স্ন' হোৱাইট | |
---|---|
![]() | |
Snow White in her coffin, Theodor Hosemann, 1852 | |
সাধু কথা | |
নাম: | স্ন' হোৱাইট |
তথ্য | |
Aarne-Thompson Grouping: | ৭০৯ |
দেশ: | জাৰ্মানী |
সম্বন্ধীয়: | "Bella Venezia" "Myrsina" "Nourie Hadig" "The Young Slave" "Gold-Tree and Silver-Tree" and "The Jealous Sisters" |
স্ন' হোৱাইট (ইংৰাজী: Snow White) হৈছে ইউৰোপত বহুলভাৱে প্ৰচাৰিত এক জাৰ্মান সাধু। গ্ৰীম ভাতৃদ্বয়ৰ ১৮১২ চনৰ সংগ্ৰহত থকা সাধুৰ সংস্কৰণটি স্ন' হোৱাইট আৰু সাত বাওনা, (জাৰ্মান: Schneewittchen und die sieben Zwerge, ইংৰাজী: Snow White and the Seven Dwarfs) সবাতোকৈ জনপ্ৰিয়।
এদিন এখন দেশৰ ৰাণীয়ে খিৰিকিমুখত বহি চিলাইৰ কাম কৰি থাঁকোতে বেজীয়ে আঙুলিত বিন্ধাত এটোপাল তেজ ক'লা কাঠৰ খিৰিকিত থকা বৰফত পৰিল। তাকে দেখি ৰাণীৰ বৰফৰ দৰে গাৰ ছাল, তেজৰঙা ওঁঠ আৰু ৰ দৰে ক'লা চুলিৰ ছোৱালী এজনীৰ মাক হ'বলৈ মন গ'ল। অতি সোনকালেই ৰাণীয়ে ঠিক তেনেকুৱা এজনী ছোৱালী জন্ম দিলে আৰু নাম থলে স্ন' হোৱাইট। ইয়াৰ পিছতে ৰাণীৰ মৃত্যু হয় আৰু ৰজাই ধুনীয়া কিন্তু অহংকাৰী ৰাণীক নতুনকৈ বিয়া কৰাই। নতুন ৰাণীৰএখন যাদুকৰী আইনা আছিল। সেই খনক ৰাণীয়ে প্ৰায়ে সুধিছিল, “হে মোৰ মৰমৰ যাদুকৰী আইনা, কোৱাচোন কোন পৃথিৱীৰ আটাইতকৈ ধুনীয়া?” (ইংৰাজী: Magic mirror on the wall/ Who is the fairest of them all?; জাৰ্মান: Spieglein, Spieglein, ander Wand / Wer ist die Schönsteim ganzen Land?; ইটালীয়ান: Specchio, servo delle miebrame/ chi è la più bella di tutto il reame?) আৰু আইনাখনে সদায় ৰাণীৰ নাম লৈছিল। স্ন' হেৱাইট যেতিয়া আঠবছৰীয়া হ'ল তেতিয়া এদিন ৰাণীয়ে আইনাখনক কোন আটাইতকৈ ধুনীয়া সোধাত স্ন' হোৱাইটক আটাইতকৈ ধুনীয়া বুলি ক'লে। এয়া শুনি ৰাণী ইৰ্ষান্বিত হয়। তেওঁ এজন সৈনিকক স্ন'হোৱাইটক মাৰিবলৈ আদেশ দিয়ে আৰু প্ৰমাণ হিচাপে তাইৰ হাওঁফাওঁ আৰু যকৃত লৈ আহিবলৈ কয়। পিছে সৈনিক জনৰ স্ন' হোৱাইটলৈ মৰম ওপজে আৰু ৰাণীৰ পৰা আঁতৰি থাকিবলৈ কৈ তাইক অৰণ্যত এৰি থৈ আহে। ৰাণীক সৈনিকজনে গাহৰি এটাৰ হাওঁফাওঁ আৰু যকৃত পঠিয়াই দিয়ে আৰু তেওঁ স্ন' হোৱাইট আৰু নাই বুলি পৰম তৃপ্তিৰে সেয়া ৰান্ধি খায়। অৰণ্যৰ মাজত স্ন' হোৱাইটে এটা পঁজাঘৰ বিচাৰি পায় য'ত সাতটা বাওঁনাই বাস কৰিছিল। বাঁওনাহঁতে স্ন' হোৱাইটক ক'লে যে যদি তাই সিহঁতৰ ঘৰটো ৰখি থাকৈ, সিহঁতক বিছনা পাৰি দিয়ে, কাপোৰ চিলাই কৰি দিয়ে আৰু সকলো বস্তু চাফ চিকুণকৈ ৰাখে তেতিয়া তাই সিহঁতৰ লগত থাকিব পাৰিব আৰু যি বিচাৰে তাকেই পাব। সিহঁত ঘৰত নাথাকিলে ঘৰৰ ভিতৰত কাকো সোমাবলৈ নিদিবলৈও তাইক সঁকিয়াই থয়। ইফালে মাহীমাকে যাদুকৰী আইনাৰ সহায়ত গম পায় যে স্ন' হোৱাইট বাঁওনাহঁতৰ ঘৰত আছে। তেওঁ তিনিবাৰ ছদ্মবেশ ধৰি স্ন' হোৱাইটক মাৰিবলৈ আহে। প্ৰথমবাৰ তেওঁ কাপোৰ বেপাৰী হৈ আহে আৰু তাইক কাপোৰযোৰ ইমান টানকৈ পিন্ধাই দিয়ে যে তাই অচেতন হৈ পৰে পিছত বাঁওনাহঁতে আহি কাপোৰৰ গাঁঠি খুলি দিয়াত তাই সেইবাৰলৈ ৰক্ষা পৰে। দ্বিতীয়বাৰ তেওঁ এজনী বুঢ়ীৰ ভেশ লৈ আহে আৰু স্ন' হোৱাইটৰ চুলিখিনি বিষাক্ত ফণী এখনেৰে আঁচুৰি তাইক অচেতন কৰি পেলাই। পিছত বাঁওনাহঁতে ফণীখন উলিয়াই দিয়াত তাই সুস্থ হয়। আৰু শেষত ৰাণীয়ে এজনী খেতিয়কৰ গৃহিণীহৈ আহি তাইক এটা বিষাক্ত আপেল খাবলৈ দিয়ে। স্ন' হোৱাইটে খাব নোখোজাত তেওঁ নিজেই বিষ নিদিয়া ফাল টোত একামোৰ মাৰে। তাকে দেখি তায়ো আপেলটোত কামোৰ মাৰে আৰু লগে লগে মাটিত ঢলি পৰে। এইবাৰ কিন্তু বাওঁনাহঁতেও তাইক জগাব নোৱাৰিলে আৰু মৃত বুলি ভাবি এটা কাঁচৰ কফিনত ভৰাই থয়। এদিন এজন ৰাজকুমাৰ সেইফালেৰে যাওঁতে স্ন' হোৱাইটক দেখি মন্ত্ৰমুগ্ধ হয়। তেওঁ লগুৱাকেইটাৰ হতুৱাই কফিনেৰে সৈতে তাইক লৈ যায়। পিছে হঠাৎ কোনোবা এটা উজুতি খোৱাত স্ন' হোৱাইটৰমুখৰ পৰা আপেলটুকুৰা ওলাই পৰে (কিছুমানৰ মতে ৰাজকুমাৰে চুমা খাওঁতে) আৰু তাই জী উঠে আৰু দুয়ো বিবাহপাশত আবদ্ধ হয়। ইফালে মাহীমাকো পুনৰ আইনাখনক কোন সবাতোকৈ ধুনীয়া সোধাত নতুন ৰাণীৰ বুলি ক'লে। নতুন ৰাণী কোন নজনাকে মাহীমাকে বিয়াত উপস্থিত হয় আৰু স্ন' হোৱাইটক দেখি হতভম্ব হয়। নিজৰ অপকৰ্মৰ শাস্তি হিচাপে তেওঁক এযোৰ লোহাৰ জোতা পিন্ধি মৃত্যু নোহোৱালৈকৈ নাচিব দিয়া হয়।[1]
গ্ৰীম ভাতৃদ্বযয়ে প্ৰকাশ কৰা প্ৰথম সংস্কৰণত খলনায়িকা আছিল স্ন' হোৱাইটৰ ইৰ্ষাপৰায়ণ মাতৃ। তদুপৰি পিছৰ সংস্কৰণবোৰত মাকে নিজেই স্ন' হোৱাইটক ফুল আনিবলৈ যোৱা বুদ্ধিৰে অৰণ্যত এৰি থৈ আহে, প্ৰথম সংস্কৰণত এই কামটো লগুৱা বা সৈনিক এজনে কৰে।[2]। বিশ্বাস কৰা হয় যে শিশুৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ পিছলৈ মাহীমাকৰ চৰিত্ৰটো সৃষ্টি কৰা হয়।[3]
ইউৰোপৰ বহুতো দেশত এই সাধুটোৰ পৰিৱৰ্তিত ৰূপ দেখিবলৈ পোৱা যায় য'ৰ কিছুমানত বাওঁনাৰ ঠাইত ডকাইত থাকে। Johann Georg von Hahn সংগ্ৰীহিত এক আলবেনিয়ান সংস্কৰণত প্ৰধান চৰিত্ৰটো ৪০টা ড্ৰেগনৰ সৈতে বাস কৰে[4]। আন দুটা আলবেনিয়ান সংস্কৰণত স্ন হোৱাইটক মাহীমাক আৰু দুজনী ইৰ্ষাপৰায়ণ ভনীয়েকে হত্যা কৰিবলৈ চেষ্টা কৰে। ভাৰতীয় মহাকাব্যিক কবিতা পদ্মাৱততো ৰাণী নাগামতিয়ে পোহনীয়া ভাটৌটোক কোন বেছি ধুনীয়া, তেওঁ নে পদ্মাৱতী বোলা সোধা কথাটোক ইয়াৰ লগত ৰিজাব পাৰি। ৰাছিয়ান লেখক আলেকজেণ্ডাৰ পুস্কিনৰ কবিতা দ্য টেল অৱ দ্য ডেড প্ৰিন্সেছ এণ্ড চেভেন নাইটচত বাওঁনাৰ ঠাইত সাতজন নাইট থাকে।[5]
টেনিথ লীৰ চুটিগল্প ৰেড এজ ব্লাড (একেনামৰে গল্পপুথিত প্ৰকাশিত) আৰু নীল গেইমেনৰ চুটিগল্প স্ন' গ্লাচ এপল্ছক স্ন হোৱাইটৰ আধুনিক সংস্কৰণ বুলিব পাৰি। এই থীম ব্যৱহাৰ কৰ আন লেখক সমূহ হ'ল ডনাল্ড বাৰ্থেল্ম (তেওঁৰ উপন্যাস স্ন হোৱাইটত), জেন য়লেন (তেওঁৰ গল্প স্ন ইন চামাৰ), ডেব্ৰা ডয়ল আৰু জেমচ ডি.মেকডোনাল্ড (দ্য কুইনছ মিৰৰ গল্পত), এন ছেক্সটন (তেওঁৰ কবিতা স্ন' হোৱাইট এণ্ড দ্য চেভেন দ্ৱাৰ্ফছ) আদি।
জেছি ব্ৰাহাম হোৱাইটৰ ১৯১২ চনৰ নাটক"স্ন' হোৱাইট এণ্ড চেভেন দ্ৱাৰ্ফ"ৰ পৰা ১৯১৬ চনত চাৰ্ল ডাউলীৰ নিৰ্দেশনাত আৰু এডল্ফ জুকৰ, ডেনিয়েল ফ্ৰহমেনৰ প্ৰযোজনাত ফেমাছ প্লেয়াৰ্ছ-লেস্কি কৰ্পোৰেছনে স্ন হোৱাইট নামৰ চলচ্চিত্ৰ নিৰ্মাণ কৰে। ইয়াত মাৰ্গাৰেট ক্লাৰ্কে স্ন হোৱাইট ক্ৰেইটন হেলে প্ৰিন্স ফ্লৰিমণ্ড আৰু ডৰথী কামিঙে কুইন ব্ৰেংগোমাৰৰ চৰিত্ৰ ৰূপায়ণ কৰে। ১৯৩৭ চনৰ ডিজনীৰ"স্ন' হোৱাইট এণ্ড চেভেন দ্ৱাৰ্ফ"ত থকা সাতটা বাঁওনাৰ নাম হল ডক, গ্ৰাম্পী, হেপী, স্লীপি, বেশ্বফুল, স্নীজি আৰু ডপী। আকৌ ইয়াত ৰাজকুমাৰ আৰু স্ন হোৱাইটৰ আগৰ পৰাই চিনা পৰিচয় থাকে।[6] এই স্ন' হোৱাইটজনী ডিজনীৰ পাৰ্ক আৰু ৰিজৰ্ট সমূহত দেখা পোৱা যায় আৰু ডিজনী প্ৰিন্সেছ সমূহৰো ই অংশ। ইয়াৰ উপৰিও Coal Black and deSebben Dwarfs (১৯৪৩), Schneewittchen und die siebenZwerge (জাৰ্মান, ১৯৫৫) Snow White and theThree Stooges (১৯৬১), Schneewittchen und die sieben Zwerge (১৯৬২), A SnowWhite Christmas (১৯৮০), Snow White (১৯৮৭), Happily Ever After (১৯৮৮) আদিতো স্ন' হোৱাইটৰ কাহিনীভাগৰ কিছু সালসলনি ঘটোৱা দেখা যায়। ১৯৯৪ চনত চ'নীয়ে তেওঁলোকৰ যাদুকৰী সাধুৰ সংগ্ৰহৰ অংশ হিচাপে স্ন' হোৱাইটৰ এক এনিমেটড সংস্কৰণ মুকলি কৰে। ২০০১ চনত হলমাৰ্কে SnowWhite: The Fairest of Them All নামৰ চিনেমা নিৰ্মাণ কৰে য'ত দৈত্য দানৱ আদি আন বহুতো যাদুকৰী প্ৰাণী আছিল। এই সাধুটোক ভেটি কৰি ২০০৪ত 7 Dwarves – Men Alone in theWood নামৰ এখন ধেমেলীয়া চিনেমা বনোৱা হয়। এইচ.বি.ও.ৰ Happily Ever After: FairyTales for Every Child ত হে'ল বেৰীক স্ন' হোৱাইট আৰু লে'লা ৰকনক দুষ্ট ৰাণীৰ ৰূপত দেখুওৱা হয়। ২০০৭ চনত নিৰ্মিত চিনেমা ছিডনী হোৱাইট এই প্ৰাচীন সাধুটোৰেই এক আধুনিক ৰূপ। ইয়াত আমাণ্ডা বীনচে ছিডনী হোৱাইট (স্ন' হোৱাইট) ছাৰা পেক্সটনে ৰাছেল ৱিচ্ছবাৰ্ণ (দুষ্টা ৰাণী) আৰু মেট লঙে টাইলাৰ প্ৰিন্স (প্ৰিন্স চাৰ্মিং) ৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ২৮ফেব্ৰুৱাৰী ২০১২ ত দ্য এছাইলামে প্ৰযোজনা কৰা "গ্ৰীমচ স্ন হোৱাইটে " মুক্তি লাভ কৰে যত জেন মাৰ্চে ৰাণী, এলিজা বেনেটে স্ন' হোৱাইট আৰু জেমি থমাচ কিঙে প্ৰিন্স আলেকজেণ্ডাৰৰ ভাওঁ লৈছিল। ৩০ মাৰ্চ ২০১২ত ৰিলেটিভলী মিডিয়াই তাৰ্চেম সিং নিৰ্দেশিত "মিৰৰ মিৰৰ" বোলা এক প্ৰকল্প মুকলি কৰে। ইয়াত জুলিয়া ৰবাৰ্টচএ দুষ্ট ৰাণী, লিলি কলিন্ চেস্ন' হোৱাইট, আৰ্মি হেমাৰে প্ৰিন্স এন্দ্ৰিউ এলকট আৰু নাথান লেনে ৰাণীৰ মুখ্য DOMO ৰ চৰিত্ৰ ৰূপায়ণ কৰে। ২০১২ ত নিৰ্মিত ৰুপাৰ্ট চেণ্ডাৰ্চ নিৰ্দেশিত চলচ্চিত্ৰ "স্ন হোৱাইট এণ্ড দ্য হাণ্টছমেন" ত ক্ৰিষ্টেন ষ্টিৱাৰ্টক স্ন' হোৱাইট, চাৰ্লিজ থেৰণক ৰাণী, ক্ৰিছ হেমছৱৰ্থক এৰিক, দ্য হাণ্টছমেন আৰু ছেম ক্লেফিনক প্ৰিন্স ৱিলিয়ামৰ ৰূপত দেখা গৈছে।
ব্ৰিটিছ পেণ্টোমাইম (এক প্ৰকাৰৰ সংগীতালেক্ষ) সমূহত স্ন' হোৱাইট এক জনপ্ৰিয় থীম। ইনটু দ্য ৱুদ্ছ নামৰ সংগীতালেক্ষত স্ন' হোৱাইটক এজন ৰাজকুমাৰৰ নিষিদ্ধ প্ৰেমিকাৰ ৰূপত দেখুওৱা হয়। ১৯৭৪ চনৰ পৰা সূদীৰ্ঘ কাল জুৰি ছান ফ্ৰান্সিচকো ত চলি অহা"বীচ্চ ব্লেংকেট বেবীলন" নাটত জ্যুড স্মিথৰ দ্বাৰা ৰূপায়িত স্ন' হোৱাইট এক কেন্দ্ৰীয় চৰিত্ৰ।
১৯৮৬ চনত বাৰ্টেলছ নামৰ এজন জাৰ্মান পণ্ডিতে প্ৰকাশ কৰে স্ন' হোৱাইটৰ সাধুটো ১৭২৯ চনত Lohr am Main ত জন্ম লাত কৰা মাৰিয়া চোফিয়া মাৰ্গাৰেটা কেথেৰিনা ভন আৰ্থেলৰ (ইং Maria Sophia Margaretha Catherina von Erthal) বিষয়ে ৰচিত।[7] তেওঁৰ দেউতাক ল'ৰ মিৰৰ ফাৰ্মৰ (Lohr mirrorfirm) নিৰ্দেশক আৰু জ্যেষ্ঠ শাসক আছিল আৰু সেই সূত্ৰে ল'ৰ দূৰ্গত বাস কৰিছিল।[8] ১৭৪১ চনত তেওঁৰ মাতৃৰ মৃত্যুত দেউতাকে ১৭৪৩ চনত দ্বিতীয় বিবাহ কৰে আৰু অহংকাৰী মাহীমাক ক্লডিয়াই তেওঁৰ প্ৰথম বৈবাহিক জীৱনৰ সন্তান কেইটিক হে বেছি মৰম কৰিবলৈ লয়। সাধুত উল্লিখিত বাওঁনাকেইটা দৰাচলতেল'ৰৰ পৰা ৩৩ কিঃমিঃ দূৰত বাস কৰা কেইজনমান সৰুমুচৰীয়া লোৰ খনিত কাম কৰা শ্ৰমিক আছিল। দ্য টকিং মিৰৰ বোলা এখন এতিয়াও মাৰিয়াৰ জন্মস্থান লৰ দূৰ্গৰ স্পেচাৰ্ট মিউজিয়াম (spessart museum) ত আছে।
১৯নৱেম্বৰ ২০০৮ত "দ্য ৱাল্ট ডিজনী কোম্পানী"য়ে স্ন হোৱাইট নামটোৰ ট্ৰেডমাৰ্কৰ কাৰণে ইউ.এচ.পেটেণ্ট এণ্ড ট্ৰেডমাক অফিচত আবেদন জনাইছে যিয়ে চিনেমাটেলিভিছনৰেডিঅমঞ্চকম্পিউটাৰইণ্টাৰনেট বাতৰি ফটোগ্ৰাফ আদি সকলো বিনোদনৰ মাধ্যম সামৰি লব। মাত্ৰ কাল্পনিক বা বাস্তৱিক সাহিত্য কৰ্ম ইয়াৰ আওঁতাত নপৰিব।