সৰু মানিমুনি | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Hydrocotyle |
প্ৰজাতি: | H. sibthorpioides |
দ্বৈৰাশিক নামকৰণ | |
Hydrocotyle sibthorpioides Lam. | |
সমাৰ্থক[1] | |
|
সৰু মানিমুনি, বৈজ্ঞানিক নাম: হাইড্ৰ’ক’টাইল চিবথৰ্পিঅ’ইডছ, দক্ষিণ-পূব এছিয়াৰ স্থানীয় এবিধ সৰু উদ্ভিদ। ইয়াক লন মাৰ্চপেনিৱৰ্ট বুলিও কোৱা হয়।[2] ইয়াক পৰম্পৰাগতভাৱে এপিয়াচিয়া পৰিয়ালত ৰখা হয়, কিন্তু শেহতীয়াকৈ ইয়াক আৰালিয়াচিয়া পৰিয়ালত অন্তৰ্ভুক্ত বুলি কোৱা হৈছে।[3] পৰিস্থিতি সঠিক হ’লে ই প্ৰচুৰ পৰিমাণে বাঢ়ে। হাইড্ৰ’ক’টাইল চিবথ’ৰপিঅ’ইডছৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হৈছিল যদিও লাহে লাহে বিশ্বৰ অন্যান্য ঠাইৰ লগতে আমেৰিকাতো বিয়পি পৰিছে। ই বিভিন্ন ধৰণৰ বাসস্থানত গজিব পাৰে। এছিয়াত ইয়াক ঔষধি কামত ব্যৱহাৰ কৰা হৈছে আৰু একুৰিয়ামৰ ব্যৱসায়তো ইয়াক সাধাৰণ।
সৰু মানিমুনিৰ পাতৰ প্ৰস্থ ০.৫ৰ পৰা ২ চে.মি. হয়। এই উদ্ভিদৰ বৃদ্ধিৰ হাৰ মধ্যমীয়া[4] আৰু ইয়াত সৰু সৰু ফুল ধৰে। ফুলবোৰৰ ৰং পাতল হালধীয়া আৰু বেঙুনীয়া ৰঙৰ আভাস থাকে।[5] ফুলৰ থোপাবোৰ সৰল আৰু সমতল শীৰ্ষ বা ঘূৰণীয়া। প্ৰতিটো ফুলৰ গুৰিতে সচৰাচৰ চকুত নপৰা চুপহি আৰু অতিক্ষুদ্ৰ গুটি থাকে। পাতবোৰ সৰল, গুৰিৰ পৰাই পাতৰ গাজ আৰম্ভ আৰু ই বৃক্কৰ আকৃতিৰ বা ঘূৰণীয়া। পাতৰ কাণবোৰ খাজ কটা। পাতবোৰ বহল আৰু ঠাৰিৰ দুয়োফালে এটা এৰি এটা হয়। গুৰিৰ পাতবোৰক প্ৰায়ে কণীৰ আকৃতিৰ বুলি বৰ্ণনা কৰা হয়; সকলোবোৰ পাত শুংহীন আৰু ইয়াৰ প্ৰান্তৰ চাৰিওফালে প্ৰায়ে পাঁচৰ পৰা সাতটা অগভীৰ কেন্দ্ৰ থাকে। ফলবোৰ চেপেটা হয় আৰু গছজোপাই পূৰ্ণতা লাভ কৰিলে আধা ভাঙি যায়। ফলটো এবাৰ ভাঙি গ’লে প্ৰতিটো ফালে এটাকৈ বীজ ওলায়।[6] ফলবোৰ উপবৃত্তাকাৰৰ পৰা ঘূৰণীয়া আৰু ইয়াৰ পাতল শিখৰ থাকে আৰু তেলৰ কোনো নলী (vitta) নাথাকে, যিটো আম্বেলিফেৰাছ উদ্ভিদৰ ফলৰ বৈশিষ্ট্য।[7]
সৰু মানিমুনি বা হাইড্ৰ'ক'টাইল চিব্থ'ৰপিঅ'ইডছক পৰম্পৰাগতভাৱে এপিয়াচিয়া পৰিয়ালৰ ভিতৰত গণ্য কৰা হয়[8] যদিও শেহতীয়া ফলাফলসমূহে ইয়াক আৰালিয়াচিয়া পৰিয়ালত স্থান দিছে।[3] moleculary phylogenyয়ে দেখুৱাইছে যে, সৰু মানিমুনি অন্যান্যৰ ভিতৰত H. americana, H. bonariensis, H. bowlesioides, H. hirsute, আৰু H. umbellata ৰ বেছি ওচৰ চপা।
দক্ষিণ-পূব এছিয়াত সৰু মানিমুনি বেছিকৈ দেখা যায়। যদিও ই এছিয়াৰ স্থানীয়; আমেৰিকাৰ কিছুমান অংশত বিশেষকৈ পূব আমেৰিকা আৰু কেলিফৰ্ণিয়াৰ কিছুমান অঞ্চলত এই উদ্ভিদবিধ আমদানিকৃত প্ৰজাতি হিচাপে পৰিচিত হৈছে।[9] শেহতীয়াকৈ পশ্চিম অষ্ট্ৰেলিয়াৰ স্থানীয় ব্ৰিজবেন আৰু ছিডনীৰ পৰা দক্ষিণ-পূব অষ্ট্ৰেলিয়াতো ই বিয়পি পৰাৰ খবৰ আহিছে,[10] এই প্ৰজাতিটোৱে শুকান অঞ্চলৰ পৰা আৰম্ভ কৰি মাজে মাজে পানীত ডুব যোৱা স্থানলৈকে বিভিন্ন ধৰণৰ বাসস্থানত বৃদ্ধি পাবলৈ সক্ষম হয়। ইয়াক ফুটপাথৰ ফাটৰ মাজতো পোৱা যায় আৰু ই ক্ৰমান্বয়ে লন অপতৃণ হিচাপে দেখা গৈছে।[11]
এই উদ্ভিদবিধ সম্পূৰ্ণ বৃদ্ধি পাবলৈ হ'লে ই সম্পূৰ্ণ সূৰ্যৰ পোহৰত থাকিব লাগিব।[9] ই ১০ৰ পৰা ৩০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত উষ্ণতা সহ্য কৰিব পাৰে, কিন্তু ২০ৰ পৰা ২৮ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত উষ্ণতা থাকিলে ই সৰ্বোত্তমভাৱে বৃদ্ধি পায়। ইয়াৰ মাটিৰ পি এইচ পছন্দ ৫ৰ পৰা ৭। এই উদ্ভিদৰ বংশবৃদ্ধি বেছিভাগেই কাণ্ড ৰোপণৰ দ্বাৰাই কৰা হয়।[12]
বিশ্বৰ বহু জনগোষ্ঠীয়ে জ্বৰ, ইড'ইমা, ডিচেণ্ট্ৰি, বাতবিষ, হুপিং কাহ, জণ্ডিচ, ডিঙিৰ অস্বস্তি, চ'ৰিয়াচিছ, হাৰপিছ জষ্টাৰ সংক্ৰমণ, হেপাটাইটিছ-বি সংক্ৰমণ, বিষ নিৰামক, ডিছমেন'ৰিয়া আৰু কাৰ্বাংকুল'ছিছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰে।[13] অসমত ইয়াক হেপাটোপ্ৰটেক্টিভ এজেণ্ট, ব্ৰেইন টনিক আৰু ডিটক্সিফাইং এজেণ্ট হিচাপেও ব্যৱহাৰ কৰা হয়।[14] বঙালী গাঁৱৰ লোকসকলে হাড় ভঙাৰ চিকিৎসাৰ বাবে গোটেই উদ্ভিদবিধ ব্যৱহাৰ কৰে।[15] এই উদ্ভিদৰ নিষ্কাশন এন্দুৰৰ ওপৰত ২০০০ মিলিগ্ৰাম/কিলোগ্ৰাম মাত্ৰালৈকে বিষাক্তমুক্ত হোৱা দেখা গৈছে।[16]