হংসা জীৱৰাজ মেহতা | |
---|---|
জন্ম | ৩ জুলাই, ১৮৯৭ বৰোদা ষ্টেট |
মৃত্যু | ৪ এপ্ৰিল, ১৯৯৫ (৯৭ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক |
জনা যায় | বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় মহিলা উপাচাৰ্য |
দাম্পত্যসঙ্গী | জীৱৰাজ নাৰায়ণ মেহতা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ, ১৯৫৯ |
হংসা জীৱৰাজ মেহতা (ইংৰাজী: Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫)[1] এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল।[2] তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল। সাংবাদিকতা আৰু সমাজতত্ত্বত উচ্চ শিক্ষা লাভ কৰিবলৈ তেওঁ ১৯১৯ চনত ইংলেণ্ডলৈ গৈছিল। গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰী জীৱৰাজ নাৰায়ণ মেহতা তেওঁৰ স্বামী। ১৯৪৬ চনত তেওঁ মুম্বাইত অৱস্থিত শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় আৰু ১৯৪৯ চনত নৱগঠিত বৰোদা বিশ্ববিদ্যালয়ৰ তেওঁ উপাচাৰ্য নিযুক্তি লাভ কৰিছিল। ইয়াৰ লগে লগে তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।[3] ১৯৫৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৯৫ চনৰ ৪ এপ্ৰিল তাৰিখে তেওঁৰ মৃত্যু হয়।
১৮৯৭ চনৰ ৩ জুলাই তাৰিখে বৰোদা ষ্টেটৰ নগৰ ব্ৰাহ্মণ পৰিয়ালত হংসা মেহতাৰ জন্ম হৈছিল। তেওঁ বৰোদা ৰাজ্যৰ দেৱান মনুভাই মেহতাৰ কন্যা আৰু প্ৰথম গুজৰাটী উপন্যাস 'কৰণ ঘেলো'ৰ লেখক আনন্দশংকৰ মেহতাৰ নাতিনী আছিল।[1][4]
তেওঁ বৰোদা মহাবিদ্যালয়ৰ পৰা ১৯১৮ চনত দৰ্শনৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ইংলেণ্ডত সাংবাদিকতা আৰু সমাজতত্ত্ব অধ্যয়ন কৰিছিল। ১৯১৮ চনত তেওঁ সৰোজিনী নাইডু আৰু পিছত ১৯২২ চনত মহাত্মা গান্ধীক লগ পাইছিল।[4][5]
তেওঁ এজন বিশিষ্ট চিকিৎসক আৰু প্ৰশাসক জীৱৰাজ নাৰায়ণ মেহতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। পিছলৈ তেওঁ গুজৰাটৰ প্ৰথম মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিছিল।
হংসা মেহতাই বিদেশী কাপোৰ আৰু সুৰা বিক্ৰী কৰা দোকানৰ পিকেটিঙৰ আয়োজন কৰিছিল আৰু মহাত্মা গান্ধীৰ পৰামৰ্শৰ সৈতে সংগতি ৰাখি অন্যান্য স্বাধীনতা আন্দোলনৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল। আনকি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১৯৩২ চনত তেওঁৰ স্বামীৰ সৈতে ব্ৰিটিছসকলে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। পিছত তেওঁ বোম্বে বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল।[2]
স্বাধীনতাৰ পিছত তেওঁ ১৫ গৰাকী মহিলাৰ ভিতৰত আছিল যি ভাৰতীয় সংবিধান খচৰা সংবিধান সভাৰ অংশ আছিল।[6] তেওঁ মৌলিক অধিকাৰ সম্পৰ্কীয় উপদেষ্টা সমিতি আৰু উপ সমিতিৰ সদস্য আছিল।[7] তেওঁ ভাৰতত মহিলাসকলৰ বাবে সমতা আৰু ন্যায়ৰ পোষকতা কৰিছিল।[8][4][9]
তেওঁ ১৯২৬ চনত বোম্বে বিদ্যালয় সমিতিলৈ নিৰ্বাচিত হৈছিল আৰু ১৯৪৫-৪৬ চনত অল ইণ্ডিয়া ৱমেন কণফাৰেন্সৰ অধ্যক্ষ হৈছিল। হায়দৰাবাদত অনুষ্ঠিত সৰ্বভাৰতীয় মহিলা সন্মিলনত তেওঁৰ অধ্যক্ষৰ সম্বোধনত তেওঁ মহিলা অধিকাৰৰ চাৰ্টাৰৰ প্ৰস্তাৱ দিছিল। তেওঁ ১৯৪৫ চনৰ পৰা ১৯৬০ লৈ ভাৰতত বিভিন্ন পদত অধিষ্ঠিত আছিল। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল - শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সৰ্বভাৰতীয় মাধ্যমিক শিক্ষা পৰিষদৰ সদস্য, ভাৰতৰ আন্তঃ বিশ্ববিদ্যালয় পৰিষদৰ অধ্যক্ষ আৰু বৰোদাৰ মহাৰাজ সায়াজিৰাও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। তেওঁ বৰোদা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল।[5]
তেওঁ ১৯৪৬ চনত মহিলাৰ স্থিতিৰ ওপৰত নিউক্লিয়াৰ উপ-সমিতিত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৪৭-৪৮ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগত ভাৰতীয় প্ৰতিনিধি হিচাপে, তেওঁ "সকলো পুৰুষক সমান সৃষ্টি কৰা হৈছে" (এলিনোৰ ৰুজভেল্টৰ পছন্দৰ বাক্যাংশ) ৰ পৰা "সকলো মানুহ"লৈ মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাৰ ভাষা সলনি কৰাৰ বাবে দায়বদ্ধ আছিল।[10] তেওঁ এই ঘোষণা পত্ৰত লিংগ সমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।[11] পিছলৈ ১৯৫০ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উপাধ্যক্ষ হৈছিল। তেওঁ ইউনেস্কোৰ কাৰ্যবাহী পৰিষদৰ সদস্যও আছিল।[3][12]
তেওঁ গুজৰাটী ভাষাত 'অৰুণু অদ্ভুত স্বপ্ন' (১৯৩৪), 'ববলানা পৰাক্ৰমো' (১৯২৯), 'বলৱৰ্তাৱলী অংশ ১-২' (১৯২৬, ১৯২৯) কে ধৰি কেইবাটাও শিশুৰ বাবে উপযোগী গ্ৰন্থ লিখিছিল। তেওঁ বাল্মীকি ৰামায়ণ অৰণ্যকাণ্ড, বালকাণ্ড আৰু সুন্দৰকাণ্ড অনুবাদ কৰিছিল। তেওঁ বহুতো ইংৰাজী সাহিত্য অনুবাদ কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে 'গুলিভাৰ্চ ট্ৰেভেল'। তেওঁ উইলিয়াম শ্বেইকছপীয়েৰৰ কিছুমান নাটকৰ আলমত নাটক ৰচনা কৰিছিল। তেওঁৰ প্ৰবন্ধসমূহ সংগ্ৰহ 'কেতলাক লেখো' (১৯৭৮) হিচাপে প্ৰকাশ কৰা হৈছিল।[2][5]
১৯৯৫ চনৰ ৪ এপ্ৰিল তাৰিখে তেওঁৰ মৃত্যু হয়। ভাৰত চৰকাৰে তেওঁক ১৯৫৯ চনত পদ্মভূষণ আগবঢ়াইছিল।[13]