সোণাৰু | |
---|---|
ফুলি থকা অৱস্থাত সোণাৰু | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Caesalpiniaceae |
গণ: | Cassia |
প্ৰজাতি: | C. fistula |
বৈজ্ঞানিক নাম | |
Cassia fistula L. | |
সমাৰ্থক[1] | |
|
সোণাৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ স্থানীয় মাহজাতীয় আলংকাৰিক উদ্ভিদ।[2][3][4] সোণাৰু পূবলৈ ভাৰতৰ পৰা ম্যানমাৰ আৰু থাইলেণ্ডলৈ আৰু দক্ষিণত শ্ৰীলংকাৰ পৰা দক্ষিণ পশ্চিমত পাকিস্তানলৈ পোৱা যায়। হালধীয়া সোণালী ফুলৰ বাবে সোণাৰু আলংকাৰিক গছ হিচাপে বিখ্যাত। ইয়াক আয়ুৰ্বেদিক ঔষধতো ব্যৱহাৰ কৰা হয়। সোণাৰু থাইলেণ্ডৰ ৰাষ্ট্ৰীয় গছ আৰু ৰাষ্ট্ৰীয় ফুল। ইয়াৰ লগতে ই ভাৰতৰ ৰাজ্য কেৰালাৰ ৰাজ্যিক ফুল।
সোণাৰু এবিধ মধ্যমীয়া আকাৰৰ উদ্ভিদ। ই প্ৰায় 10–20 মিটাৰ (33–66 ফুট) উচ্চতালৈ বৃদ্ধি হয়। পৰ্ণপাতী সোণাৰুৰ পাত ১৫ ৰ পৰা ৬০ ছেঃমিঃ দীঘল। প্ৰতিটো পাতত ৩টাৰ পৰা ৮টালৈ ৭-২১ ছেঃমিঃ বহল উপপত্ৰ থাকে। ফুলবোৰ পাণ্ডুলামৰ দৰে ওলমি থাকে। পুষ্পবিন্যাস ২০-৪০ ছেঃমিঃ দীঘল আৰু প্ৰতিটো ফুল ৪ ৰ পৰা ৭ ছেঃমিঃ ব্যাসৰ। ফুলবোৰৰ পাঁচটা হালধীয়া সমান জোখৰ পাহি থাকে। ফলবোৰ মাহজাতীয় ৩০-৬০ ছেঃমিঃ দীঘল আৰু ১.৫-২.৫ ছেঃমিঃ বহল। গা-গছ কঠিন আৰু দীৰ্ঘজীৱী আৰু সাধাৰণতে ইয়াৰ কাঠ বিভিন্ন স্থানত ব্যৱহাৰ কৰা হয়।[5]
ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত সোণাৰু ঘাইকৈ আলংকাৰিক গছ হিচাপে সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। বসন্ত ঋতুৰ শেষৰ ফালে সোণাৰু ফুল ফুলিবলৈ ধৰে আৰু গোটেই গছজোপা হালধীয়া ফুলেৰে ভৰি পৰে। শুকান জলবায়ুতো ই জীয়াই থাকিব পাৰে। সোণাৰু গছৰ বাবে ৰ'দ পৰা পানী ওলাই যাব পৰা ঠাইত ভাল হয়। ই খৰাং আৰু লৱণ প্ৰতিৰোধী।[6]
ভাৰতৰ কিছু কিছু ঠাইত সোণাৰুৰ ফুল খাদ্য হিচাপে গ্ৰহণ কৰা হয়। তদুপৰি সোণাৰুৰ পাত গৰু-ছাগলী আদি জীৱ-জন্তুক ইয়াৰ পাত খাদ্য হিচাপে দিয়া হয়।
আয়ুৰ্বেদত সোণাৰুক "অৰ্গধৱ" বুলি উল্লেখ আছে। ইয়াৰ অৰ্থ হৈছে ৰোগ বিনাশক। ইয়াৰ ফল কৌষ্ঠ-কাঠিন্যত ব্যৱহাৰ কৰা হয়।[7][8] আয়ুৰ্বেদিক ঔষধত সোণাৰু বহু বছৰ আগৰ পৰা ব্যৱহৃত হয় আহিছে যদিও ইয়াৰ বিষয়ে গৱেষণাৰ থল আছে। বৰ্তমান সময়ত কিছুমান শৌচ খোলোচা কৰা ঔষধত সোণাৰু ব্যৱহাৰ কৰা হয়।
ৱিকিমিডিয়া কমন্সত সোণাৰু সম্পৰ্কীয় মিডিয়া ফাইল।