স্বন্তি নেপালৰ নেৱাৰ সম্প্ৰদায়ৰ মাজত প্ৰচলিত পাঁচ দিনীয়া এক উৎসৱ, যিটো নেৱাৰ জনগোষ্ঠীৰ বাবে বছৰৰ অন্যতম শ্ৰেষ্ঠ উদযাপন। ই নেৱাৰসকলে কৰা তিহাৰ বা দীপাৱলীৰ নৱ সংস্কৰণ। এই উৎসৱত ঘৰৰ নাৰীসকলৰ ভূমিকাক উজ্জ্বল কৰি তোলে আৰু এই অনুষ্ঠানত তেওঁলোকে পৰিয়ালৰ সুখ-শান্তিৰ বাবে আন সদস্যসকলক মূল্যবান সামগ্ৰী উপহাৰ দি মংগল কামনা কৰি আৰু মৃত্যুৰ দেৱতাক শান্ত কৰি দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে।[1][2]
উৎসৱৰ সময়ত ঘৰৰ খিৰিকী আৰু দুৱাৰমুখ ফুলৰ মালা আৰু চাকিৰে সজাই তোলা হয়। উদযাপনৰ অংশ হিচাপে দেৱতা, জীৱ-জন্তু আৰু মানুহক শ্ৰদ্ধা নিবেদন কৰা হয়। এই উৎসৱ হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মী লোকে উদযাপন কৰে। উৎসৱটি চান্দ্ৰ পঞ্জিকা অনুসৰি অনুষ্ঠিত হয়; গতিকে তাৰিখ সলনি কৰিব হ’ব পাৰে। ২০১৭ চনত এই উৎসৱ আছিল ১৭–২১ অক্টোবৰ।[3]
স্বন্তি উৎসৱৰ প্ৰথম দুদিন ক্ৰমে কাউৰী আৰু কুকুৰৰ প্ৰতি উৎসৰ্গিত কোৱাহ পূজা আৰু খিচা পূজা হয়; এই দুয়োবিধ জীৱ মৃত্যুৰ দূত হিচাপে জনাজাত। কাউৰীৰ ভোজৰ বাবে ঘৰৰ ছাদত খাদ্যবস্তু থৈ দিয়া হয়। মানুহে কুকুৰক ডিঙিত ফুলৰ মালা পিন্ধায় আৰু সুস্বাদু খাদ্য আগবঢ়াই সন্মান জনায়। উৎসৱৰ তৃতীয় দিনটো হৈছে ছা পূজা, গৰুৰ বাবে উৎসৰ্গিত দিন। এইবোৰে মৃতকৰ আত্মাক মৃতকৰ দেশলৈ লৈ যায় বুলি বিশ্বাস কৰা হয়।[4] ইয়াৰ লগতে তৃতীয় দিনা গৃহস্থই ধনৰ দেৱী লক্ষ্মীক পূজা কৰি লক্ষ্মী পূজা পালন কৰে৷ ঘৰৰ ভিতৰৰ কোঠা এটাত স্থাপন কৰা মন্দিৰত দেৱীৰ নতুন ছবি আঁকে আৰু গুড়িৰে এটি মণ্ডল সাজি পূজা কৰে। তাৰ পিছত পৰিয়ালৰ সকলো সদস্যই দেৱীলৈ মুদ্ৰা আগবঢ়াই পূজা কৰে। পিছদিনা ম্হা পূজা(Mha puja)ৰ দিনটোক থাইভু নামেৰে জনাজাত, এখন বিশাল প্লেটত বিভিন্ন খাদ্য সামগ্ৰীৰে ওখকৈ স্তূপ কৰি দেৱীক আগবঢ়োৱা ভোজ খোৱা হয়।
দেৱী লক্ষ্মীৰ চিত্ৰকলাত সন্নিৱিষ্ট আনুষংগিক বস্তু আৰু পৰিচাৰকসকলৰ দ্বাৰা নেৱাৰ পৰম্পৰাত দেৱীক পৃথক ৰূপত দেখা যায়। তেওঁৰ সোঁহাতত জৱালা ন্হাইকন(জুইৰ শিখাৰে আগুৰি থকা দাপোন) আৰু বাওঁহাতত সিনহামু(পাঁচ স্তৰৰ ছাটিৰে ঢাকি থোৱা গুড়িৰ পাত্ৰ) লৈ থকা দেখা গৈছে। সমৃদ্ধি আৰু সৌভাগ্যৰ বাবে বুলি মন্যতা দিয়া এই দুটা আচাৰ-ব্যৱহাৰ নেৱাৰ সমাজৰ বহু অনুষ্ঠানৰ বাবে প্ৰয়োজনীয়।
ধনৰ মোনা ধৰি থকা মানুহৰ আকৃতিক ধনৰ অধিপতি কুবেৰ বা ধনী ব্যৱসায়ী বুলি কোৱা হয়। লোমশ জীৱবোৰক খ্যাহ(কিংবদন্তি জীৱ) উচ্চ হিমালয়ত বাস কৰে বুলি বিশ্বাস কৰা হয়। প্ৰাচীন কালত তিব্বতলৈ যোৱা বণিকসকলে বৰফেৰে আবৃত পথত ইহঁতৰ সম্মুখীন হোৱা বুলি কোৱা হয় আৰু এইবোৰ য়েটিৰ সৈতে একে হ’ব পাৰে।[5]
পিছদিনা ম্হা পূজা যাৰ অৰ্থ "আত্মাৰ পূজা"। এই অনুষ্ঠানে আত্মাক শুদ্ধ আৰু শক্তিশালী কৰে বুলি বিশ্বাস কৰা হয়। ম্হা পূজাই নেপাল সম্বতৰ নৱবৰ্ষৰ শুভ আৰম্ভণিৰ ইংগিত দিয়ে আৰু অংশগ্ৰহণকাৰীৰ বাবে সমৃদ্ধি আৰু দীৰ্ঘায়ু কামনা কৰে।[6][7] এই অনুষ্ঠানত এটা মণ্ডলৰ পূজা কৰা হয় আৰু তান্ত্ৰিক ধাৰণাক প্ৰতিনিধিত্ব কৰা শুভ খাদ্য সামগ্ৰীৰ এটা গোট (চাউলৰ মদ, মাংস, ধোঁৱা দিয়া মাছ, মচুৰ দাইলৰ বড় আৰু সিজোৱা কণী) চাগান আগবঢ়োৱা হয়।
স্বন্তিৰ পঞ্চম দিনটো কিজা পূজা নামেৰে জনাজাত আৰু এই দিনটো ভাই-ভনীৰ বাবে উচৰ্গা কৰা হয়। অনুষ্ঠানত ভগ্নীসকলে কনিষ্ঠ ভাতৃক সন্মান জনাই ম্হা পূজাৰ বাবে ব্যৱহাৰ কৰা মণ্ডলৰ সৈতে মিল থকা এটা মণ্ডলত পূজা কৰে। তেওঁলোকে তেওঁলোকক মণ্ডলৰ কাষত ৰখা দীঘলীয়া জ্বলি থকা শিখা আগবঢ়াই দিয়ে আৰু লগতে দীৰ্ঘায়ু আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে পৱিত্ৰ সূতা(ক্কাখা) আৰু ফলৰ টোপোলা (তাহষা) উপহাৰ দিয়ে। তাৰ পিছত ভগ্নীসকলে নিজৰ ভাতৃক চাগান আগবঢ়ায়, যি পাঁচবিধ শুভ খাদ্য সামগ্ৰীৰে গঠিত। মদ, মাংস, মাছ, মচুৰ দাইলৰ বড় আৰু কণী এই পাঁচটা বস্তুৱে ক্ৰমে পোহৰ, পৃথিৱী, পানী, বায়ু আৰু আকাশৰ পাঁচটা তান্ত্ৰিক ধাৰণা প্ৰতীক।[8] ভাতৃদ্বয়ে বিনিময়ত নগদ ধন আৰু কাপোৰ উপহাৰ দিয়ে। তাৰ পিছত তেওঁলোকক আড়ম্বৰপূৰ্ণ ভোজৰ আয়োজন কৰা হয়। পৰিয়ালৰ পৰম্পৰা অনুসৰি ভগ্নীৰ ঘৰত বা ভাতৃৰ ঘৰত অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে।
স্বন্তি শেষ হোৱাৰ পিছদিনা পিতৃ-মাতৃয়ে বিবাহিত কন্যা সন্তানক ম্হা পূজাৰ সময়ত দেৱী লক্ষ্মীক উপহাৰ দিয়া ভোজৰ অংশ খাবলৈ নিমন্ত্ৰণ কৰে। ডাঙৰ প্লেটখনৰ প্ৰতিটো বস্তু সৰু সৰু অংশত ভাগ কৰা হয় যাতে পৰিয়ালৰ সকলো সদস্যই অংশ পায়।