স্বৰ্গ (হিন্দু দৰ্শন)

স্বৰ্গৰ বাসিন্দা গন্ধৰ্ব আৰু অপ্সৰাৰ ভাস্কৰ্য

স্বৰ্গ (সংস্কৃত: स्वर्गः, আক্ষৰিক অৰ্থ: 'পোহৰৰ বাসস্থান';) হিন্দু ধৰ্মৰ দেৱতাসকলৰ আকাশী বাসস্থান৷ ইয়াক সৰগ, ইন্দ্ৰলোক আৰু স্বৰ্গলোক নামেৰেও জনা যায়। হিন্দু দৰ্শন মতে ব্ৰহ্মাণ্ডৰ সাতখন উচ্চ লোকৰ ভিতৰত স্বৰ্গ অন্যতম। স্বৰ্গক ইংৰাজীত প্ৰায়ে Heven বুলি অনুবাদ কৰা হয়, যদিও ইয়াক আব্ৰাহামিক স্বৰ্গ অৰ্থাৎ হেভেনৰ ধাৰণাৰ সৈতে পৃথক বুলি গণ্য কৰা হয়।

স্বৰ্গ হৈছে মেৰু পৰ্বতৰ ওপৰত বিৰাজমান এক আকাশী জগতৰ৷ পৃথিৱীত পৰৱৰ্তী জন্ম লাভ কৰাৰ আগলৈকে স্বৰ্গত বাস কৰা সকলে শাস্ত্ৰ পাঠ কৰি আনন্দেৰে সৎ জীৱন যাপন কৰে৷ দেৱতাসকলৰ খনিকৰ ত্বষ্টাৰ দেৱতাই স্বৰ্গ নিৰ্মাণ কৰিছিল বুলি বৰ্ণনা কৰা হৈছে।[1]

ঐৰাৱতৰ ওপৰত স্বৰ্গৰ ৰজা ইন্দ্ৰৰ চিত্ৰ

স্বৰ্গৰ শাসক দেৱৰ ৰজা ইন্দ্ৰ তেওঁৰ পত্নী ইন্দ্ৰানীৰ সৈতে স্বৰ্গ শাসন কৰে।[2] সৰগত থকা তেওঁৰ ৰাজপ্ৰসাদক বৈজয়ন্ত বুলি কোৱা হয়।[3] এই ৰাজপ্ৰসাদত সকলো ৰাজসভাৰ ভিতৰত সুধৰ্ম এটা অতুলনীয় বিখ্যাত মুকলি প্ৰেক্ষাগৃহ আছে। স্বৰ্গৰ ৰাজধানী অমৰাৱতী আৰু ইয়াৰ প্ৰৱেশদ্বাৰত কিংবদন্তি হাতী ঐৰাৱতে পহৰা দিয়ে।[4]:84 স্বৰ্গত প্ৰাচুৰ্যৰ প্ৰতীক কামধেনু আৰু সকলো ইচ্ছা পূৰণ কৰা বৃক্ষ পাৰিজাত পোৱা যায় বুলি বৰ্ণনা কৰা হৈছে। সমুদ্ৰ মন্থনৰ ফলত ওলাই অহা কল্পবৃক্ষ নামৰ গছজোপা ইন্দ্ৰই স্বৰ্গৰ নন্দন কাননত ৰোপন কৰিছিল। অৱস্থানৰ ভিত্তিত স্বৰ্গক তৃতীয় সৰ্বোচ্চ স্থান ত্ৰিদিভা বুলি কোৱা হয়।[5]

হিন্দু পৌৰাণিক কাহিনীত প্ৰায়ে স্বৰ্গৰ দেৱতাসকলৰ লগত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী অসুৰৰ সৈতে প্ৰায়ে স্বৰ্গৰ আধিপত্যৰ বাবে চিৰন্তন যুদ্ধৰ সূত্ৰপাত হোৱা দেখা যায়। এই কিংবদন্তিসমূহৰ ভিতৰত এটা সাধাৰণ বিষয়বস্তু হ’ল হিৰণ্যকশিপুৰ দৰে অসুৰ ৰজাই স্বৰ্গ দখল কৰে। পালনকৰ্তা দেৱতা বিষ্ণুৱে এই যুদ্ধসমূহত প্ৰায়ে হস্তক্ষেপ কৰি দেৱতাৰ বাবে স্বৰ্গ পুনৰুদ্ধাৰ কৰে। তেওঁ কেতিয়াবা অসুৰ ৰজাক পৰাস্ত কৰিবলৈ নৰসিংহৰ দৰে অৱতাৰ গ্ৰহণ কৰে আৰু ইন্দ্ৰ আৰু দেৱতাসকলক নিজৰ স্থানলৈ ঘূৰাই আনে।[6] প্ৰতিটো প্ৰলয় (মহা বিলুপ্তিৰ) সময়ত ব্ৰহ্মাণ্ডৰ ত্ৰিলোক ক্ৰমে ভূলোক, ভূবঃলোক আৰু স্বৰ্গলোকৰ ধ্বংস হয়। হিন্দু ধৰ্মত স্বৰ্গক প্ৰায়ে সমসাময়িক অন্যলোক বিষ্ণু আৰু শিৱৰ বাসস্থান ক্ৰমে বৈকুণ্ঠ আৰু কৈলাশৰ তলত স্থান দিয়া হয়।[7][8]

সাহিত্য

[সম্পাদনা কৰক]

অথৰ্ববেদৰ শ্ৰুতিসমূহত স্বৰ্গক পিতৃলোক বুলি ধাৰণা কৰা হৈছে, য’ত মানুহে তেওঁলোকৰ বিদায়ী পূৰ্বপুৰুষসকলে স্থান পোৱাৰ কামনা কৰে। যজ্ঞাদি কৰ্ম সম্পাদন কৰাজনে স্বৰ্গ লাভ কৰে। বেদত বলিদান কৰাসকলে পোনপটীয়াকৈ স্বৰ্গলৈ যাত্ৰা কৰে বুলি কোৱা হৈছে। বেদৰ এটা শ্ৰুতিত স্বৰ্গৰ বিষয়ে ভেঁট আৰু পদুম ফুল ফুলি থকা, মৌৰ পাৰযুক্ত মাখনৰ হ্ৰদ, লগতে মদ, গাখীৰ, দৈ, পানী আদি কেইবা প্ৰকাৰৰ পানীয় বৈ যোৱা নৈ থকা এখন ৰাজ্য বুলি বৰ্ণনা কৰা হৈছে। অতিথিক উপহাৰ আগবঢ়ালেও স্বৰ্গৰ পথ সুৰক্ষিত হয় বুলি কোৱা হৈছে।[9]

বেদান্ত শ্লোকত স্বৰ্গৰ পৰা ভূলোকলৈ স্থানান্তৰৰ ধাৰণা ব্যাখ্যা কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে যজ্ঞ আৰু বলিদান কৰা জীৱ (জীৱন শক্তি) স্বৰ্গলৈ যায় আৰু তাৰ পৰা পৃথিৱীলৈ উভতি আহোঁতে বৰষুণৰ ডাৱৰ হিচাপে নামি আহে, আৰু বৰষুণৰ দৰে পৃথিৱীত পতিত হয়। বৰষুণৰ পানী দিয়া খাদ্য যেতিয়া পুৰুষে সেৱন কৰে, তেতিয়া সেই খাদ্য তেওঁৰ বীৰ্য্যত প্ৰৱেশ কৰে, আৰু যৌন সম্পৰ্কৰ সময়ত এগৰাকী নাৰীৰ শৰীৰত প্ৰৱেশ কৰি পুনৰ জনম লাভ কৰে। এই ব্যাখ্যা "সম্পত" শব্দটো স্বৰ্গলৈ যাবলৈ অনুমতি দিয়া ধাৰণাটোৰ বাবে ব্যৱহাৰ কৰা শব্দ বুলি বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও কোৱা হৈছে যে যিজনে স্বৰ্গত সৎ আচৰণ কৰে তেওঁ ব্ৰাহ্মণ, ক্ষত্ৰিয় বা বৈশ্য হৈ জন্ম লাভ কৰে আৰু অন্যসকল শুদ্ৰ নাইবা অন্য জীৱ হিচাপে জন্ম লাভ কৰে।[10]

মুণ্ডক উপনিষদত স্বৰ্গ লাভ কৰিবলৈ বৈদিক আচাৰ-ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় বুলি দৃঢ়তাৰে কোৱা হৈছে।[11]

ভাগৱত পুৰাণত উল্লেখ আছে যে যিজনে সঠিক আৰু অনুচিত কামৰ মাজৰ পাৰ্থক্য বিচাৰ কৰিবলৈ সক্ষম, আৰু আন মানুহক ভাল পায়, তেওঁলোকৰ বাবে ভাল কামত লিপ্ত হয়, তেওঁলোকে স্বৰ্গ লাভ কৰে। ভাল, গুণী আৰু ভকতসকল স্বৰ্গত বাস কৰিবলৈ সক্ষম বুলি বৰ্ণনা কৰা হৈছে। স্বৰ্গক সন্তুষ্টিৰ ক্ষেত্ৰ বুলি কোৱা হৈছে, ইয়াত তেওঁলোকে ঐশ্বৰিক সংগীত, ঐশ্বৰিক সৌন্দৰ্য্য আৰু ঐশ্বৰিক বস্তুৰ সোৱাদ ল’ব পাৰে। এই লোকৰ থকাৰ সময়সীমা কোনো ব্যক্তিয়ে তেওঁৰ জীৱন কালত কৰা পুণ্যৰ দ্বাৰা নিৰ্ধাৰিত হয়। প্ৰয়োজনীয় স্তৰৰ আধ্যাত্মিকতাৰ অবিহনে কেৱল উচ্চ বুদ্ধিমত্তা স্বৰ্গত প্ৰৱেশ কৰিবলৈ যথেষ্ট নহয় বুলি গণ্য কৰা হয়।[12]

ৰামায়ণ

[সম্পাদনা কৰক]

ৰামায়ণত স্বৰ্গ লাভৰ বাবে পুণ্য অৰ্জন আৰু সৎকৰ্ম সম্পন্ন কৰাটো পূৰ্বচৰ্ত বুলি কোৱা হৈছে।[13]

মহাভাৰত

[সম্পাদনা কৰক]

মহাভাৰতত স্বৰ্গৰ কেইবাটাও ভিন্ন অঞ্চলৰ অস্তিত্বৰ কথা কোৱা হৈছে আৰু প্ৰত্যেকটো অঞ্চলতে সূৰ্য্য, কুবেৰ, বৰুণ আদি দেৱতাসকল অধিপতি হিচাপে থাকে। ইন্দ্ৰই স্বৰ্গৰ বাসিন্দাসকলৰ সকলো কামনা পূৰণ কৰে বুলি কোৱা হৈছে। লগতে কোৱা হৈছে যে স্বৰ্গত পুৰুষ-মহিলা সকলোৱে কোনো নিষেধাজ্ঞা নোহোৱাকৈ ইজনে সিজনৰ সুখ উপভোগ কৰে, লিংগৰ মাজতো কোনো ধৰণৰ ঈৰ্ষা নাথাকে।[14]

ভগৱৎ গীতা

[সম্পাদনা কৰক]

ভগৱৎ গীতাত পুণ্য সঞ্চয় কৰাসকলৰ বাবে স্বৰ্গ চিৰন্তন গন্তব্যস্থান নহয় বুলি ইংগিত দিয়া হৈছে।[15]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Coulter, Charles Russell; Turner, Patricia (2013-07-04) (en ভাষাত). Encyclopedia of Ancient Deities. Routledge. পৃষ্ঠা. 447. ISBN 978-1-135-96390-3. https://books.google.com/books?id=sEIngqiKOugC&dq=svarga+encyclopedia&pg=PA447. 
  2. Buck, William (2021-06-08) (en ভাষাত). Ramayana. Univ of California Press. পৃষ্ঠা. 9. ISBN 978-0-520-38338-8. https://books.google.com/books?id=YO0lEAAAQBAJ&pg=PA9. 
  3. Bane, Theresa (2014-03-04) (en ভাষাত). Encyclopedia of Imaginary and Mythical Places. McFarland. পৃষ্ঠা. 136. ISBN 978-0-7864-7848-4. https://books.google.com/books?id=0HLzAgAAQBAJ&dq=swarga+yojanas&pg=PA136. 
  4. Fausbøll, V. (1903). Indian mythology according to the Mahābhārata : in outline. প্ৰকাশক London: Luzac. ISBN 0-524-01055-2. OCLC 690682510. https://www.worldcat.org/oclc/690682510. 
  5. Klostermaier, Klaus K. (2014-10-01) (en ভাষাত). A Concise Encyclopedia of Hinduism. Simon and Schuster. পৃষ্ঠা. 91. ISBN 978-1-78074-672-2. https://books.google.com/books?id=DB29DwAAQBAJ&dq=svarga+encyclopedia&pg=PT91. 
  6. Bonnefoy, Yves (1993-05-15) (en ভাষাত). Asian Mythologies. University of Chicago Press. পৃষ্ঠা. 52. ISBN 978-0-226-06456-7. https://books.google.com/books?id=r4I-FsZCzJEC&dq=svarga+asuras&pg=PA52. 
  7. Cush, Denise; Robinson, Catherine; York, Michael (2012-08-21) (en ভাষাত). Encyclopedia of Hinduism. Routledge. পৃষ্ঠা. 595. ISBN 978-1-135-18979-2. https://books.google.com/books?id=kzPgCgAAQBAJ&dq=svarga+Hindu+heaven&pg=PA595. 
  8. Dutt, Romesh Chunder (1890) (en ভাষাত). A History of Civilization in Ancient India: Based on Sanscrit Literature. Thacker, Spink and Company. পৃষ্ঠা. 295. https://books.google.com/books?id=EqpFAAAAIAAJ&dq=svarga+vaikuntha&pg=PA295. 
  9. (en ভাষাত) The Atharva-Veda Described: With a Classified Selection of Hymns, Explanatory Notes and Review. Christian Literature Society for India. 1897. পৃষ্ঠা. 59–60. https://books.google.com/books?id=OUloBHBEyOcC&dq=svarga+heaven&pg=PA59. 
  10. (en ভাষাত) The Taittirīya-upanishad. Printed at the C. T. A. Printing Works. 1903. পৃষ্ঠা. 561–563. https://books.google.com/books?id=P7ZDAAAAYAAJ&dq=svarga+upanishads&pg=PA563. 
  11. Satchidanandendra, Swami; Saraswati, Swami Satchidanandendra (1997) (en ভাষাত). The Method of the Vedanta: A Critical Account of the Advaita Tradition. Motilal Banarsidass Publ.. পৃষ্ঠা. 29. ISBN 978-81-208-1358-8. https://books.google.com/books?id=ZMkbWhjE2M4C&dq=one+attains+svarga&pg=PA29. 
  12. Sinha, Purnendu Narayana (1901) (en ভাষাত). A Study of the Bhagavata Purana: Or, Esoteric Hinduism. Freeman & Company, Limited. পৃষ্ঠা. 236. https://books.google.com/books?id=GIBBAAAAYAAJ&dq=svargaloka+puranas&pg=PA236. 
  13. Guruge, Ananda W. P. (1960) (en ভাষাত). The Society of the Ramayana. Saman Press. পৃষ্ঠা. 269. https://books.google.com/books?id=uQ4qAAAAYAAJ&q=svarga+ramayana. 
  14. Sutton, Nicholas (2000) (en ভাষাত). Religious Doctrines in the Mahābhārata. Motilal Banarsidass Publ.. পৃষ্ঠা. 261. ISBN 978-81-208-1700-5. https://books.google.com/books?id=rFyUHC-ORp4C&dq=svarga+mahabharata&pg=PA261. 
  15. The Bhagavadgita: with the commentary of Sri Sankaracharya. Alladi Mahadeva Sastri. প্ৰকাশক Madras: Samata Books. 2013. ISBN 978-81-85208-08-4. OCLC 875441094. https://www.worldcat.org/oclc/875441094.