সোণাল মানসিং | |
---|---|
![]() নতুন দিল্লীত নৃত্য প্ৰদৰ্শনৰত অৱস্থাত সোণাল মানসিং | |
জন্ম | সোণাল পাকভাস ৩০ এপ্ৰিল, ১৯৪২ (৮২ বছৰ) বোম্বে, বোম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
পেচা | শাস্ত্ৰীয় নৃত্যশিল্পী |
সক্ৰিয় হৈ থকা সময় | ১৯৬২ – বৰ্তমানলৈকে |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ, ১৯৯২ পদ্মবিভূষণ, ২০০৩ |
ৱেবছাইট | |
www.sonalmansingh.in |
সোণাল মানসিং (ইংৰাজী: Sonal Mansingh; জন্ম: ৩০ এপ্ৰিল ১৯৪৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰি গুৰু হিচাপে পৰিগণিত হৈছে। ২০১৮ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত কৰে।[1][2][3] ভাৰত চৰকাৰে তেওঁ কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯২ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ২০০৩ চনত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে। ২০২৪ চনত অসম চৰকাৰে তেখেতলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰে৷
১৯৪৪ চনৰ ৩০ এপ্ৰিল তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেচিডেন্সিৰ বোম্বেত সোণাল মানসিঙৰ জন্ম হৈছিল। তেওঁ অৰবিন্দ পাকভাসা আৰু পূৰ্ণিমা পাকভাসাৰ তিনি সন্তানৰ দ্বিতীয়। তেওঁৰ মাতৃ পূৰ্ণিমা অৰবিন্দ পাকভাসা গুজৰাটৰ এগৰাকী সমাজসেৱী আৰু তেওঁ ২০০৪ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল। তেওঁৰ ককা মংগল দাস পাকভাসা এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ প্ৰথম পাঁচ গৰাকী ৰাজ্যপালৰ অন্যতম আছিল।[4]
তেওঁ মাত্ৰ চাৰি বছৰ বয়সত মহাৰাষ্ট্ৰৰ নাগপুৰত বায়েকৰৰ লগত মণিপুৰী নৃত্য শিকিছিল। তাৰপিছত তেওঁ সাত বছৰ বয়সৰ পৰা কেইবাজনো গুৰুৰ ওচৰত ভাৰতনাট্যমৰ পাণ্ডানাল্লুৰ শৈলী শিকিবলৈ লয়।[5][6] তেওঁ সংস্কৃতত ভাৰতীয় বিদ্যা ভৱনৰ পৰা প্ৰবীণ আৰু কবিদ ডিগ্ৰী আৰু বোম্বেৰ এলফিন্সষ্টন কলেজৰ পৰা জাৰ্মান ভাষাত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰিছে। ১৮ বছৰ বয়সত তেওঁৰ আচল নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হয়। তেওঁ পৰিয়ালৰ মতৰ বিৰুদ্ধে ভাৰতনাট্যম শিকিবলৈ বেংগালুৰুলৈ যায় আৰু অধ্যাপক ইউ.এছ. কৃষ্ণা ৰাও আৰু চন্দ্ৰভাগা দেৱীৰ ওচৰত নৃত্যবিদ্যা শিকিবলৈ লয়।[7] ইয়াৰ লগতে তেওঁ মাইলাপুৰ গৌৰী আম্মালৰ পৰা অভিনয় আৰু ১৯৬৫ চনত গুৰু কেলুচৰণ মহাপাত্ৰৰ ওচৰত ওড়িছী নৃত্যৰ শিক্ষা গ্ৰহণ কৰে।
তেওঁ ভাৰতীয় কূটনীতিবিদ ললিত মানসিঙৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[8] তেওঁৰ শহুৰ মধ্যধৰ মানসিঙে তেওঁক গুৰু কেলুচৰণ মহাপাত্ৰৰ লগত চিনাকি কৰাই দিছিল আৰু পিছলৈ তেওঁ মহাপাত্ৰৰ ওচৰত ওড়িছী নৃত্যৰ প্ৰশিক্ষণ লৈছিল।[9]
সোণাল মানসিঙে ১৯৬২ চনত মুম্বাইৰ অৰংগেত্ৰমত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ নৃত্য প্ৰদৰ্শন কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭৭ চনত তেওঁ নতুন দিল্লীত ভাৰতীয় শাস্ত্ৰীয় নৃত্য কেন্দ্ৰ স্থাপন কৰিছিল।[10][11] তাৰপিছত তেওঁ দেশ-বিদেশৰ বিভিন্ন স্থানত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ বহুতো কৰিঅ'গ্ৰাফীয়ো কৰিছে। তেওঁৰ কৰিঅ'গ্ৰাফীসমূহ হল:
সোণাল মানসিঙে নৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।[15] ১৯৮৭ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[16] ১৯৯২ চনত ভাৰত চৰকাৰে তেওঁক কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[17]২০০৩ চনত তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰে আৰু বালাসৰস্বতীৰ পিছত পদ্মবিভূষণ লাভ কৰা দ্বিতীয় গৰাকী মহিলা নৃত্যশিল্পীত পৰিগণিত হ'ল।[18] তাৰপিছত তেওঁ ২০০৬ চনত মধ্য প্ৰদেশৰ চৰকাৰৰ কালিদাস সন্মান লাভ কৰে। ২০০৭ চনৰ ২১ এপ্ৰিল তাৰিখে উত্তৰাখণ্ডৰ পণ্টনগৰত অৱস্থিত গোবিন্দ বল্লভ পণ্ট কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰ অফ চাইন্স ডিগ্ৰী প্ৰদান কৰে। তেওঁ ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰায়ো সন্মানীয় ডক্টৰ অফ লিটেৰেছাৰ ডিগ্ৰী লাভ কৰিছে।[19]
২০০২ চনত তেওঁৰ ৰাজহুৱা জীৱনৰ ৪০ বছৰ বৰ্ষপূৰ্তি উপলক্ষে বিখ্যাত হিন্দী চলচ্চিত্ৰ পৰিচালক প্ৰকাশ ঝায়ে সোণাল নামৰ তেওঁৰ জীৱনৰ আধাৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।[10] এই তথ্যচিত্ৰ খনে শ্ৰেষ্ঠ অদৰ্শিত চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[20]
২০২৪ চনত অসম চৰকাৰে সোণাল মানসিঙলৈ ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰে৷ [21] [22]