সৰু পুণী

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Wolffia|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
Wolffia globosa
W. globosa (small) with Spirodela polyrrhiza (larger)
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Wolffia
প্ৰজাতি: W. globosa
দ্বৈৰাশিক নামকৰণ
Wolffia globosa
(Roxb.) Hartog & Plas

বিশ্বৰ ক্ষুদ্ৰতম ফুল উলফিয়া গ্ল'ব'ছা।

উলফিয়া গ্ল’ব’ছা (ইংৰাজী ও বৈজ্ঞানিক নামঃ Wolffia globosa) হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ সপুষ্পক উদ্ভিদ। ইয়াক সাধাৰণতে এছিয়ান ৱাটাৰমিল (এছিয়াৰ পুনি) আৰু ডাকৱিড নামেৰে জনা যায়। ই এছিয়াৰ মহাদেশৰ স্থানীয় উদ্ভিদ যদিও ইয়াক আমেৰিকা আৰু আফ্ৰিকাৰ কিছু অংশত পোৱা যায়, য'ত ই এটা প্ৰৱৰ্তিত প্ৰজাতি (introduced species)[2]

পৃথিৱীৰ আটাইতকৈ সৰু এই ফুল ফুটবলৰ আকৃতিৰ, সৰু, চেপেটা ফাল উজ্জ্বল সেউজীয়া বা হালধীয়া। ইয়াৰ দৈৰ্ঘ্য ১-১.৪ মিলিমিটাৰতকৈ বেছি নহয়, প্ৰস্থ - ০.৫-১ মিলিমিটাৰ, বেছিভাগৰ এজোপা(! ) গছৰ ওজন ২০০ মাইক্ৰ'গ্ৰামতকৈ অধিক। তুলনামূলকভাৱে: জুইশলা কাঠিৰ মূৰৰ এটা ফাল এই ফুলবোৰৰ প্ৰায় ৩০টা ফুলৰ জোখৰ সমান।

উলফিয়া - শিপাবিহীন পুণি জাতীয় উদ্ভিদ, ইয়াৰ শৰীৰৰ ভিতৰৰ নলীকাডাল চুটি যি উশাহ ল'ব পৰা ফুটা (Stomata)ৰে শ্বাস-প্ৰশ্বাস লয়; ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ১২-১৪ মাইক্ৰন। ইয়াৰ সহায়তে ই পানীৰ পৰা অক্সিজেন লয়।

বাসস্থান

[সম্পাদনা কৰক]

এই উদ্ভিদবিধ স্থিৰ, আবদ্ধ পানীত যেনে পুখুৰী, হ্ৰদ, জলাশয় আদিত মেটেকাৰ দৰে ওপঙি গজে। ই অতি ক্ষুদ্ৰ, ডিম্বাকৃতিৰ উদ্ভিদ যাৰ পাত, কাণ্ড, শিপা নাই। গছজোপাৰ শৰীৰ, স্বচ্ছ সেউজীয়া ডাল, এক মিলিমিটাৰতকৈও কম বহল। মানৱ পৰীক্ষাত প্ৰক্ৰিয়াকৃত ডব্লিউ গ্ল'ব'জাই খাদ্যৰ প্ৰ'টিন আৰু ভিটামিন বি-১২ প্ৰদান কৰা বুলি কোৱা হৈছে।[3]

উলফিয়া গ্ল'ব'ছাক বিশ্বৰ আটাইতকৈ সৰু ফুলফুলা উদ্ভিদ বুলি বৰ্ণনা কৰা হৈছে, ইয়াৰ ব্যাস ০.১–০.২ মিলিমিটাৰ (০.০০৪–০.০০৮ ইঞ্চি)।[4][5]

ফুলাৰ সময়

[সম্পাদনা কৰক]

উলফিয়াৰ ফুল ফুলাৰ সময় জুলাই আৰু আগষ্ট মাহ। গছবোৰৰ ফুলবোৰ অতি ক্ষুদ্ৰ যদিও ইয়াত প্ৰতিটো ফুলত এটা স্ত্ৰীকেশৰ আৰু পুংকেশৰ পোৱা যায়। কেৱল মাইক্ৰস্কোপৰ সহায়ত দেখা পোৱা এই ফুলৰ অংশবোৰ খালী চকুৱে দেখা নাপায়, অতি সৰু।

উপকাৰিতা

[সম্পাদনা কৰক]

থাইলেণ্ডত উলফিয়া গ্ল'ব'ছাক খাদ্য হিচাপেও খোৱা হয়। থাই ভাষাত ফাম (ผํา) নামেৰে জনাজাত ই খাদ্যৰ বিশেষকৈ ইছানত( Isan) নামেৰে জনপ্ৰিয় খাদ্যবিধৰ মূল উপাদান।[6]

উলফিয়া গ্ল'ব'ছা
World's Smallest Flower (বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ সপুষ্পক উদ্ভিদ)

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Mani, S. (2011). Wolffia globosa. p. e.T177384A7426184. 
  2. "Wolffia globosa (Roxb.) Hartog & Plas". Plants of the World Online. Royal Botanic Gardens Kew. 2022. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:1135607-2। আহৰণ কৰা হৈছে: 5 February 2023. 
  3. "Protein bioavailability of Wolffia globosa duckweed, a novel aquatic plant - A randomized controlled trial". Clin Nutr খণ্ড 38 (6): 2576–2582. December 2019. doi:10.1016/j.clnu.2018.12.009. PMID 30591380. 
  4. Lock, Helen (4 Sep 2013). "Rare bloom for Wolffia Globosa, the world's smallest flowering plant". The Daily Telegraph (London). https://www.telegraph.co.uk/news/worldnews/asia/japan/10285897/Rare-bloom-for-Wolffia-Globosa-the-worlds-smallest-flowering-plant.html. 
  5. "What is the smallest flower in the world? (Everyday Mysteries: Fun Science Facts from the Library of Congress)". Library of Congresswww.loc.gov. https://www.loc.gov/rr/scitech/mysteries/smallestflower.html। আহৰণ কৰা হৈছে: 22 August 2019. 
  6. แกงไข่ผำ(สาหร่ายสไปรูลิน่า)สูตรและวิธีทำ