স্তন্যপান (ইংৰাজী: Breastfeeding) বা নাৰ্চিং (ইংৰাজী: Nursing) হৈছে মানৱ শিশুক মাতৃদুগ্ধ খুৱাই দিয়াৰ এক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত শিশুক পোনপটীয়াকৈ স্তনৰ পৰা বা স্তনৰ পৰা গাখীৰ উলিয়াই ইয়াক দুধদানিৰ সহায়ত খুৱাই।[1] বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ অনুসৰি কেঁচুৱা এটাৰ জীৱনৰ প্ৰথম ঘণ্টাৰ ভিতৰত স্তন্যপান আৰম্ভ হ'ব লগে আৰু কেঁচুৱাটোৱে যিমান সঘনাই আৰু যিমান বিচাৰে সিমান পৰিমাণে এই পান কাৰ্য্য অব্যাহত ৰাখিব লাগে।[2][3] জীৱনৰ প্ৰথম কেইসপ্তাহমানত কেঁচুৱাক প্ৰতিদিনে প্ৰায় প্ৰতি দুইৰ পৰা তিনি ঘণ্টা স্তন্যপান কৰিব লাগে, আৰু প্ৰতিটো স্তন্যপান কৰাৰ ম্যাদ দহৰ পৰা পোন্ধৰ মিনিট হ'ব লাগে।[4] ডাঙৰ শিশুৰ ক্ষেত্ৰত এই হাৰ কম।[5] মাতৃসকলে গাখীৰ পাম্প কৰি উলিয়াব পাৰে যাতে স্তন্যপান সম্ভৱ নহ'লে ইয়াক পিছত ব্যৱহাৰ কৰিব পাৰি।[1] স্তন্যপান কৰোৱাৰ মাতৃ আৰু কেঁচুৱা দুয়োৰে বাবে কেইবাটাও লাভালাভ আছে।[3][6]
নিম্ন আৰু মধ্যমীয়া উপাৰ্জনৰ দেশবোৰত স্তন্যপান প্ৰায় সৰ্বজনীন স্তৰলৈ বৃদ্ধি কৰিব পাৰিলে বছৰি প্ৰায় ৮২০,০০০ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যু প্ৰতিহত কৰিব পৰা যাব।[7] স্তন্যপানৰ দ্বাৰা বিকাশশীল আৰু উন্নত দেশ সমূহৰ কেঁচুৱাৰ শ্বাসনলীৰ সংক্ৰমণ আৰু ডায়েৰিয়াৰ আশংকা হ্ৰাস কৰিব পাৰি।[2][3] হাপানি, খাদ্য এলাৰ্জি আৰু মধুমেহ ৰোগৰ কম বিপদাশংকাৰ উপৰি অন্যান্য লাভালাভৰ তথ্য পোহৰলৈ আহিছে।[3] অৱশ্যে মেটা-বিশ্লেষণৰ অধিক শেহতীয়া ফলাফল অনুসৰি বিশেষ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ বিচাৰি পোৱা হোৱা নাই।[7] স্তন্যপান কৰালে জ্ঞানীয় বিকাশ উন্নত হ'ব পাৰে আৰু প্ৰাপ্তবয়স্ক অৱস্থাত মেদবহুলতাৰ আশংকা হ্ৰাস হ'ব পাৰে।[2] মাতৃসকলে স্তন্যপান কৰোৱাৰ বাবে বিভিন্ন ধৰণৰ চাপ অনুভৱ কৰিব পাৰে, অৱশ্যে উন্নত দেশ সমূহত সাধাৰণতে ফৰ্মুলাৰ সহায়ত দুধদানিৰ সহায়ত স্তন্যপান কৰিয়ে শিশু ডাঙৰ হয়।[8] মাতৃৰ বাবে লাভালাভবোৰৰ ভিতৰত আছে প্ৰসৱৰ পিছত কম পৰিমাণে তেজৰ ক্ষৰণ, জৰায়ুৰ সংকোচন উন্নত হোৱা, আৰু প্ৰসৱোত্তৰ হতাশা হ্ৰাস হোৱা আদি।[3] স্তন্যপান কৰালে ঋতুস্ৰাৱ আৰু উৰ্বৰতা ঘূৰি অহাত পলম হয়, এই পৰিঘটনাক এমেনোৰিয়া বুলি কোৱা হয়।[3] মাতৃৰ বাবে দীৰ্ঘম্যাদী লাভালাভৰ ভিতৰত আছে স্তনৰ কৰ্কট ৰোগ, কাৰ্ডিওভাস্কুলাৰ ৰোগ, আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ আশংকা হ্ৰাস হয়।[3][7] পোনপটীয়াকৈ কৰা স্তন্যপান নৱজাতকৰ স্তন সূত্ৰতকৈ কম ব্যয়বহুল।[9][10]
বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অন্যান্য স্বাস্থ্য সংগঠনবোৰে শিশুক ছয় মাহৰ বাবে কেৱল স্তন্যপান কৰোৱাৰ পৰামৰ্শ দিয়ে।[2][3][11] ইয়াৰ অৰ্থ হৈছে যে এই সময় চোৱাত শিশুক ভিটামিন ডি-ৰ বাহিৰে আন কোনো খাদ্য বা পানীয় সাধাৰণতে দিয়া নহয়।[12] ছয় মাহ বয়সত খাদ্য অভ্যাস কৰাৰ পিছত, একৰ পৰা দুই বছৰ বা অধিক বয়সলৈকে স্তন্যপান অব্যাহত ৰাখিব পাৰে।[2][3] বিশ্বব্যাপী, প্ৰায় ৩৮% নৱজাতকক তেওঁলোকৰ জীৱনৰ প্ৰথম ছয় মাহত কেৱল স্তন্যপান কৰোৱা হয়। .[2] ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত, ৮৩% মহিলাই স্তন্যপান কৰাইছিল, ইয়াৰে ৬ মাহৰ বাবে ৫৮% মহিলাই আৰু তাৰে কেৱল ২৫% মহিলাই হে প্ৰত্যক্ষ ভাৱে শিশুক কেৱল স্তন্যপান কৰোৱাৰ তথ্য পোৱা গৈছে।[13] স্তন্যপান কৰোৱাৰ অনুমতি নিদিয়া চিকিৎসা সম্বন্ধীয় স্থিতি বিৰল।[3] কিছুমান ব্যক্তিগত মনোৰঞ্জক ঔষধ গ্ৰহণ কৰা মাতৃয়ে স্তন্যপান কৰোৱাটো শিশুৰ বাবে ক্ষতিকাৰক।[14][15] ২০২০ চনত বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফে ঘোষণা কৰিছিল যে মহিলাসকলে কোভিড-১৯ মহামাৰীৰ সময়তো স্তন্যপান কৰাই থাকিব লাগে যদিও তেওঁলোকে নিশ্চিত বা সন্দেহ কৰিছে (বৰ্তমানৰ প্ৰমাণ ভিত্তিত) মাতৃদুগ্ধৰ জৰিয়তে কোভিড-১৯ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাই।[16] ধপাত সেৱন কৰা আৰু সীমিত পৰিমাণৰ সুৰা পান কৰা আৰু/বা কফি খোৱা আদিয়ে স্তন্যপানত প্ৰভাৱ নেপেলায়।[17][18][19]
গৰ্ভাৱস্থাৰ আৰম্ভণিতে হোৱা পৰিৱৰ্তনবোৰে স্তনক স্তন্যপান কৰোৱাৰ বাবে প্ৰস্তুত কৰে। স্তন মুখ্যতঃ এডিপজ (চৰ্বি) কোষকলাৰে গঠিত কিন্তু গৰ্ভধাৰণৰ আগতে এষ্ট্ৰোজেন, প্ৰজেষ্টেৰন, প্ৰলেক্টিন আৰু অন্যান্য হৰমনৰ প্ৰভাৱত, স্তনবোৰ কেঁচুৱাটোৰ বাবে গাখীৰ উৎপাদনৰ বাবে প্ৰস্তুত হয়। স্তনলৈ তেজৰ প্ৰবাহ বৃদ্ধি হয়। স্তনবৃন্ত আৰু এৰিওলাৰ ৰঞ্জকতাও বৃদ্ধি হয়। আকাৰো বৃদ্ধি হয়, কিন্তু স্তনৰ আকাৰ কেঁচুৱাটো জন্ম হোৱাৰ পিছত মাতৃয়ে উৎপাদন কৰিব পৰা গাখীৰৰ পৰিমাণৰ সৈতে সম্পৰ্কিত নহয়।[20]
মাতৃ স্তনত গৰ্ভাৱস্থাৰ ছমাহৰ পিছৰ পৰা, এক ডাঠ হালধীয়া তৰল এলভিঅ'লিতৰ উৎপাদন আৰম্ভ হয় আৰু জন্মৰ পিছত প্ৰথম কেইদিনমানৰ বাবে পাতল বগা গাখীৰ "উৎপাদন হোৱা" লৈকে এই হালধীয়া তৰলৰ উৎপাদন হৈ থাকে। সময় হিচাপত এই তৰলৰ উৎপাদন প্ৰসৱৰ প্ৰায় ৩০ ৰ পৰা ৪০ ঘণ্টা পৰ্যন্ত চলি থাকে। [21] [22]অক্সিটচিনে জন্মৰ সময়ত আৰু প্ৰসৱৰ পিছত জৰায়ুৰ মসৃণ পেশী সংকুচিত কৰে, যাক প্ৰসৱোত্তৰ সময় বুলি কোৱা হয়। স্তন্যপান কৰোঁতে অক্সিটচিনে নতুনকৈ উৎপাদিত স্তন্যস্ৰোতক নলী প্ৰণালীত নিঃসৰিত হ'বলৈ এলভিঅ'লিৰ চাৰিওফালে থকা বেণ্ড সদৃশ কোষবোৰৰ মসৃণ পেশীৰ তৰপটোক সংকুচিত কৰে। স্তন্য নিঃসৰণ প্ৰক্ৰিয়া স্তনপান কৰাৰ সঁহাৰিস্বৰূপে স্তন্যৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাৰ বাবে অক্সিটচিন প্ৰয়োজনীয়। [23]
মাতৃদুগ্ধৰ সকলো গুণাগুণ বুজি পোৱা কঠিন, কিন্তু ইয়াৰ পুষ্টিৰ পৰিমাণ তুলনামূলকভাৱে সুসংগত। মাতৃৰ প্ৰবাহিত তেজ আৰু শাৰীৰত জমা থকা পুষ্টিৰ পৰা মাতৃদুগ্ধ তৈয়াৰ হয়। ইয়াত চৰ্বি, চেনি, পানী আৰু প্ৰ'টিনৰ এক অনুকূল সন্তুলন আছে যি কেঁচুৱাৰ বিকাশ আৰু বৃদ্ধিৰ বাবে প্ৰয়োজন।[25] স্তন্যপান কৰালে জৈৱৰাসায়নিক প্ৰতিক্ৰিয়া আৰম্ভ হয় যিয়ে এনজাইম, হৰমন, বিকাশকাৰক আৰু ইমিউনোলজিক পদাৰ্থবোৰক কেঁচুৱাৰ বাবে সংক্ৰামক ৰোগৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে প্ৰতিৰক্ষা কৰিবলৈ সুযোগ দিয়ে। মাতৃদুগ্ধত দীঘল-শৃংখলৰ পলিআনচেচুৰেটেড ফেটি এচিড থাকে যি স্বাভাৱিক ৰেটিনা আৰু স্নায়ুবিকাশত সহায় কৰে।[26]
যদি মাতৃ গৰাকীৰ ভিটামিনৰ অভাৱ নহয় তেন্তে সম্ভৱতঃ ভিটামিন ডি-ৰ বাহিৰে মাতৃদুগ্ধই সাধাৰণতে তেওঁৰ কেঁচুৱাৰ প্ৰয়োজনীয়তা যোগান ধৰে। চিডিচি, আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিস্ক, আৰু মায়ো ক্লিনিকে দিয়া পৰামৰ্শ অনুসৰি মাতৃয়ে কেৱল ভিটামিন-ডি থকা খাদ্য গ্ৰহণ কৰিলেও তেওঁৰ মাতৃদুগ্ধই কেঁচুৱাক পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি প্ৰদান নকৰে, তেওঁলোকে পৰামৰ্শ দিয়ে যে জন্মৰ অলপ পিছতে বেছিভাগ কেঁচুৱাক ভিটামিন-ডি ৰ অতিৰিক্ত উৎসৰ প্ৰয়োজন হ'য়।[27][28] কিছুমান অধ্যয়নে দাবী কৰে যে জন্মৰ সময়ত নাড়ীত চেপা মৰা কাৰ্য(cord clamp) নাড়ীৰ ধপধপনি বন্ধ নোহোৱালৈকে স্থগিত ৰাখিলে প্ৰথম ছমাহত শিশুৰ দেহত আইৰণৰ মাত্ৰাৰ সন্তুলন ঘটে।[29]
প্ৰতিবাৰত কিমান সময়ৰ বাবে কেঁচুৱা এটাই স্তন্যপান কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি মাতৃদুগ্ধৰ গঠন সলনি হয়।[30] সন্তান জন্মৰ প্ৰথম দিনত উৎপন্ন হোৱা প্ৰথম প্ৰকাৰৰ দুগ্ধক কলোষ্ট্ৰাম বুলি কোৱা হয়। কলোষ্ট্ৰাম হজম কৰিবলৈ সহজ যদিও ই পৰিপক্ব গাখীৰতকৈ অধিক ডাঠ। ইয়াৰ এক ৰেচক প্ৰভাৱ আছে যি কেঁচুৱাটোক প্ৰথম পৰ্যায়ৰ শৌচ প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় কৰে তথা অতিৰিক্ত বিলিৰুবিন ৰক্ষা কৰাত সহায় কৰে, যি জণ্ডিচ প্ৰতিৰোধক। ই কেঁচুৱাবোৰক বাহ্যিক পদাৰ্থৰ পৰা গেষ্ট্ৰোইনটেষ্টিঅনেল ট্ৰেক্ট বন্ধ কৰাত সহায় কৰে, যি কেঁচুৱাটোক মাতৃয়ে খোৱা খাদ্যৰ প্ৰতি সংবেদনশীল কৰিব পাৰে। যদিও কেঁচুৱাটোৱে ইতিমধ্যে প্লেচেণ্টাৰ জৰিয়তে মাতৃৰ পৰা কিছুমান এণ্টিবডী প্ৰাপ্ত কৰিছে, ইয়াৰোপৰি কলষ্ট্ৰামত থকা এক পদাৰ্থই নৱজাতকৰ বাবে নতুন, চিক্ৰেটৰী ইমিউনোগ্লোবিউলিন এ (আইজিএ) আই.জি.এ.-য়ে ডিঙি, হাঁওফাঁও আৰু অন্ত্ৰৰ শ্লেষ্মা আৱৰণত বীজাণুক প্ৰতিৰোধ কৰিবলৈ সহায় কৰে, এই অংশত বীজাণুৰ দ্বাৰা কেঁচুৱাটি আক্ৰমণৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক।[31]
মাতৃ স্তনে জন্মৰ তৃতীয় বা চতুৰ্থ দিনৰ ওচৰা ওচৰিকৈ পৰিপক্ব গাখীৰ উৎপাদন আৰম্ভ কৰে। সেই সময়ত মাতৃ গৰাকীয়ে স্তনবোৰ ভৰ্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কেঁচুৱাই স্তন্যপান কৰাৰ লগে লগে এই গাখীৰ নলীকাৰে শিশুৰ মুখলৈ প্ৰবাহিত হয়। এই সময়ত মাতৃয়ে এক জিনজিননিৰ দৰে অনুভৱ কৰে যি হয়টো যথেষ্ট শক্তিশালীও হ'ব পাৰে। লগতে, প্ৰসৱৰ পিছৰ প্ৰাৰম্ভিক দিনবোৰত মাতৃৰ দুগ্ধ নিঃসৰণ হোৱাৰ সময়ত তেওঁৰ জৰায়ু সংকুচিত হোৱা অনুভৱ কৰে, অত্যধিক ৰক্তক্ষৰণ প্ৰতিহত কৰাত সহায় কৰাৰ বাবে স্তন্যপান এক উপকাৰী ক্ৰেম্পিং। কেঁচুৱাটোক স্তন্যপান কৰাৰ বাহিৰেও আন প্ৰকাৰে আপোনা আপুনি দুগ্ধ নিঃসৰণ হ'ব পাৰে। উদাহৰণ স্বৰূপে কেৱল কেঁচুৱাটোৱে স্তন্যপান কৰি থকা বুলি হোৱা অনুভৱৰ ফলত বা অন্যকোনো চাপৰ প্ৰভাৱত। মাতৃসকলে তেওঁলোকৰ 'ব্ৰা'ত ডিচপোজেবল পেড ব্যৱহাৰ কৰিব পাৰে বা এইদৰে নিঃসৰণ হোৱা গাখীৰ শোষিত হয়। ইয়াৰ বাবে ঘৰত বনোৱা পেডো ব্যৱহাৰ কৰিব পাৰে।[32]
নাৰ্চিং প্ৰক্ৰিয়াৰ আৰম্ভণিতে, স্তনবোৰত প্ৰাৰম্ভিক দুগ্ধ উৎপাদিত হয়। ই এক পাতল গাখীৰ য'ত বহুতো প্ৰ'টিন আৰু ভিটামিন থাকে। কেঁচুৱাটোৱে নাৰ্চিং কৰি থাকা অৱস্থাত হিণ্ডমিল্ক উৎপন্ন হয়। হিণ্ডমিল্কৰ ৰং আৰু ক্ৰীমৰ দৰে গাঁথনি অধিক ডাঠ কিয়নো ইয়াত অধিক পৰিমাণে চৰ্বি থাকে।[33]
নৱজাতক শিশুৱে সাধাৰণতে প্ৰথম দুইৰ পৰা চাৰি সপ্তাহৰ বাবে প্ৰতি একৰ পৰা তিনি ঘণ্টাত (২৪ ঘণ্টাত ৮-১২ বাৰ) দুগ্ধপানৰ প্ৰৱণতা প্ৰকাশ কৰে।[34] নৱজাতকৰ পেটৰ ক্ষমতা অতি কম। এদিনীয়া বয়সত ই ৫-৭ মিলি, প্ৰায় ডাঙৰ মাৰ্বল এটাৰ আকাৰৰ; তৃতীয় দিনত ই ২২-৩৩ মিলি, প্ৰায় পিং-পং বল এটাৰ আকাৰৰ; আৰু সপ্তাহৰ অন্তত ই ৪৫-৬০ মিলি, ধাৰণৰ বাবে সক্ষম। কেঁচুৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে উৎপন্ন হোৱা মাতৃদুগ্ধৰ পৰিমাণ নিৰ্দিষ্ট কৰা হয় যাতে প্ৰথম গাখীৰ কলোষ্ট্ৰাম অতি কম পৰিমাণে নিঃসৰণ হয়, ক্ৰমান্বয়ে কেঁচুৱাৰ পেটৰ ক্ষমতাৰ বিস্তাৰিত আকাৰ পূৰণ কৰিবলৈ এই পৰিমাণ বৃদ্ধি হয়।[31]
বহুতো নৱজাতকে প্ৰতিটো স্তন ১০ ৰ পৰা ১৫ মিনিটৰ বাবে পান কৰিব পাৰে।[4] অৱশ্যে কেঁচুৱাটোৱে অধিক সময়ৰ বাবে নাৰ্চ কৰিব বিচাৰিলে প্ৰতিটো স্তন ৩০ মিনিট বা অধিক সময় পান কৰিব পাৰে, অৱশ্যে তেওঁলোকে ইয়াৰ পৰা পৰ্যাপ্ত গাখীৰ নাপাব পাৰে।[4]
স্তনবৃন্তৰ বিষ প্ৰতিহত কৰিবলৈ আৰু কেঁচুৱাটোক পৰ্যাপ্ত গাখীৰ পানৰ হেতু সঠিক স্থিতি আৰু কৌশলৰ প্ৰয়োজন।[35] কেঁচুৱাবোৰে একাধিক স্থিতিৰ পৰা সফলতাৰে স্তনপান কৰিব পাৰে। প্ৰতিজন কেঁচুৱাই এক নিৰ্দিষ্ট স্থিতি পছন্দ কৰিব পাৰে। "ফুটবল" ধাৰণ স্থিতিত কেঁচুৱাটোৰ ভৰি মাতৃৰ কাষত থাকে আৰু কেঁচুৱাটো মাতৃৰ মুখামুখি হয়। "ক্ৰেডেল" বা "ক্ৰছ-বডী" হ'ল্ড স্থিতি ব্যৱহাৰ কৰি, মাতৃয়ে কেঁচুৱাটোৰ মুৰটো তেওঁৰ বাহুৰ দুৰ্বৃত্তই ধৰি থাকে। "ক্ৰছ-অভাৰ" হ'ল্ড স্থিতি ক্ৰেডেল হ'ল্ডৰ দৰে একে, কেৱল মাতৃয়ে কেঁচুৱাটো ধৰিবলৈ ব্যৱহাৰ নকৰা হাত খনেৰে কেঁচুৱাটোৰ মুৰটোক ধৰি ৰাখে। মাতৃয়ে তেওঁৰ কাষত থকা কেঁচুৱাটোৰ সৈতে তেওঁৰ পিঠি বা একাষৰীয়াকৈ হেঁচা দিয়া স্থিতি এটাও বাছনি কৰিব পাৰে।[36]
প্ৰায় সকলো ঔষধ কম পৰিমাণে মাতৃদুগ্ধলৈ যায়। কিছুমান ঔষধৰ কেঁচুৱাটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু স্তন্যপান কৰোৱাৰ সময়ত এনে ঔষধৰ সেৱন কৰিব পাৰি।[37] বহুতো ঔষধে গাখীৰ উৎপাদন প্ৰক্ৰিয়াক যথেষ্ট পৰিমাণে দমন কৰে বুলি জনা যায়, যাৰ ভিতৰত আছে ছ্যুডোফেড্ৰিন, মূত্ৰনাশক, আৰু এষ্ট্ৰোজেন থকা গৰ্ভনিৰোধক আদি। [38]
আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিস্কে (এ.এ.পি.) দাবী কৰে যে "মাতৃসকলে ধপাত সেৱন স্তন্যপানৰ প্ৰতিৰোধক নহয়। "[39] এছ.আই.ডি.এছ.-ৰ বিৰুদ্ধে ইয়াৰ সুৰক্ষামূলক প্ৰভাৱৰ বাবে ধূমপান কৰা মাতৃসকলক প্ৰকৃততে স্তন্যপান অব্যাহত ৰখাৰ পৰামৰ্শ দিয়া হৈছে। [40]
সুৰাৰ সন্দৰ্ভত, এ.এ.পি.-য়ে কয় যে স্তন্যপান কৰোৱাৰ সময়ত, "সংযমতাক নিশ্চিতভাৱে পৰামৰ্শ দিয়া হয়" আৰু নাৰ্চিং বা পাম্প কৰিবলৈ সুৰাপান কৰাৰ পিছত ২ ঘণ্টা অপেক্ষা কৰাৰ পৰামৰ্শ দিয়ে।[41]
এগৰাকী মাতৃয়ে তেওঁৰ গাখীৰ সংৰক্ষণ আৰু পিছত ব্যৱহাৰৰ কৰিব পাৰে। মালিচ বা স্তন পাম্পৰ দ্বাৰা এই দুগ্ধ উলিয়াব পাৰি। ইয়াক শীতল সংৰক্ষিত মোনা বিশেষকৈ মাতৃদুগ্ধৰ বাবে তৈয়াৰ কৰা পাত্ৰ, পৰিপূৰক নাৰ্চিং প্ৰণালী, বা ব্যৱহাৰ যোগ্য বটলত সংৰক্ষণ কৰিব পাৰি। মাতৃদুগ্ধ ছয় ঘণ্টালৈকে কোঠাৰ সাধাৰণ উষ্ণতাত ৰাখিব পাৰি, আঠ দিনলৈকে ফ্ৰিজত ৰাখিব পাৰি বা ছয়ৰ পৰা বাৰ মাহৰ বাবে হিমায়িত কৰিব পাৰি।[42] গৱেষণাৰ পৰামৰ্শ অনুসৰি সময়ৰ লগে লগে ইতিমধ্যে খিৰাই ৰখা মাতৃদুগ্ধত এণ্টিঅক্সিডেণ্টৰ কাৰ্যকলাপ হ্ৰাস হয়, কিন্তু নৱজাতকৰ দুগ্ধ সূত্ৰতকৈ এই গাখীৰৰ মান উচ্চ স্তৰৰ।[43]
কেৱল জন্মদাত্ৰী মাতৃয়েই হে তেওঁৰ সন্তানক স্তন্যপান কৰাব পাৰিব এনে নহয়। তেওঁ স্তন্যপানৰ বাবে আন এগৰাকী মহিলাক নিযুক্তি দিব পাৰে, বা তেওঁ আন এগৰাকী মাতৃৰ সৈতে শিশু পালনৰ ভাগ বতৰা কৰিব পাৰে (ক্ৰছ-নাৰ্চিং)। এই দুয়োটাৰে ঐতিহাসিক উদাহৰণ পোৱা যায়। আফ্ৰিকাকে ধৰি কিছুমান উন্নয়নশীল দেশত এটি শিশুক একাধিক মহিলাই স্তন্যপান কৰোৱা এক জনপ্ৰিয়। ভাগ বতৰাৰে কৰোৱা স্তন্যপান নৱজাতকৰ এইচ.আই.ভি. সংক্ৰমণৰ বিপদাশংকাৰ এক প্ৰধান কাৰক।[44]
এগৰাকী মাতৃয়ে ডাঙৰ সন্তানক স্তন্যপান কৰোৱা অব্যাহত ৰখাৰ লগতে নতুন কেঁচুৱাএটাকো স্তন্যপান কৰাই থকাটো সম্ভৱ; ইয়াক টেণ্ডেম নাৰ্চিং বুলি কোৱা হয়। গৰ্ভাৱস্থাৰ শেষৰ পৰ্যায়ত, মাতৃ দুগ্ধ কলোষ্ট্ৰামলৈ সলনি হয়। যদিও কিছুমান শিশুক এই পৰিৱৰ্তনৰ সময়তো স্তন্যপান কৰাই থকা হয়, আন কিছুমানক অন্য সাধাৰণ খাদ্যৰে পৰিচয় কৰোৱা হয়। বেছিভাগ মাতৃয়ে টেণ্ডেম নাৰ্চিংৰ বাবে পৰ্যাপ্ত গাখীৰ উৎপাদন কৰিব পাৰে, কিন্তু নতুন কেঁচুৱাটোৱে পৰ্যাপ্ত কলষ্ট্ৰাম প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ প্ৰসৱৰ পিছত কমেও প্ৰথম কেইদিনমানৰ বাবে নৱজাতকক প্ৰথমে স্তন্যপান কৰাব লাগে। [45]
কেঁচুৱাৰ ভোক নিবাৰণৰ বাবে স্তন্যপান কৰাই থকাৰ ক্ষেত্ৰত এবাৰতে তিনিটা বা অধিক সন্তান জন্ম দিয়া মাতৃৰ বাবে ই এক প্ৰত্যাহ্বান স্বৰূপ। মানৱ স্তনে চাহিদাৰ প্ৰতি সঁহাৰি দিয়ে আৰু প্ৰয়োজন সাপেক্ষে অধিক পৰিমাণে গাখীৰ উৎপাদন কৰিব পাৰে; প্ৰাপ্ত তথ্য অনুসৰি মাতৃসকলে সফলতাৰে তিনিটা শিশুক স্তন্যপান কৰাই ডাঙৰ কৰিছে।[46][47][48]
প্ৰেৰিত বা দত্তক স্তন্যপান হৈছে সন্তান জন্ম নিদিয়া মহিলা এগৰাকীৰ দ্বাৰা স্তন্যপান আৰম্ভ কৰাৰ এক প্ৰক্ৰিয়া।[49] ইয়াৰ বাবে সাধাৰণতে দত্তক মাতৃয়ে স্তনৰ বিকাশ আৰম্ভ কৰিবলৈ আৰু গাখীৰ উৎপাদনবৃদ্ধি কৰিবলৈ হৰমন আৰু অন্যান্য ঔষধ গ্ৰহণ কৰিব লাগে। কিছুমান সংস্কৃতিত, দত্তক শিশুক স্তন্যপান কৰালে দুগ্ধ-আত্মীয়তা সৃষ্টি হয় যি শ্ৰেণী আৰু অন্যান্য পদানুক্ৰমিক বন্ধনত সামূহিক বন্ধন গঢ়ি তোলে।[49]
পুনৰাই স্তন্যপান কৰোৱাৰ অৰ্থ হৈ মাতৃ এগৰাকীয়ে স্তন্যপান পুনৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়া।[49] উন্নয়নশীল দেশবোৰত, ডায়েৰিয়াৰ বাবে মুখৰ দ্বাৰা কৰা ৰিহাইড্ৰেচন চিকিৎসাৰ পিছত মাতৃসকলে স্তন্যপান পুনৰ আৰম্ভ কৰিব পাৰে। উন্নত দেশবোৰত, আগতীয়া চিকিৎসা সমস্যা সমাধান হোৱাৰ পিছত, বা মাতৃ এগৰাকীে স্তন্যপান কৰোৱাৰ বিষয়ে মন সলনি কৰাৰ বাবে পুনৰ স্তন্যপান কৰাটো সচৰাচৰ সংঘটিত এক সাধাৰণ বিষয়।
সম্প্ৰসাৰিত স্তন্যপান ৰ অৰ্থ হৈছে উৎসৰ ওপৰত নিৰ্ভৰ কৰি ১২ বা ২৪ মাহ বয়সৰ পিছত স্তন্যপান কৰোৱা। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু গ্ৰেট ব্ৰিটেইনৰ দৰে পশ্চিমীয়া দেশবোৰত, সম্প্ৰসাৰিত স্তন্যপান তুলনামূলকভাৱে অস্বাভাৱিক আৰু ই সমালোচনাৰ সৃষ্টি কৰিব পাৰে।[50][51]
আমেৰিকা যুক্তৰাষ্ট্ৰত, ২২.৪% শিশুক ১২ মাহৰ বাবে স্তন্যপান কৰোৱা হয়, যি হৈছে আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিস্কৰ দ্বাৰা প্ৰকাশিত নিম্নতম সময়। ভাৰতত, মাতৃসকলে সাধাৰণতে ২ৰ পৰা ৩ বছৰ পৰ্যন্ত স্তন্যপান কৰায়।[52]