সৰ্বভাৰতীয় কৃষক সভা (অল ইণ্ডিয়া কৃষক সভা, অখিল ভাৰতীয় কৃষক সভা বা এ আই কে এচ নামেৰেও পৰিচিত) আছিল ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কৃষক ফ্ৰণ্ট। ১৯৩৬ চনত সহজানন্দ সৰস্বতীয়ে এই গুৰুত্বপূৰ্ণ কৃষক সংগঠনটো প্ৰতিষ্ঠা কৰে। পাছলৈ ই দুটা ভাগত বিভক্ত হয়। তৎসত্ত্বেও অংশ দুটা একে নামেৰে পৰিচিত: এ আই কে এচ (অজয় ভবন) আৰু এ আই কে এচ (অশোক ৰ’ড)।
১৯৩৬ চনতে বাংলাত বঙ্গীয় প্ৰাদেশিক কৃষক সভা গঠন কৰা হয়। মূলতঃ এ.কে ফজলুল হকে ইয়াৰ কৃষক প্ৰজা পাৰ্টিৰ কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবেই সংগঠনটো গঢ়ি তোলা হয়। কৃষক সভাৰ প্ৰথম বঙ্গীয় প্ৰাদেশিক কৃষক সম্মিলন ১৯৩৬ চনৰ ১৬-১৭ আগষ্টত অনুষ্ঠিত হয়। এই দলৰ মূল কৰ্মীসকল আছিল আইন অমান্য, আন্দোলন তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কাৰণে গ্ৰেপ্তাৰবৰণ কৰা প্ৰাক্তন দণ্ডিত অপৰাধী তথা আটকাধীন ব্যক্তিবৰ্গ। তথাপিও তেওঁলোকে সাধাৰণ কৃষকসকলৰ মাজত অধিকাৰবোধ জাগ্ৰত কৰি তোলাত সক্ষম হয়। ইয়াৰোপৰি, ১৯৪০ চনত বাংলাত আলোড়ন সৃষ্টিকাৰী নানকাৰ, টঙ্ক, তেভাগা প্ৰভৃতি স্থানীয় আন্দোলনসমূহো এই সংস্থাৰ কৰ্মীসকলৰ দ্বাৰাই পৰিকল্পিত আৰু পৰিচালিত হৈছিল।[7]
পৰবৰ্তী বছৰসমূহত, সংগঠনটোত ক্ৰমবৰ্ধমানভাবে সমাজতান্ত্ৰিক আৰু কমিউনিষ্টৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰে। ১৯৩৮ চনৰ ফালে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সভাপতিত্বত কংগ্ৰেছৰ হৰিপুৰা অধিবেশনতত এই দ্বন্দ্বই বিৰাত আকাৰ ধাৰণ কৰিছিল।[4] ইয়াৰ পাছত ১৯৪২ চনৰ মে মাহত ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (যিয়ে পৰবৰ্তী সময়ত ১৯৪২ চনৰ জুলাই মাহত চৰকাৰী অনুমোদন লাভ কৰে[8]) সৰ্বভাৰতীয় কৃষক সভা অধিগ্ৰহণ কৰিছিল। এই অধিগ্ৰহণত বঙ্গীয় প্ৰাদেশিক কৃষক সভাও অন্তৰ্ভুক্ত আছিল যাৰ ফলত তাত দলৰ সদস্যসংখ্যাও যথেষ্ট বৃদ্ধি পাইছিল।[6] এই দলে কমিউনিষ্ট পাৰ্টিৰ গণযুদ্ধৰ সিদ্ধান্ত লৈছিল আৰু ১৯৪২ চনৰ আগষ্টত আৰম্ভ হোৱা ভাৰত এৰা আন্দোলনৰপৰা দূৰত্ব বজাই ৰাখিছিল। ইয়াৰ ফলত, দলটোৱে জনপ্ৰিয়তা হেৰুৱায়। আনকি, দলৰ অনেক সদস্যও দলীয় আদেশ অমান্য কৰি এই আন্দোলনত যোগদান কৰে। ৰাঙ্গা, ইন্দুলাল ইয়াজনিক তথা সৰস্বতীৰ দৰে বিশিষ্ট সদস্যসকলেও খুব সোনকালেই সংগঠন ত্যাগ কৰে। যাৰ ফলত ব্ৰিটিছপন্থী আৰু যুদ্ধ সমৰ্থকৰ অবিহনে কৃষকসকলৰ কাষ পোৱাত অথবা তেওঁলোকৰ জাতীয়তাবাদী এজেণ্ডা তুলি ধৰাত অসুবিধা হৈছিল। ব্ৰিটিছ ৰাজেও সকলোসময়ত ভাবিছিল যে কমিউনিষ্টসকলে তেওঁলোকক জাতীয়তাবাদী আন্দোলনৰ বিৰুদ্ধে হোৱা যুঁজত সহায় কৰিব।[9]
১৯৬৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি দুই ভাগত বিভক্ত হৈ পৰে। ফলত, সৰ্বভাৰতীয় কৃষক সভাও দুটা অংশত বিভাজিত হৈ যায় আৰু এই দুই অংশই কমিউনিষ্ট পাৰ্টিৰ দুই অংশৰ লগত যোগ দিয়ে।
Swami Sahajanand and the Peasants of Jharkhand: A View from 1941 translated and edited by Walter Hauser along with the unedited Hindi original (Manohar Publishers, paperback, 2005).
Sahajanand on Agricultural Labour and the Rural Poor translated and edited by Walter Hauser Manohar Publishers, paperback, 2005).
Religion, Politics, and the Peasants: A Memoir of India's Freedom Movement translated and edited by Walter Hauser Manohar Publishers, hardbound, 2003).
India, 1976, Bonded Labour System (Abolition) Act, 1976, New Delhi. JSES (Journal of Social and Economics Studies), 1976, `Sarvodaya and Development', Vol. IV No.1, Patna.
Mishra, G., 1968. `The Socio-economic Background of Gandhi's Champaran Movement', Indian Economic and Social History Review, 5(3), New Delhi.
Mishra, G., 1978, Agrarian Problems of Permanent Settlement: A Case Study of Champaran, New Delhi.
Mitra, Manoshi, 1983, Agrarian Social Structure in Bihar: Continuity and Change, 1786–1820, Delhi : Manohar.
Pouchepadass, J., 1974, `Local Leaders and the Intelligentsia in the Champaran Satyagraha', Contributions to Indian Sociology, New Series, No.8, November, New Delhi.
Prasad, P.H., 1979, `Semi-Feudalism: Basic Constraint in Indian Agriculture' in Arvind N. Das & V. Nilakant, eds., Agrarian Relations in India, New Delhi.
Shanin, Teodor, 1978, "Defining Peasants: Conceptualisations and Deconceptualisations: Old and New in a Marxist Debate", Manchester University.
Solomon, S., 1937, Bihar and Orissa in 1934-35, Patna.
A History of the All India Kisan Sabha, by Md. Abdullah Rasul. Published by National Book Agency, 1974.
Peasants in History: Essays in Honour of Daniel Thorner, by Eric J. Hobsbawm, Daniel Thorner, Witold Kula, Sameeksha Trust.Published by Oxford University Press, 1981.
Bihar Peasantry and the Kisan Sabha, 1936-1947, by Rakesh Gupta. Published by People's Pub. House, 1982.
↑Caste, Protest and Identity in Colonial India: The Namasudras of Bengal, 1872-1947, by Shekhar Bandyopadhyaya. Routledge, 1997. আই.এচ.বি.এন.0-7007-0626-7. Page 233.