সোণালী বেন্দ্ৰে | |
---|---|
![]() গেলাৰী আৰ্ট এণ্ড চ’লত সোণালী বেন্দ্ৰে | |
জন্ম | ১ জানুৱাৰী, ১৯৭৫ (৫০ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
সক্ৰিয় হৈ থকা সময় | ১৯৯৪–২০০৪ |
দাম্পত্যসঙ্গী | গোল্ডী বেহল (২০০২–বৰ্তমানলৈ) |
সোণালী বেন্দ্ৰে (ইংৰাজী: Sonali Bendre, জন্ম: জানুৱাৰী ১, ১৯৭৫)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ঘাইকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিলেও তেওঁ "মুৰাৰী", "খড়গম", "ইন্দ্ৰ", "মন্মধুড়ু", "শংকৰ দাদা এম.বি.বি.এছ." আদি তেলেগু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অধিক সমাদৃত।
ইয়াৰ উপৰিও তেওঁ মাৰাঠী, তামিল আৰু কানাড়া চলচ্চিত্ৰতো অভিনয় কৰিছে। তদুপৰি তেওঁ "ইণ্ডিয়ান আইডল"ৰ চতুৰ্থ সংস্কৰণ আৰু "ইণ্ডিয়া হেজ গট টেলেণ্ট" আদিত বিচাৰক হিচাপেও ভূমুকি মাৰিছে। তেওঁক মহাৰাষ্ট্ৰত প্ৰিল চাবোন,সূৰ্যা বাল্ব এণ্ড ট্যুব, ওমেগা ৱাট্ছেছ, ড॰ মৰ্পেন, ডাবৰ, ভি-জন গ্ৰুপ আদি আৰু অন্ধ্ৰ প্ৰদেশত কল্যাণ কাঁচী আদিৰ ব্যৱসায়িক প্ৰতিনিধি হিচাপেও দেখা গৈছে।[2][3][4]
মহাৰাষ্ট্ৰৰ এটা ছিকেপি পৰিয়ালত সোণালী বেন্দ্ৰেৰ জন্ম হয়। বাংগালোৰ আৰু মুম্বাইত তেওঁ কেন্দ্ৰীয় বিদ্যালয় মালেশ্বৰম আৰু হলী ক্ৰছ কনভেণ্ট হাই স্কুল, থানেত শিক্ষা গ্ৰহণ কৰে। ২০০২ চনৰ ১২ নৱেম্বৰত তেওঁ তেওঁ অভিনেতা/নিৰ্দেশক গোল্ডী বেহেলৰ লগত বিয়াত বহে।[5] ১১ আগষ্ট ২০০৫ত ব্ৰীছ কেণ্ডী হস্পিতালত তেওঁ পুত্ৰ সন্তান ৰণৱীৰক জন্ম দিয়ে।[6]
"ষ্টাৰ ডাষ্ট টেলেণ্ট ছাৰ্চ"ত নিৰ্বাচিত হোৱাৰ আগতে বেন্দ্ৰেই এগৰাকী মডেল হিচাপে খোজ দিয়ে। তাৰ পিছত তেওঁ মুম্বাইলৈ আমন্ত্ৰিত হয় আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেবাগৰাকীও আগশাৰীৰ অভিনয় শিল্পীৰ পৰা প্ৰশিক্ষণ লাভ কৰে। ১৯৯৪ চনৰ ‘’আগ’’ ছবিখনত গোৱিন্দাৰ বিপৰীতে অভিনয় কৰি তেওঁ ছবিজগতত প্ৰথম খোজ পেলায়।
প্ৰথম অৱস্থাত সফল হ’বলৈ কিছু সংগ্ৰাম কৰিবলগীয়া হ’লেও পিছলৈ ‘’দিলজলে’’(১৯৯৬), ’’ভাই’’, ’’সৰফৰোজ’’, ’’জখম’’, ’’ডুপ্লিকেট’’, ’’কধলৰ ধিমান (তামিল)’’, ’’হম সাথ সাথ হ্যে’’(১৯৯৯), ’’তেৰা মেৰা সাথ ৰহে’’, ’’অনাহত’’(২০০৩) আদি ছবিৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰে। চাৰিওজন খানৰ (শ্বাহৰূখ, আমিৰ, চলন্ত আৰু ছেইফ) বিপৰীতে অভিনয় কৰা কমসংখ্যক অভিনেত্ৰী সকলৰ ভিতৰত তেৱোঁ এগৰাকী। তদুপৰি তেওঁ বলীউদৰ শীৰ্ষ অভিনেতা অক্ষয় কুমাৰ, সুনীল সেট্টি, অজয় দেৱগণ, সঞ্জয় দত্ত, অনিল কাপুৰ আদিৰ বিপৰীতেও অভিনয় কৰিছে। ‘’ইন্দ্ৰ’’,’’শংকৰদাদা এম.বি.বি.এছ.’’,’’অংগাৰে’’,’’মনমধুড়ু’’ আদি ছবিত তেওঁ তেলেগু চুপাৰষ্টাৰ চিৰঞ্জিৱী,অক্কিনেনী নাগাৰ্জুনা আৰু ‘’প্ৰীথছে’’ ছবিত কানাড়া চুপাৰষ্টাৰ উপেন্দ্ৰৰ সৈতেও অভিনয় কৰিছে।
এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে গদ্দাৰ, সপুত, বোম্বে, লজ্জা, মেজৰ ছাব আদি ছবিৰ জৰিয়তে তেওঁ এগৰাকী ভাল নৰ্ত্তকী হিচাপেও খ্যাতি লাভ কৰিছে। ২০০৩ চনত তেওঁ শ্বাহৰূখ খান, ছেইফ আলি খান আৰু প্ৰীতি জিণ্টা অভিনীত ‘’কল হো না হো’’ত বিশেষ ভূমিকাত অভিনয় কৰে।[7] বেন্দ্ৰেই আপ কি ছোনিয়া নামৰ এক নাটকতো অভিনয় কৰে।[8] ১৯৯৬ চনৰ ১ নৱেম্বৰত মাইকেল জেকছন ভাৰতলৈ আহোঁতে তেওঁ পৰম্পৰাগত মহাৰাষ্ট্ৰীয় নৌৱৰি শাৰী পিন্ধি তেওঁক আদৰণি জনায়।
বেন্দ্ৰে টেলিভিছনৰ "ক্যা মস্তি ক্যা ধুম" নামৰ নৃত্যানুস্থানটিৰ ঘোষিকা আছিল আৰু ছনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ‘’ইণ্ডিয়ান আইডল’’ৰ এগৰাকী বিচাৰক আছিল। ২৬ ফেব্ৰুৱাৰী,২০০৫ত তেওঁ ছেইফ আলি খান আৰু ফৰিদা জালালৰ সৈতে ৫০তম ফিল্মফেয়াৰ বঁটা বিতৰণী অনুষ্ঠানত ঘোষিকা হিচাপে অংশগ্ৰহণ কৰে। তদুপৰি তেওঁক ‘’মি° এণ্ড মিচেছ টেলিভিছন’’, ’’ইণ্ডিয়ান আইডল ৪’’, ’’ইণ্ডিয়াহেজ গট টেলেণ্ট’’ আদি অনুষ্ঠানত বিচাৰক হিচাপে দেখা যায়। ২০১২ চনত তেওঁ ক’ৰিয়গ্ৰাফাৰ টেৰেঞ্চ লিৱিছৰ সৈতে লাইফ ওকে চেনেলত ‘’হিন্দুঃস্থান কে হুনৰবাজ’’ নামৰ নৃত্যানুস্থান শৃংখলাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে।[9][10]
২০১২ চনৰ জুন মাহত বেন্দ্ৰেয়ে ‘’ইণ্ডিয়া হেজ গট টেলেণ্ট ৪’’ৰ বিচাৰকৰ আসন এৰি দিয়া বুলি গুজব উঠে। তেওঁৰ ঠাইত ৰিতেশ দেশমুখক লোৱাৰ কথা ভবা হয়।[11] অৱশ্যে পিছত প্ৰকাশ হয় যে অনাগত কথাছবি ‘’ৱান্স আপন এ টাইম এগেইন’’ক সময় দিবলৈ হে তেওঁ অনুষ্ঠানটি এৰে।[12][13] পিছত জুলাইৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰে যে[13][14] এই ছবিখনেৰে তেওঁ বলীউদলৈ পুনৰাগমণ কৰিব। নিৰ্দেশক মিলান লুথাৰিয়াই তেওঁৰ চৰিত্ৰটিৰ বিষয়ে কয়: "সোণালীৰ চৰিত্ৰটিৰ নাম মুমতাজ। ছবিখনত এই চৰিত্ৰটি অতি গুৰুত্বপূৰ্ণ। ই কাৰো মাক,ভগ্নী বা বৌৱেক নহয়, বৰং ইয়াৰ এক নিজস্ব পৰিচয় আছে। চৰিত্ৰটিৰ এই বিশেষত্বৰ বাবেই সোণালীয়ে এই ছবিখনৰ এক অংশ হ’বলৈ মান্তি হয়। "[13] ২০০৪ চনত তেওঁ ছবিজগতৰপৰা এক বিৰাম লয় আৰু পুত্ৰৰজন্মৰ পিছত টেলিভিছন জগতত কাম কৰে। ইয়াৰ আগতে তেওঁ বহুকেইখন ছবিৰ প্ৰস্তাৱ নাকচ কৰে কাৰণ তেওঁ পৰিয়ালক বিশেষকৈ নিজ পুত্ৰক অধিক গুৰুত্ব দিয়ে। কিন্তু একতা আৰু শোভা কাপুৰৰ লগত থকা তেওঁৰ বন্ধুত্ব আৰু লুথাৰিয়া (চোৰি চোৰি) আৰু কুমাৰৰ (তৰাজু, সপুত, অংগাৰে, কীমত) লগত আগতেও অভিনয় কৰা বাবে তেওঁ ‘’ৱান্স আপন এ টাইম এগেইন”ৰ প্ৰস্তাৱ নাকচ নকৰিলে।[15][16]
বৰ্ষ | ছবি | চৰিত্ৰ | টোকা |
---|---|---|---|
১৯৯৪ | আগ | পাৰুল | |
১৯৯৪ | নাৰাজ | ||
১৯৯৫ | দ্য ডন | অনিতা মালিক | |
১৯৯৫ | গদ্দাৰ | প্ৰিয়া | |
১৯৯৫ | তক্কৰ | মোহিনী | |
১৯৯৫ | বোম্বে | তামিল ছবি বিশেষ ভূমিকা | |
১৯৯৬ | ৰক্ষক | ড॰ পূজা মলহোট্ৰা | |
১৯৯৬ | ইংলিছ বাবু দেশী মেম | বিজুৰিয়া | |
১৯৯৬ | দিলজলে | ৰাধিকা | |
১৯৯৬ | অপনে দম পৰ | বিশেষ ভূমিকা | |
১৯৯৬ | সপুত | কাজল | |
১৯৯৭ | ভাই | মীনু | |
১৯৯৭ | তৰাজু | পূজা | |
১৯৯৭ | কহৰ | নীলম | |
১৯৯৮ | কীমত-দেই আৰ বেক | মানসী | |
১৯৯৮ | ডুপ্লিকেট’' | লিলি | |
১৯৯৮ | হমছে বঢ়কৰ কৌন | অনু | |
১৯৯৮ | মেজৰ ছাব | নিশা | |
১৯৯৮ | অংগাৰে | ৰোমা | |
১৯৯৮ | জখম | ছোনিয়া | |
১৯৯৯ | লাভ য়ু হমেশা | শিৱানী | 2001ত মুক্তিপ্ৰাপ্ত |
১৯৯৯ | কধলৰ ধিনম | ৰোজা | তামিল ছবি তেলেগু ভাষাত ‘’প্ৰেমিকুলাৰোজু’’ হিচাপে হিন্দীত দিল হি দিল মে নামেৰে ৰিমেক |
১৯৯৯ | কান্নোড়ু কানবাথেল্লাম | কল্যাণি | তামিল ছবি |
১৯৯৯ | হাম সাথ-সাথ হ্যে-ৱি ষ্টেণ্ড য়ুনাইটেড | প্ৰীতি | |
১৯৯৯ | দহেক | ছবিনা বক্সী/নীলিমা বক্সী | |
১৯৯৯ | সৰফৰোজ | সীমা | |
২০০০ | দিল হি দিল ম্যে | ৰোজা | |
২০০০ | হামাৰা দিল আপকে পাছ হ্যে | খুশী | |
২০০০ | ধাই অক্সৰ প্ৰেম কে | নিশা | বিশেষ ভূমিকা |
২০০০ | জিছ দেশ ম্যে গংগা ৰেহতা হ্যে | সাৱণী | |
২০০০ | প্ৰীথছে’' | কিৰণ | কানাড়া ছবি |
২০০১ | মুৰাৰি’' | বসুন্ধৰা | তেলেগু ছবি |
২০০১ | লাভ কে লিয়ে কুছ ভি কৰেগা | চপনা চোপ্ৰা | |
২০০১ | লজ্জা | নৰ্ত্তকী | "মুঝে সাজনকে ঘৰ জানা হ্যে" গীতটিত বিশেষ আবিৰ্ভাৱ |
২০০১ | তেৰা মেৰা সাথ ৰহে | মাধুৰী | |
২০০২ | ইন্দ্ৰ | পল্লৱী | তেলেগু ছবি |
২০০২ | খড়গম’' | স্বাতী | তেলেগু ছবি |
২০০২ | মনমুধুড়ু | হৰিকা | তেলেগু ছবি |
২০০৩ | অনাহত | ৰাণী শীলাৱতী | মাৰাঠী ছবি |
২০০৩ | প্যাৰ কিয়া নহী জাতা | ||
২০০৩ | পলনতি ব্ৰহ্মানাইডু | শিৱা নাগেশ্বৰী | তেলেগু ছবি |
২০০৩ | চোৰি চোৰি | পূজা | |
২০০৩ | কল হো না হো | প্ৰিয়া | অতিথি শিল্পী |
২০০৪ | শংকৰদাদা এম.বি.বি.এছ. | ড॰ সুনীতা | তেলেগু ছবি |
২০০৪ | আগা বাঈ অৰেচা! | মাৰাঠী ছবি | |
২০১৩ | ৱান্স আপন এ টাইম ইন মুম্বাই এগেইন | মুমতাজ | নিৰ্মীয়মান |
![]() |
ৱিকিমিডিয়া কমন্সত সোণালী বেন্দ্ৰে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|