সৰোজ খান | |
---|---|
![]() নচলে ভে ৱিথ সৰোজ খানৰ ছেটত সৰোজ খান | |
জন্ম | নিৰ্মলা নাগপাল ২২ নৱেম্বৰ, ১৯৪৮ বোম্বে, বোম্বে ষ্টেট, ভাৰত |
মৃত্যু | ৩ জুলাই, ২০২০ (৭১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ |
অন্য নাম | সৰোজ খান |
পেচা | নৃত্য পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৫৮-২০২০ |
দাম্পত্যসঙ্গী | বি. সোহনলাল |
নিৰ্মলা নাগপাল, জনপ্ৰিয়ভাৱে সৰোজ খান (২২ নৱেম্বৰ ১৯৪৮ - ৩ জুলাই ২০২০) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰখ্যাত নৃত্য পৰিচালক। প্ৰায় ৪০ বছৰ কাল নৃত্য নিৰ্দেশনা কৰা সৰোজ খানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হল ৮টা শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ ফিল্মফেয়াৰ আৰু ৩টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। প্ৰায় ২০০০ গানৰ নৃত্য নিৰ্দেশনা কৰা সৰোজ খানক "ভাৰতীয় নৃত্য নিৰ্দেশনাৰ মাতৃ" বুলি অভিহিত কৰা হয়।
১৯৪৮ চনৰ ২২ নৱেম্বৰ তাৰিখে ভাৰতৰ বোম্বে ষ্টেটৰ বোম্বেত নিৰ্মলা নাগপালৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃয়ে দেশ বিভাজনৰ পিছত ভাৰতলৈ আহিছিল। তেওঁ তিনি বছৰ বয়সতে নাজৰানা বোলছবিত শিশুশিল্পী হিচাপে অৱতীৰ্ণ হৈছিল।[1] ১৯৫০ৰ দশকত তেওঁ পাৰ্শ্বীয় নৃত্যশিল্পী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ নৃত্য নিৰ্দেশক বি. চহনলালৰ তলত কাম কৰি থাকোঁতে নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ নিজকে এগৰাকী নৃত্য পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰিলে। প্ৰথমে তেওঁ সহকাৰী নৃত্য পৰিচালক হিচাপে আৰু পিছলৈ ১৯৭৪ চনত মুক্তি লাভ কৰা গীতা মেৰা নাম ছবিৰ জৰিয়তে পূৰ্ণ পৰ্যায়ৰ নৃত্য পৰিচালক হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ শ্ৰীদেৱীৰ মিঃ ইণ্ডিয়া (১৯৮৭) ছবিৰ হাৱা হাৱাই, নাগিনা (১৯৮৬) আৰু চান্দিনী (১৯৮৯) বোলছবি আৰু মাধুৰী দীক্ষিতৰ তেজাব (১৯৮৮) বোলছবিৰ এক দ' তিন, থানেদাৰ (১৯৯০) বোলছবিৰ তাম্মা তাম্মা আৰু বেটা (১৯৯২) বোলছবিৰ ধক ধক কৰনে লাগাৰ নৃত্য নিৰ্দেশনা কৰি বিশেষভাৱে সমাদৃত হৈছিল।[2] তাৰপিছত তেওঁ বলিউডৰ আটাইতকৈ বেছি সফল নৃত্য নিৰ্দেশক হিচাপে পৰিগণিত হয়।[1][3]
২০১৪ চনত সৰোজ খনে গুলাব গেং ছবিত আকৌ এবাৰ মাধুৰী দীক্ষিতৰ লগত কাম কৰে।[4]
সৰোজ খানে ২০০৫ চনত ষ্টাৰ প্লাছ চেনেলত প্ৰদৰ্শিত হোৱা নাচ বালিয়ে নামৰ নৃত্য অনুষ্ঠানৰ বিচাৰক আছিল। ইয়াৰ দ্বিতীয় সংস্কৰণতো তেওঁ বিচাৰকৰ ভূমিকা পালন কৰিদিল। তাৰপিছত তেওঁ ২০০৮ চনত চনী টিভিত প্ৰদৰ্শিত হোৱা ওস্তাদকে ওস্তাদ শ্ব'ৰ বিচাৰক আছিল। এনডিটিভি ইমাজিনত ২০০৮ চনত প্ৰদৰ্শিত হোৱা নাচলে ভে ৱিথ সৰোজ খানতো তেওঁক দেখা গৈছিল। এই শ্ব'ৰ কাৰণে তেওঁ নৃত্য নিৰ্দেশনা কৰিছিল। ২০০৮ চনতে তেওঁক বুগী ৱুগী নামৰ নৃত্যৰ শ্ব'ৰ বিচাৰক হিচাপে দেখা গৈছিল। তেওঁ ২০০৯ চনত চনী টিভিত প্ৰদৰ্শিত হোৱা জনপ্ৰিয় নৃত্য শ্ব' ঝলক দীখলা যাৰ তৃতীয় সংস্কৰণৰ বিচাৰক আছিল। ইয়াৰ লগতে তেওঁক বহুকেইটা ডান্স ৰিয়েলিটি শ্ব'ত অতিথি হিচাপে দেখা যায়।
২০১২ চনত ফিল্ম ডিভিছন ইণ্ডিয়ায় প্ৰযোজনা আৰু নিধি তুলিৰ পৰিচালনাৰে তেওঁৰ জীৱনৰ আধাৰিত দা সৰোজ খান ষ্টৰী নামৰ তথ্যচিত্ৰ মুক্তি লাভ কৰে।[5][6]
তেওঁক চব টিভিৰ জনপ্ৰিয় হাস্য-ব্যংগাত্মক নাটক তাৰক মেহতা কা উল্টা চছমাত নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে দেখা গৈছিল। ইয়াৰ লগতে তেওঁক ৰেম' ডি'চুজাৰ ছবি এবিচিডিতো দেখা গৈছিল।
২০২০ চনৰ ১৭ জুন তাৰিখে শ্বাস-প্ৰশ্বাসজনীত অসুবিধাৰ বাবে তেওঁক মুম্বাইৰ বান্দ্ৰাত অৱস্থিত গুৰু নানক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। ২০২০ চনৰ ৩ জুলাই তাৰিখে নিশা ১ বাজি ৫২ মিনিটত হৃদক্ৰিয়া বন্ধ হৈ ৭১ বছৰ বয়সত সৰোজ খানৰ মৃত্যু হয়।[7]
সৰোজ খানে সৰ্বোচ্চ তিনিটা শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে:
চন | চলচ্চিত্ৰ | মনোনীত নৃত্য | শ্ৰেণী | ফলাফল | উৎস |
---|---|---|---|---|---|
২০০৩ | দেৱদাস | "দোলা ৰে দোলা " | শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | বিজয়ী | |
২০০৬ | শৃংগাৰম | আটাইকেইটা গীত | বিজয়ী | ||
২০০৮ | যাব ৱি মিট | "য়ে ইষ্ক হায়ে" | বিজয়ী |
সৰোজ খানে প্ৰথম বাৰৰ বাবে শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁৰ এক দ তিন গীতত কৰা নৃত্য নিৰ্দেশনাৰ বাবে ফিল্মফেয়াৰে এই বঁটাৰ পাতনি মেলিছিল। তেওঁ সৰ্বোচ্চ ৮টা এই বঁটা লাভ কৰিছে আৰু ১৯৮৯ ৰ পৰা ১৯৯১ একেৰাহে তিনিবাৰ তেওঁ এই বঁটা লাভ কৰিছিল।