগতে, প্ৰায় এক দশকতকৈও অধিক কাল ‘এন এচ ডি ৰেপাৰটৰি কোম্পেনী’ত কাৰ্যনিৰ্বাহ কৰিছিল।
সুৰেখাৰ দেউতাকে বিমান বাহিনীত চাকৰি কৰিছিল আৰু মাক আছিল এগৰাকী শিক্ষক। হেমন্ত ৰেগেৰ সৈতে তেওঁৰ বিয়া হৈছিল আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে। তেওঁৰ প্ৰথম বিবাহৰ সন্তান ৰাহুল চিক্ৰি এজন শিল্পী আৰু তেওঁ মুম্বাইত থাকে। [6] ২০০৯ চনত হৃদযন্ত্ৰৰ ক্ৰিয়া বিকল হৈ হেমন্ত ৰেগেৰ মৃত্যু হৈছিল।[7]
কৃতি অভিনেতা নাছিৰুদ্দিন শ্বাহ তেওঁৰ প্ৰথম বিবাহৰ ফালৰপৰা সম্বন্ধত সুৰেখাৰ বৰজনাক। নাছিৰৰ প্ৰথমা পত্নী মনৰা চিক্ৰি সুৰেখাৰ সতীয়া বায়েক, যি পাৰবীন মুৰাদ নামে জনাজাত। [8]নাছিৰ আৰু পাৰবীনৰ সন্তান হীবা শ্বাহে সুৰেখাৰ সৈতে বালিকা বধু ধাৰাবাহিকত ‘দাদিছা’(যুৱাৱস্থা) চৰিত্ৰত অভিনয় কৰিছিল।[9]
২০২১ চনৰ ১৬ জুলাই তাৰিখে মুম্বাইত হৃদ ক্ৰিয়া বন্ধ হৈ সুৰেখা চিক্ৰিৰ মৃত্যু ঘটে।[1][2]