হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুমৰো | |
---|---|
.jpg | |
লেখক | য়ুভাল নোৱাহ হাৰাৰী |
শিৰোনাম | ההיסטוריה של המחר |
দেশ | ইজৰাইল |
ভাষা | ইংৰাজী হিব্ৰু(মূল) |
বিষয় | ভৱিষ্যত অধ্যয়ন, সামাজিক দৰ্শন |
প্ৰকাশক | হাৰভিল স্লিকাৰ |
প্ৰকাশ | ২০১৫ |
ইংৰাজীত প্ৰকাশ |
৮ ছেপ্টেম্বৰ ২০১৬ |
পৃষ্ঠা সংখ্যা | ৪৪৮ |
আই.এচ.বি.এন. | ৯৭৮-১৯১-০৭০-১৮৭-৪ |
পূৰ্বৱৰ্তী | চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড |
পৰৱৰ্তী | টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী |
হ'ম' দিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুমৰো (হিব্ৰু: ההיסטוריה של המחר, ইংৰাজী: Homo Deus: A Brief History of Tomorrow) জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ইজৰাইলী লেখক য়ুভাল নোৱা হাৰাৰীয়ে লিখা এখন গ্ৰন্থ। ২০১৫ চনত প্ৰথমবাৰৰ বাবে এই কিতাপখন হিব্ৰু ভাষাত প্ৰকাশিত হৈছিল৷ ইংৰাজী ভাষাৰ সংস্কৰণটো ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত যুক্তৰাজ্যত আৰু ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাত প্ৰকাশ পাইছিল।
ইয়াৰ পূৰ্বৰ গ্ৰন্থ চেপিয়েন্স: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ডৰ দৰেই হাৰাৰীয়ে এইখন গ্ৰন্থতো তেওঁৰ ঐতিহাসিক জৰীপৰ সৈতে সম্পৰ্কিত নৈতিক বিষয়সমূহ আৰু তাৰে লগতে জড়িত পৰিঘটনা আৰু মানৱ অভিজ্ঞতাৰ বৰ্ণনা কৰে৷ ইয়াৰ লগতে তেওঁ মানৱ ইতিহাসৰ গতিপথকো সাঙুৰি লয়৷ গ্ৰন্থখনত হ'ম' ডিউছ (লেটিন ভাষাৰ পৰা হ'ম' অৰ্থাৎ মানুহ বা মানুহ আৰু "ডিউছ" অৰ্থাৎ ঈশ্বৰ) মানুহে (হ'ম' চেপিয়েন্স) তেওঁলোকৰ সমগ্ৰ অস্তিত্বৰ সময়ছোৱাত আহৰণ কৰা ক্ষমতা, আৰু পৃথিৱীৰ প্ৰধান প্ৰজাতি হিচাপে তেওঁলোকৰ বিৱৰ্তনৰ বিষয়ে অধিক আলোচনা কৰে। গ্ৰন্থখনত মানৱ জাতিৰ বৰ্তমানৰ সামৰ্থ্য আৰু সাফল্যৰ বৰ্ণনা আৰু ভৱিষ্যতৰ প্ৰতিচ্ছবি অংকন কৰাৰ প্ৰয়াস কৰা হৈছে।
গ্ৰন্থখনে হ'ম' চেপিয়েন্সৰ ভৱিষ্যতৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ প্ৰয়াস কৰে৷ ইয়াৰ ভিত্তিত গ্ৰন্থখনত এক বিশেষ ৰূপৰেখা দাঙি ধৰা হৈছে যে একবিংশ শতিকাৰ সময়ছোৱাত মানুহে সুখ, অমৰত্ব আৰু ঈশ্বৰৰ দৰে শক্তি লাভৰ বাবে এক উল্লেখযোগ্য প্ৰচেষ্টা চলোৱাৰ সম্ভাৱনা আছে। গোটেই কিতাপখনতে হাৰাৰীয়ে অতীত আৰু বৰ্তমানৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে এই উচ্চাকাংক্ষা বাস্তৱায়িত হ'ব পাৰে বুলি বিভিন্ন ধৰণেৰে মুকলিকৈ অনুমান কৰিছে।[1]
হ'ম' ডিউছৰ পৰ্যালোচনা বা আলোচনা দ্য নিউয়ৰ্ক টাইমছ,[4][5] দ্য গাৰ্ডিয়ান,[6][7] দ্য ইকনমিষ্ট,[8] দ্য নিউয়ৰ্কাৰ, এনপিআৰ,[9] ফাইনেন্সিয়েল টাইমছ[10]ত কৰা হৈছিল৷