স্যমন্তক

স্যমন্তক

সত্ৰাজিতে প্ৰসেনক স্যমন্তক মণি প্ৰদান কৰিছে
সম্পৰ্ক সূৰ্য, সত্ৰাজিৎ, জাম্বৱন্ত, কৃষ্ণ, অক্ৰুৰ, শতধনু
হিন্দু পাঠ্য বিষ্ণু পুৰাণ, পদ্ম পুৰাণ

স্যমন্তক (সংস্কৃত: स्यमन्तक, ৰোমানীকৃত: Syamantaka) হৈছে হিন্দু সাহিত্যত প্ৰদৰ্শিত এক কিংবদন্তিমূলক মণি, যাৰ যাদুকৰী শক্তিৰ আছে বুলি গণ্য কৰা হয়।[1] ইয়াক ৰুবী নামৰ এবিধ অমূল্য ৰত্ন বুলিও বৰ্ণনা কৰা হৈছে।[2] মণিটোৰ বৰ্ণনা কৰা হৈছে যে এই মণি গুণী আৰু ভাল ব্যক্তিৰ হাতত থাকে তেন্তে মণিটোৱে মণি ধাৰণ কৰাজনক ৰক্ষা কৰে, কিন্তু ইয়াৰ বিপৰীতে অসৎ লোকৰ অনিষ্ট কৰে৷

উৎপত্তি

[সম্পাদনা কৰক]

স্যমন্তকৰ তথ্য বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত পোৱা যায়। এই মণিটো প্ৰথমে সৌৰ দেৱতা সূৰ্য্যৰ আছিল আৰু তেওঁ ডিঙিত পিন্ধিছিল। কোৱা হৈছিল যে যিখন জগতত এই মণি থাকিব, তাত কেতিয়াও খৰাং, বানপানী, ভূমিকম্প বা দুৰ্ভিক্ষৰ দৰে কোনো দুৰ্যোগৰ সন্মুখীন নহ’ব আৰু সদায় সমৃদ্ধি আৰু প্ৰচুৰতাৰে ভৰি থাকিব। যিজন ব্যক্তিৰ ওচৰত মণিটো থাকিক, তেওঁৰ বাবে মণিটোৱে দৈনিক আঠ ভাৰ সোণ উৎপন্ন কৰিব।[3] ("চাৰিটা ধানত এক গুঞ্জা বুলি কোৱা হয়; পাঁচ গুঞ্জাত এক পোণ; আঠ পোণত এক কৰ্ষ; চাৰি কৰ্ষত এক পাল; আৰু এশ পালত এক তুলা। বিশ তুলাৰে এক ভাৰ গঠন কৰে।") যিহেতু এক আউন্সত প্ৰায় ৩৭০০ টা ধান থাকে, সেয়েহে স্যমন্তক মণিৰ পৰা প্ৰতিদিনে প্ৰায় ১৭০ পাউণ্ড (৭৭ কিলোগ্ৰাম) সোণ উৎপাদন হৈছিল।[4] ইয়াৰ উপৰিও এই মণিটো সূৰ্য্য দেৱতাৰ উজ্জ্বলতাৰ উৎস আছিল।[5]

কিংবদন্তি

[সম্পাদনা কৰক]

সত্ৰাজিতে সূৰ্য দেৱতাৰ পৰা স্যমন্তক মণি লাভ কৰিছিল। কৃষ্ণই প্ৰজাৰ মঙ্গলৰ কাৰণে সেই মণি উগ্ৰসেন ৰজাক দিবলৈ কৈছিল যদিও তেও দিয়া নাছিল৷ সত্ৰাজিতৰ ভায়েক প্ৰসেনক দিয়ে৷ প্ৰসেনে মণিটো লৈ চিকাৰলৈ যায়৷ তেতিয়া এটা সিংহই প্ৰসেনক হত্যা কৰি মণিটো লৈ যায়৷ তাৰ পিছত জাম্বৱন্ত নামৰ এটা ভালুকে সিংহটো বধ কৰি মণিটো জব্দ কৰে আৰু নিজৰ গুহালৈ লৈ গৈ জাম্বৱতী নামৰ নিজৰ কণ্যাক দিয়ে৷ দ্বাৰকাত এটা উৰা বাতৰি প্ৰচাৰ হয় যে কৃষ্ণই প্ৰসেনক হত্যা কৰি স্যমন্তক মণি কাঢ়ি ল’লে৷ তেতিয়া কৃষ্ণই প্ৰসেনৰ পদাংক অনুসৰণ কৰি গৈ অৱশেষত জাম্বৱতীয়ে মণিটো লৈ খেলি থকা দেখিবলৈ পায়৷ জাম্বৱন্ত আৰু কৃষ্ণৰ যুদ্ধ হয়৷ যুদ্ধত জাম্বৱন্ত পৰাজিত হয় আৰু কৃষ্ণলৈ জাম্বৱতীক বিয়া দিয়াৰ লগতে মণিটোও অৰ্পন কৰে৷ কৃষ্ণই মণিটো আনি সত্ৰাজিতক দিয়ে৷ তেতিয়া সত্ৰাজিতে নিজৰ জীয়ৰী সত্যভামাক কৃষ্ণলৈ বিবাহ দিয়ে আৰু যৌতুক হিচাপে মণেটো অৰ্পন কৰে যদিও কৃষ্ণই মণিটো ঘূৰাই দিয়ে৷[6] ইয়াৰ পিছত এদিন সত্ৰাজিতৰ ভাতৃ শতধনুৱে সত্ৰাজিতক বধ কৰি মণিটো লৈ অক্ৰুৰৰ সৈতে পলায়ন কৰে৷ কৃষ্ণই শতধনুক বিচাৰি তেওঁক বধ কৰে কিন্তু তেওঁৰ ওচৰত মণিটো নেদেখি অক্ৰুৰক মণিটো ঘূৰাই দিবলৈ কয়৷ অক্ৰুৰে নিজৰ দোষ স্বীকাৰ কৰে আৰু মণিটো ঘূৰাই দিয়াৰ কথা কয় যদিও কৃষ্ণই মণিটো তেওঁৰ ওচৰতে ৰাখিবলৈ কয়৷ এইদৰে শেষত মণিটো অক্ৰুৰে লাভ কৰে৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Jambavan and the Story of the Syamantaka Jewel". www.harekrsna.de. http://www.harekrsna.de/artikel/jambavan.htm। আহৰণ কৰা হৈছে: 2021-11-13. 
  2. Brown (October 2007). Ancient Astrological Gemstones & Talismansfirst=Richard Shaw. Hrisikesh Ltd. ISBN 978-974-8102-29-0. 
  3. "Syamantaka gold production weight". http://www.srimadbhagavatam.org/canto10/chapter56.html। আহৰণ কৰা হৈছে: 2015-04-09. 
  4. Apte, V.S. (1970). Sanskrit-English Dictionary. Motilal Banarsidas – Delhi, India. 
  5. "Krishna and the Syamantaka Gem" (en ভাষাত). Indiaparenting.com. https://www.indiaparenting.com/krishna-and-the-syamantaka-gem.html। আহৰণ কৰা হৈছে: 2021-11-13. 
  6. "Chapter 56: The Syamantaka Jewel". Bhaktivedanta VedaBase: Śrīmad Bhāgavatam. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928211736/http://srimadbhagavatam.com/sb/10/56/en। আহৰণ কৰা হৈছে: 27 February 2013.