খ্ৰীষ্টপূৰ্ৱ পঞ্চম শতিকাৰ ইটালীৰ নলাৰ এটা ৰঙা-দেহৰ স্ফিংক্স। | |
শ্ৰেণী | কিংবদন্তিমূলক জীৱ |
---|---|
সম্পৰ্কীয় জীৱ | গ্ৰীফিন, মেণ্টিকৰ, চেৰাব, লামাছু, নৰসিংহ |
স্থান | পাৰ্চী, ইজিপ্ত আৰু গ্ৰীক |
স্ফিংক্স হৈছে এবিধ কিংবদন্তিমূলক জীৱ। ইয়াৰ মূৰটো মানুহৰ দৰে, শৰীৰটো সিংহৰ দৰে আৰু ঈগলৰ দৰে ডেউকা থাকে।
গ্ৰীক পৰম্পৰা মতে স্ফিংক্স হৈছে নাৰীৰ মূৰ, সিংহৰ ঠেং আৰু চৰাইৰ ডেউকা থকা এবিধ বিশ্বাসঘাতক আৰু নিৰ্দয়ী জীৱ। গ্ৰীক শ্ৰুতিকথা অনুসৰি এই জীৱটোৰ সন্মুখীন হোৱা লোকসকলক সি এটা সাঁথৰৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনায় আৰু উত্তৰ দিব নোৱাৰিলে সি তেওঁলোকক হত্যা কৰি ভক্ষণ কৰে।[1] স্ফিংক্সৰ এই মাৰাত্মক সংস্কৰণটো ইডিপাছৰ শ্ৰুতিকথা আৰু নাটকসমূহত দেখা পোৱা যায়।
ইয়াৰ বিপৰীতে ইজিপ্তৰ পৌৰাণিক কাহিনীত স্ফিংক্সক সাধাৰণতে এজন মানুহ (এজন এণ্ড্ৰফিংক্স ανδρόσφιγξ) হিচাপে চিত্ৰিত কৰা হয়, আৰু ইয়াক শক্তি আৰু উগ্ৰতাৰ প্ৰতীক, সাধাৰণতে ফাৰাও হিচাপে গণ্য কৰা হয়। গ্ৰীক বা মেছ’পটেমিয়াৰ স্ফিংক্স দৰে ইজিপ্তৰ স্ফিংক্সৰ ডেউকা নাথাকে।
গ্ৰীক আৰু ইজিপ্তৰ স্ফিংক্সক ৰক্ষক হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ মূৰ্তি প্ৰায়ে মন্দিৰৰ প্ৰৱেশদ্বাৰৰ কাষত সংস্থাপিত কৰা হয়।[2] নৱজাগৰণৰ সময়ত ইউৰোপীয় সজ্জা শিল্পত স্ফিংক্সে পুনৰুজ্জীৱন লাভ কৰিছিল। এই সময়ছোৱাত স্ফিংক্সৰ ছবিবোৰ প্ৰথম অৱস্থাত প্ৰাচীন মিচৰীয় সংস্কৰণৰ সৈতে মিল আছিল যদিও পিছলৈ যেতিয়া অন্য সংস্কৃতিলৈ ৰপ্তানি কৰা হৈছিল, তেতিয়া মূল ছবিসমূহৰ বৰ্ণনাৰ বিভিন্ন অনুবাদ আৰু অন্যান্য সাংস্কৃতিক পৰম্পৰাৰ সৈতে সংযুক্ত হোৱাৰ ফলত হোৱা বিৱৰ্তনৰ বাবে স্ফিংক্সৰ বিৱৰণৰ কিছু সলনি হৈছিল।
যিকিনহওক স্ফিংক্সৰ চিত্ৰণ সাধাৰণতে ৰাজকীয় সমাধি বা ধৰ্মীয় মন্দিৰৰ দৰে স্থাপত্যৰ সৈতে জড়িত।
স্ফিংক্সৰ সৈতে তুলনামূলকভাবে একে সিংহৰ শৰীৰ আৰু মানুহৰ মূৰ থকা এটা সংমিশ্ৰিত পৌৰাণিক সত্তা দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ পৰম্পৰা, পৌৰাণিক কাহিনী আৰু সংস্কৃতিত দেখা পোৱা যায়।[3] বিভিন্ন নামেৰে জনাজাত এইজীৱটোক ভাৰতত সংস্কৃতত পুৰুষমৃগ, নৰবিৰালা, তামিলত পুৰুষমিৰুগম, শ্ৰীলংকাত নৰ-সিম্হা, ম্যানমাৰত মানুষসিহা বা মানুথিহা, আৰু থাইলেণ্ডত নৰসিংঘ বা থেপ নৰসিংঘ বুলি কোৱা হয়।
স্ফিংক্স শব্দটো গ্ৰীক Σφίγξ শব্দৰ পৰা আহিছে, শব্দটোৰ ক্ৰিয়া ৰূপ σφίγγω (স্ফিংগ’, sphíngō) , যাৰ অৰ্থ হৈছে “চেপি দিয়া”, “টান কৰা”।[4][5] সিংহই নিজৰ চিকাৰক ডিঙি চেপি হত্যা কৰা, চিকাৰৰ ডিঙিত কামোৰা আৰু মৃত্যুৰ আগলৈকে তললৈ চেপি ধৰি ৰখাৰ পৰা এই নামটো লোৱা হ’ব পাৰে। কিন্তু ইতিহাসবিদ চুজান ৱাইজ বাউয়াৰে কৈছে যে “স্ফিংক্স” শব্দটো ইয়াৰ পৰিৱৰ্তে ইজিপ্তিয়ান শব্দ “শ্বেচেপাংখ”ৰ গ্ৰীক বিকৃতিকৰণ আছিল, যাৰ অৰ্থ আছিল “জীৱন্ত প্ৰতিমূৰ্তি”, আৰু এই শব্দই জীৱটোৰ সলনি স্ফিংক্সৰ “জীৱন্ত ৰূপ দিয়া শিল”ৰ মূৰ্তিটোকহে বুজাইছিল।[6]
পৃথিৱীৰ ভিন্ন প্ৰান্তৰ শ্ৰুতিকথাসমূহত প্ৰাচীন পৌৰাণিক জীৱ গ্ৰীফিনৰ সৈতে মিল থকা বহুকেইটা কিংবদন্তীমূলক জীৱৰ বিষয়ে পোৱা যায়।
লামাছু - আছিৰিয়ান সংস্কৃতিৰ সুৰক্ষামূলক দেৱতা, যাৰ শৰীৰ ম’হ বা সিংহৰ দৰে, ঈগলৰ ডেউকা আৰু মূৰটো মানুহৰ দৰে।
গ্ৰীফিন - ইয়াৰ শৰীৰ, নেজ আৰু পিছফালৰ ঠেং সিংহৰ দৰে আৰু আগ ঠেং, মূৰ আৰু ডেউকা ঈগলৰ দৰে।
নৰসিংহ - হিন্দু ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ। নৰসিংহৰ মূৰটো সিংহৰ দৰে, দেহৰ বাকী অংশ মানুহৰ দৰে।
মেণ্টিকৰ - পাৰ্চী কিংবদন্তিমূলক জীৱ। ইয়াৰ মানুহৰ দৰে মূৰ, সিংহৰ দৰে শৰীৰ আৰু বৃশ্চিক বা কেটেলা পহুৰ কাঁইতৰ দৰে জোঙা আৰু বিষাক্ত নেজ থাকে।
চেৰাব - চাৰিখন মুখ থকা এবিধ কিংবদন্তিমূলক জীৱ। ইয়াৰ এখন মুখ সিংহৰ, এখন ম’হৰ, এখন মানুহৰ আৰু এখন ঈগল চৰাইৰ মুখ থাকে।