![]() | |
সম্পূৰ্ণ নাম | সোমদেৱ কিশোৰ দেৱবৰ্মন |
---|---|
দেশ | ![]() |
বাসস্থান | ছাৰ্লটছভিল, আমেৰিকা যুক্তৰাষ্ট্ৰ |
জন্ম | ১৩ ফেব্ৰুৱাৰী, ১৯৮৫ (৪০ বছৰ) গুৱাহাটী, অসম, ভাৰত |
উচ্চতা | ১.৮ মিটাৰ (৫ ফুট ১১ ইঞ্চি) |
ওজন | ৭৩ কিঃগ্ৰাঃ (১৬০ পাউণ্ড) |
মহাবিদ্যালয় | ভাৰ্জিনিয়া বিশ্ববিদ্যালয় |
পেচা গ্ৰহণ | ২০০৮[1] |
হস্তশৈলী | সোঁহতীয়া |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | ৭৭৯,৩৩০ ডলাৰ[1] |
একক | |
কেৰিয়াৰৰ অভিলেখ | ৪০-৫১[1] |
সৰ্ব্বোচ্চ ৰেংকিং | ৬২ নং (২৫ জুলাই, ২০১১) |
বৰ্তমানৰ ৰেংকিং | ২৫৯ নং |
দ্বৈত | |
কেৰিয়াৰৰ অভিলেখ | ১১-১৮ |
সৰ্ব্বোচ্চ ৰেংকিং | ১৩৯ নং (৩১ অক্টোবৰ, ২০১১) |
বৰ্তমান ৰেংকিং | ১৪৭ নং |
২৫ জুন, ২০১২ত শেষবাৰ আপডেট কৰা হৈছে। |
পদক অভিলেখ | ||
---|---|---|
প্ৰতিনিধিত্ব কৰা দেশ ![]() | ||
টেনিছ পুৰুষ শাখা | ||
কমনৱেলথ গেমছ | ||
![]() |
২০১০ দিল্লী | ছিংগলছ |
এছিয়ান গেমছ | ||
![]() |
২০১০ গোৱাংজু | ছিংগলছ |
![]() |
২০১০ গোৱাংজু | ডাবলছ |
![]() |
২০১০ গোৱাংজু | দলীয় শাখা |
সোমদেৱ কিশোৰ দেৱবৰ্মন (ইংৰাজী: Somdev Kishore Devvarman; জন্ম:১৩ ফেব্ৰুৱাৰী, ১৯৮৫) ভাৰতবৰ্ষৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে।[2][3][4] এন চি এ এ টেনিছ চেম্পিয়নশ্বীপত প্ৰথমবাৰৰ বাবে একেৰাহে তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰি সোমদেৱ দেৱবৰ্মন বাতৰিৰ শিৰোনামলৈ আহিছিল। সোমদেৱ এই প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছিনিয়ৰ বৰ্ষত একেৰাহে ফাইনেলত জয়ী হৈছিল। ১৯৫০ চনলৈকে মাত্ৰ তিনিজন খেলুৱৈহে এই লক্ষ্যত উপনীত হ'ব পাৰিছিল। "এন চি এ এ টেনিছ চেম্পিয়নশ্বীপ"ত সোমদেৱৰ ৪৪-১ ব্যৱধানৰ জয়-পৰাজয়ৰ অভিলেখ অভূতপূৰ্ব আছিল।[5]
২০০৯ চনৰ "চেন্নাই অপেন"ত তেওঁ এজন ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে যোগদান কৰিছিল। এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি তেওঁ "এ টি পি ৱৰ্ল্ড টুৰ"ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছিল। ২০১০ চনত, সোমদেৱে নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৯তম কমনৱেলথ গেমছৰ টেনিছৰ পুৰুষৰ ছিংগলছ শাখাত স্বৰ্ণপদক দখল কৰিছিল। ইয়াৰ পিছত চীনৰ গোৱাংজুত অনুষ্ঠিত হোৱা এছিয়ান গেমছত টেনিছৰ পুৰুষৰ ছিংগলছ আৰু ডাবলছ শাখাত স্বৰ্ণপদক দখল কৰিছিল। সোমদেৱৰ প্ৰশিক্ষক হৈছে স্কট মেককেইন।
২০১১ চনত, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেনিছৰ পোৱা সফলতাৰ বাবে ভাৰত চৰকাৰৰ পৰা সোমদেৱে অৰ্জুন বঁটা লাভ কৰে।[6]
১৯৮৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ অন্তৰ্গত গুৱাহাটীত সোমদেৱ দেৱবৰ্মনৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম প্ৰবাঞ্জন দেৱবৰ্মন আৰু মাতৃৰ নাম ৰঞ্জনা দেৱবৰ্মন। তেওঁৰ পিতৃ এজন আয়কৰ বিভাগৰ এজন অৱসৰপ্ৰাপ্ত কমিছনাৰ। তেওঁৰ পিতৃ-মাতৃৰ ঘৰ ত্ৰিপুৰা ৰাজ্যত। ৩-৪ মাহৰ কেঁচুৱা কালতে সোমদেৱৰ পৰিয়াল কলিকতালৈ যায় আৰু তাত ৮ বছৰ বয়সলৈকে থাকে।[7] পিতৃৰ চাকৰিৰ বাবে পৰিয়ালটো তামিলনাডুৰ চেন্নাইলৈ স্থানান্তৰিত হৈছিল আৰু তাতেই ৯ বছৰ বয়সৰপৰা টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।[8] ১৭ বছৰ বয়সৰপৰা সোমদেৱে "ফিউছাৰ টুৰ্ণামেণ্ট"ত অংশগ্ৰহণ কৰিবিলৈ আৰম্ভ কৰিছিল। ২০০৪ চনত তেওঁ কলকাতাৰ এফ 2 চেম্পিয়নশ্বিপত খিতাপ দখল কৰাৰ ফলত তেওঁ বিশ্ব ৬৬৬তম বাছনিলৈ উন্নীত হৈছিল। ইয়াৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া বিশ্বিবিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিল। কলেজত পঢ়ি থাকোঁতে, ২০০৭ চনত এন চি এ এ টেনিছ চেম্পিয়নশ্বীপৰ খিতাপ দখল কৰিছিল। সোমদেৱ এই প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছিনিয়ৰ বৰ্ষত একেৰাহে দুবাৰকৈ ফাইনেলত জয়ী হৈছিল। এই প্ৰতিযোগিতাত একেৰাহে খিতাপ দখল কৰা ১৩তম খেলুৱৈ আছিল। "এন চি এ এ টেনিছ চেম্পিয়নশ্বীপ"ত সোমদেৱৰ ৪৪-১ ব্যৱধানৰ জয়-পৰাজয়ৰ অভিলেখ অভূতপূৰ্ব আছিল। ১৯৫০ চনলৈকে মাত্ৰ তিনিজন খেলুৱৈহে এই লক্ষ্যত উপনীত হ'ব পাৰিছিল।
সোমদেৱে সমাজবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু ২০০৮ চনৰপৰা পেছাদাৰী টেনিছ খেলিবলৈ লয়। নিউয়ৰ্কৰ ৰ'চেষ্টাৰত অনুষ্ঠিত "ফিউছাৰ টুৰ্ণামেণ্ট"ত কেৰিয়াৰৰ প্ৰথমটো খিতাপ দখল কৰিছিল।
সোমদেৱৰ পিতৃ-মাতৃ ভাৰতবৰ্ষৰ ত্ৰিপুৰা ৰাজ্যৰ। তেওঁ হৈছে ত্ৰিপুৰাৰ পূৰ্বৰ ৰাজকীয় পৰিয়ালৰ বংশধৰ।[11] সোমদেৱ ত্ৰিপুৰাৰ ৰাজবংশৰ স্বৰ্গীয় বিক্ৰমেন্দ্ৰ দেৱবৰ্মনৰ নাতি।[12] তেওঁ ৰ'জাৰ ফেডেৰাৰৰ অনুগামী। সোমদেৱে কৃনছ, লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিৰ দ্বাৰা অনুপ্ৰাণিত।[7]