স্বতঃস্ফূৰ্ত গৰ্ভপাত | |
---|---|
![]() | |
এখন আল্ট্ৰাছাউণ্ডত গৰ্ভধাৰণৰ থলী এটা দেখুওৱা হৈছে য'ত কুহুমৰ থলী আছে কিন্তু ভ্ৰূণ নাই। | |
বিভাগ | প্ৰসূতি বিদ্যা আৰু স্ত্ৰী ৰোগ বিজ্ঞান, নিঅ'নেটালজি, শিশু ৰোগ বিজ্ঞান |
লক্ষণ | বিষসহ অথবা বিষ অবিহনে হোৱা যোনিয় ৰক্তক্ষৰণ[1] |
জটিলতা | সংক্ৰমণ, ৰক্তক্ষৰণ,[2] দুখ, উদ্বিগ্নতা, অপৰাধবোধ[3] |
আৰম্ভণি | গৰ্ভধাৰণৰ ২০ সপ্তাহ আগত[4] |
কাৰণ | গুণসূত্ৰৰ অস্বাভাৱিকতা,[1][5] জৰায়ুৰ অস্বাভাৱিকতা[6] |
আশংকাৰ কাৰণ | বয়োসস্থ পিতৃ-মাতৃ, পূৰ্ববৰ্তী স্বতঃস্ফূৰ্ত গৰ্ভপাত, ধপাত সেৱন, মেদবহুলতা, মধুমেহ, স্বসংক্ৰমণশীল ৰোগ, ড্ৰাগ্ছ আৰু এলক'হলৰ ব্যৱহাৰ[7][8][9] |
ৰোগ নিৰূপণ | শাৰীৰিক পৰীক্ষা, হিউমেন কৰিঅ'নিক গণাড'ট্ৰপিন, আল্ট্ৰাছাউণ্ড[10] |
একেধৰণৰ ৰোগ | এক্ট'পিক গৰ্ভধাৰণ, ইমপ্লাণ্টেশ্যন ৰক্তক্ষৰণ[1] |
প্ৰতিৰোধ | প্ৰিনেট্ল কেয়াৰ[11] |
চিকিৎসা | প্ৰত্যাশী ব্যৱস্থাপনা, ভেকুৱাম এছপিৰেশ্যন, আৱেগিক সাহায্য[8][12] |
ঔষধ | মিছ'প্ৰ'ষ্টল |
পুনৰাবৃত্তি | ১০–৫০%[1][7] |
স্বতঃস্ফূৰ্ত গৰ্ভপাত (ইংৰাজী: Spontaneous abortion) হৈছে ভ্ৰণ বা গৰ্ভস্থ সন্তানৰ স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ সক্ষম হোৱাৰ আগতে হোৱা মৃত্যু।[1][4] গৰ্ভধাৰণৰ বিংশ সপ্তাহত বা তাৰ পাছত হোৱা গৰ্ভস্থ সন্তানৰ মৃত্যুক জন্মমৃত বুলি কোৱা হয়।[13] স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ আটাইতকৈ সাধাৰণ লক্ষণ হৈছে বিষসহ অথবা বিষ অবিহনেই হোৱা যোনিয় ৰক্তক্ষৰণ।[1] পৰৱৰ্তী সময়ত মাতৃ গৰাকীয়ে বিষণ্ণতা, উদ্বিগ্নতা আৰু অপৰাধবোধতো ভুগিব পাৰে।[3][14] কলা আৰু আতঞ্চ সদৃশ পদাৰ্থ জৰায়ুৰ পৰা নিঃসৰণ হৈ যোনিৰ মাজেৰে বাহিৰলৈ ওলাই আহিব পাৰে।[15] পুনৰাবৃত্তি হৈ থকা স্বতঃস্ফূৰ্ত গৰ্ভপাতক বন্ধ্যাত্বৰ অন্য এক প্ৰকাৰ বুলিও গণ্য কৰিব পাৰি।[16]
স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ বাবে বিপদাশংকাৰ কাৰকসমূহ হৈছে বয়োসস্থ মাতৃ, পূৰ্ববৰ্তী স্বতঃস্ফূৰ্ত গৰ্ভপাত, ধপাত সেৱন, মেদবহুলতা, মধুমেহ, থাইৰয়ডৰ সমস্যা আৰু এলক'হলৰ ব্যৱহাৰ।[7][8] প্ৰায় ৮০% স্বতঃস্ফূৰ্ত গৰ্ভপাত গৰ্ভধাৰণৰ প্ৰথম ১২ সপ্তাহত (প্ৰথম ত্ৰিমাসিক) সংঘটিত হয়।[1] প্ৰায় আধাসংখ্যক কেছৰ ক্ষেত্ৰতে পৰিলক্ষিত হৈছে যে গুণসূত্ৰৰ অস্বাভাৱিকতা (Chromosomal abnormalities) স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ অন্তৰ্নিহিত কাৰণ।[5][1] ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত অৱলম্বন কৰা পদ্ধতিসমূহ হৈছে চাৰ্ভিক্স খোলা আছে নে বন্ধ হৈ আছে সেয়া পৰীক্ষা কৰা, হিউমেন কৰিঅ'নিক গণাড'ট্ৰপিনৰ (hCG) তেজৰ মাত্ৰা পৰীক্ষা কৰা আৰু এখন আল্ট্ৰাছাউণ্ড।[10] একে ধৰণৰ লক্ষণ দেখুৱাব পৰা পৰা আন ৰোগসমূহৰ ভিতৰত এক্ট'পিক গৰ্ভধাৰণ আৰু ইমপ্লাণ্টেশ্যন ৰক্তক্ষৰণ অন্যতম।[1]
ভালকৈ প্ৰিনেট্ল কেয়াৰ ল'লে স্বতঃস্ফূৰ্ত গৰ্ভপাত প্ৰতিৰোধ কৰাটো মাজে-সময়ে সম্ভৱপৰ হয়।[11] ড্ৰাগ্ছ, এলক'হল, সংক্ৰমণশীল ৰোগ আৰু বিকিৰণ এৰাই চলিব পাৰিলে স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ বিপদাশংকা ভালেখিনি হ্ৰাস হয়।[11] প্ৰথম সাতৰ পৰা চৈধ্য দিনৰ সময়ছোৱাত কোনো নিৰ্দিষ্ট চিকিৎসাৰ প্ৰয়োজন নাই।[8][12] বেছিভাগ স্বতঃস্ফূৰ্ত গৰ্ভপাত কোনো অতিৰিক্ত হস্তক্ষেপ অবিহনেই সম্পূৰ্ণ হয়।[8] মাজে সময়ে মিছ'প্ৰ'ষ্টল নামৰ এবিধ ঔষধ আৰু অৱশিষ্ট কলা আঁতৰাবলৈ ভেকুৱাম এছপিৰেশ্যন নামৰ এটা পদ্ধতি অৱলম্বন কৰা হয়।[12][17] Rh negative তেজৰ গোট থকা মহিলাক Rho(D) ইমিউন গ্ল'বুলিনৰ প্ৰয়োজন হ'ব পাৰে।[8] বিষনাশকো উপকাৰী হ'ব পাৰে।[12] তদুপৰি স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ ফলত হোৱা লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ আৱেগিক সাহায্য আগবঢ়োৱাটো উপকাৰী হ'ব পাৰে।[12]
নিৰ্দ্ধাৰিত সময়তকৈ আগতে হোৱা গৰ্ভধাৰণৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ত গৰ্ভপাত হৈছে সচৰাচৰ পৰিলক্ষিত জটিলতাৰ কাৰক।[18] নিজে গৰ্ভৱতী হোৱা বুলি জনা মহিলাসকলৰ ভিতৰত স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ হাৰ মোটামুটি ১০% ৰ পৰা ২০% আৰু আনহাতে সকলো নিষেচনৰ ভিতৰত ইয়াৰ হাৰ প্ৰায় ৩০% ৰ পৰা ৫০%।[1][7] ৩৫ বছৰ বয়সৰ তলৰ মহিলাৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ হাৰ প্ৰায় ১০% আৰু আনহাতে ৪০ বছৰ বয়সৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত ইয়াৰ হাৰ প্ৰায় ৪৫%।[1] প্ৰায় ৩০ বছৰ বয়সৰ পৰাই ইয়াৰ বিপদাশংকা বৃদ্ধি হ'বলৈ ধৰে।[7] প্ৰায় ২% মহিলাই একেৰাহে দুবাৰকৈ স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ বলি হয়। [19]
বৰ্গীকৰণ | |
---|---|
বাহ্যিক সমল |