সোনাগাছি (ইংৰাজী: Sonagachi) ভাৰতৰ কলকাতা চহৰত অৱস্থিত এছিয়াৰ বৃহত্তম নিষিদ্ধ পল্লি।[1][2] এই অঞ্চলটোত শতাধিক বহু মহলীয়া বেশ্যালয়ত ২০২০ চনৰ পৰিসংখ্যা অনুসৰি ৭০০০ যৌনকৰ্মী বাসকৰে। সোনাগাছি উত্তৰ কলকাতাৰ যতীন্দ্ৰমোহন এভিনিউ আৰু বিদন ষ্ট্ৰীটৰ সংযোগ স্থলত, শোভাবজাৰ ওচৰত অৱস্থিত।[3][4][5]
বঙালী ভাষাত সোনাগাছি মানে সোণৰ গছ। কিংৱদন্তি অনুসৰি চানাউল্লাহ নামৰ এজন ডকাইতৰ নামেৰ এই অঞ্চলটোৰ নাম সোনাগাছি হৈছে; যিজনে কলকাতা চহৰ গঢ়ি উঠা আৰম্ভণিৰ সময়খিনিত ইয়াতে মাকৰ সৈতে বাস কৰিছিল। তেওঁৰ মৃত্যুত দুখী মাকক তেওঁলোকৰ জুপুৰীৰ ফালৰ পৰা অহা এক আলৌকিক মাতে কৈছিল, “আই, দুখ নকৰিবি। মই এজন গাজী হলোঁ” আৰু এই গাজীলৈ ৰূপান্তৰিত হোৱা ডকাইত চানাউল্লাহৰ নামেৰ এই অঞ্চলটোৰ নাম সোনাগাছি হ’ল।[6]
বৰ্তমান বহুতো অনা-চৰকাৰী সংগঠনে এইড্ছকে ধৰি যৌন সংক্ৰমিত ৰোগৰ প্ৰতিৰোধৰ বাবে কাম কৰি আছে। অনা-চৰকাৰী সংগঠন সংলাপ প্ৰতিষ্ঠাতাসকলৰ দ্বাৰা ৰচিত এই অঞ্চলটোৰ ভিত্তি কৰি ৰচনা কৰা 'গিল্টি উইডাউট ট্ৰায়েল' নামৰ গ্ৰন্থত ভাৰতৰ মানৱ সৰবৰাহৰ সম্পৰ্কে বহু তথ্য উন্মোচিত হৈছে। যৌনকৰ্মীসকলৰ দ্বাৰা পৰিচালিত সোনাগাছি প্ৰকল্পই যৌনকৰ্মীসকল কণ্ডমৰ ব্যৱহাৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰতি কৰা অপ-ব্যৱহাৰৰ বিৰুদ্ধে থিয় হ’বলৈ উৎসাহিত কৰে। 'দুৰ্বাৰ মহিলা সমন্বয় কমিটি'য়ে এই প্ৰকল্পটো চলাই আছে। এই অনুষ্ঠানটো ১৯৯২ চনত জনস্বাস্থ্য বি়জ্ঞানী স্মৰজিৎ জানাই প্ৰতিষ্ঠা কৰিছিল যদিও বৰ্তমান যৌনকৰ্মীসকলেই ইয়াৰ তদাৰক কৰে। বহুতে এই সংগঠনটোক সোনাগাছিৰ যৌনকৰ্মীসকলৰ মাজত এইচ আই ভি সংক্ৰমণৰ ৫.১৭% নিম্ন হাৰৰ বাবে কৃতিত্ব দিয়ে[7] যদিও ভাৰতৰ মহিলা যৌনকৰ্মীসকলৰ এইত.আই.ভি.ৰ গড় সংক্ৰমণৰ হাৰ ৫.১%-ৰ সৈতে কোনো পাৰ্থক্য নাই।[8]
কিছুমান সূত্ৰৰ মতে, সোনাগাছিৰ যিসকল যৌনকৰ্মীৰ এইচ.আই.ভি. পজেটিভ ধৰা পৰে, এই বিষয়ে গোপনে ৰখা হয় আৰু তেওঁলোকে এই সংক্ৰমণৰ বিষয়ে নজনাকৈয়ে জীয়াই থাকে। কাৰণ সংক্ৰমিত মহিলাক বহিষ্কাৰ কৰা হ’ব পাৰে বুলি দুৰ্বাৰ মহিলা সমন্বয় কমিটি (DMSC) উদ্বিগ্ন।[9] সোনাগাছিৰ কিছুমান যৌনকৰ্মীয়ে কয়, “তিনি চতুৰ্থাংশ গ্ৰাহকে কণ্ডম ব্যৱহাৰ কৰিব নিবিচাৰে। যদি আমি কণ্ডম ব্যৱহাৰ কৰিবলৈ দাবী কৰো, তেন্তে তেওঁলোক অন্য কাৰোবাৰ ওচৰত যাব।”[9]
সোনাগাছি প্ৰকল্পৰ উপৰিও DMSC-এ পশ্চিমবংগৰ অন্য ৬৫,০০০ গৰাকী যৌনকৰ্মী আৰু তেওঁলোকৰ সন্তানসকলৰ বাবেও একে জাতীয় প্ৰকল্প চলায়। সংগঠনটোৱে যৌনকৰ্মীসকলৰ অধিকাৰ আৰু আইনগত বৈধতাৰ বাবে মাত মাতে; সাক্ষৰতা আৰু কাৰিকৰী প্ৰশিক্ষণৰ কাৰ্যসূচী চলায় আৰু ক্ষুদ্ৰ ঋণৰ ব্যৱস্থা কৰে।[10][11] এই সংগঠনটোৱে ১৯৯৭ চনৰ ১৪ নবেম্বৰত “যৌনকৰ্ম প্ৰকৃত কৰ্ম, আমি কৰ্মীসকলৰ অধিকাৰ দাবী কৰো” শ্লোগানেৰে ভাৰতৰ প্ৰথম যৌনকৰ্মীসকলৰ অভিবৰ্তন অনুষ্ঠিত কৰিছিল।[12] 'হাফ দ্য স্কাই: টাৰ্ণিং অপ্ৰেচন ইনটু অপৰচুনিটি ফৰ ৱ’মেন ৱৰ্ল্ডৱাইড' শীৰ্ষক গ্ৰন্থত অভিযোগ কৰা হৈছিল যে ঘোযিত নীতিৰ বিপৰীতে DMSC-এ যৌন দাসত্ত্ব, মানৱ সৰবৰাহ আৰু অপৰিণত বয়য়ৰ ছোৱালীবোৰক সোনাগাছি প্ৰকল্পৰ বেশ্যালয়বোৰত অনুমোদন কৰে।[13]