সেন্দূৰ একপ্ৰকাৰ ৰঞ্জক পদাৰ্থ। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ মতে সেন্দূৰক পৱিত্ৰ বুলি গণ্য কৰা হয়। হিন্দুধৰ্মত সেন্দূৰ বিবাহিতা নাৰীৰ প্ৰতীক। অবিবাহিত নাৰীয়ে শিৰত সেন্দূৰ দিব নোৱাৰে, কপালত সেন্দূৰৰ ফোঁট লব পাৰে। বিধৱাসকলৰ সেন্দূৰ ব্যৱহাৰ শাস্ত্ৰমতে নিষিদ্ধ। হিন্দু আৰু জৈন পূজানুষ্ঠানৰ সময়তো সেন্দূৰ ব্যৱহৃত হয়।
সেন্দূৰৰ ইতিহাস অতি প্ৰাচীন বুলি ধাৰণা কৰা হয়। হিন্দু ধৰ্মমতে স্বামীৰ দীৰ্ঘজীৱনৰ বাবে বিবাহিত হিন্দু নাৰীয়ে সেন্দূৰ ব্যৱহাৰ কৰে। ইয়াৰ ৰং ৰঙা, কাৰণ ই শক্তি আৰু প্ৰেমৰ প্ৰতীক। সাধাৰণতে উজ্জ্বল ৰঙা সেন্দূৰ বেছি জনপ্ৰিয় যদিও ঠাই বিশেষে পাতল ৰঙাৰ পৰা কমলা ৰঙৰ সেন্দূৰ ব্যৱহাৰ কৰা দেখা যায়। হিন্দু বিবাহৰ সময়ত এজনী নাৰীৰ প্ৰথম শিৰৰ সেউতাত সেন্দূৰ দি চিহ্ন অঁকা হয়।[1][2]
হিন্দুৰ মতে বিবাহৰ সৰ্বশেষ শাস্ত্ৰীয় ৰীতি হল দৰায়ে (স্বামী) কন্যাৰ (নৱবধূ) কপালত সেন্দূৰ লেপন। হিন্দু নাৰীয়ে স্বামীৰ মঙ্গল কামনাত গোটেই বৈবাহিক জীৱনতে সেন্দূৰ লৈ থাকে।
সেন্দূৰ খেলা পূজা সংশ্লিষ্ট এটি হিন্দু সংস্কাৰ। পূজাৰ প্ৰতিমাক সেন্দূৰ দিয়া বৰণ কৰাৰ পিছত এই খেলা আৰম্ভ হয়। ভুৰিভোজনৰ মাজৰ ফালে এই অনুষ্ঠানৰ সমাপ্তি ঘটে।
গণগৌৰ ব্ৰত সাধাৰণতে ৰাজস্থানৰ মহিলা সকলে পালন কৰে। এই ব্ৰতত সেন্দূৰ পিন্ধোৱা নিয়ম চলি আহিছে। পূৰাৰণৰ মতে সাধাৰণ মহিলাসকলৰ ওপৰত পাৰ্বতী দেৱীয়ে সেন্দূৰ এৰি দিছিল। ইয়াৰ পিছত কুলীন স্ত্ৰীসকলে পূজাৰ বাবে আহোঁতে পাৰ্বতীয়ে নিজৰ আঙুলি কাটি তেজেৰে সিহঁতৰ সেঁউতাত সেন্দূৰ পিন্ধাইছিল।[3]
ৰাসায়নিক দৃষ্টিকোণৰ পৰা চালে সেন্দূৰ সাধাৰণতে পাৰা বা সীহৰ যৌগৰে গঠিত। সেয়ে ইয়াক বিষাক্ত বুলি গণ্য কৰা হয় আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈ কোৱা হয়।[4]