হলাহল (সংস্কৃত: हलाहल) বা কালকুট (সংস্কৃত: कालकूटं, আক্ষৰিক অৰ্থত: 'ক'লা ভৰ' বা 'সময়ৰ প্ৰহেলিকা'[1]) হিন্দু আখ্যানসমূহত উল্লেখ থকা এবিধ বিষৰ নাম। অমৃত লাভৰ উদ্দেশ্যে দেৱতা আৰু অসুৰে লগ হৈ সমুদ্ৰ মন্থন কৰাত ক্ষীৰ মহাসাগৰৰ পৰা ইয়াৰ সৃষ্টি হৈছিল।
সমুদ্ৰ মন্থনৰ পৰা চৈধ্যটা ভিন্ন ৰত্ন উদ্ভৱ হৈছিল। এই ৰত্নসমূহ দেৱতা আৰু অসুৰৰ মাজত বিতৰণ কৰা হৈছিল। কিন্তু অমৃত উদ্ভৱ হোৱাৰ আগতেই হলাহল উৎপন্ন হ'ল। যাৰ ফলত দুয়োপক্ষই বিষক্ৰিয়াত আক্ৰান্ত হ'বলৈ ধৰিলে। বিষৰ দ্বাৰা নিৰ্গত হোৱা মাৰাত্মক ধোঁৱা কোনেও সহ্য কৰিব নোৱাৰি দেৱতা আৰু অসুৰ দুয়োটা দলেই শ্বাসৰুদ্ধ হোৱাৰ বাবে তেওঁলোক পলাবলৈ ধৰিলে। তেওঁলোকে ব্ৰহ্মাৰ ওচৰত সহায় বিচাৰি গ'ল। ব্ৰহ্মাই তেওঁলোকক শিৱৰ পৰা সহায় বিচাৰিবলৈ পৰামৰ্শ দিলে। দুয়োপক্ষই কৈলাস পৰ্বতলৈ গৈ শিৱক সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে।
শিৱই সমগ্ৰ বিষ পান কৰে। তেওঁৰ পত্নী পাৰ্বতী দেৱীয়ে আতংকিত হৈ তেওঁৰ স্বামীৰ পেটলৈ বিষ সোমাব নোৱাৰাকৈয়ে দুয়োহাতেৰে ডিঙিত খামুচি ধৰিলে। ইয়াৰ ফলত তেওঁৰ আন এটা নাম হয় বিষকান্ত (যিজনে ডিঙিত বিষ ধাৰণ কৰিছিল)। বিষে তেওঁৰ ডিঙিৰ ৰং নীলা কৰি পেলায়। সেয়েহে তেওঁক নীলকান্ত[2] বা নীলকণ্ঠ বুলিও জনা যায়।
আখ্যানটোৰ আন এটা সংস্কৰণ অনুসৰি, হলাহল উদ্ভৱ হোৱাৰ সময়ত বায়ু দেৱতাই বিষৰ শক্তি হ্ৰাস কৰিবলৈ ইয়াক তেওঁৰ হাতত ঘঁহে। তাৰ পিছত শিৱক ইয়াৰ এক সামান্য অংশ দিয়া হয় যাৰ ফলত তেওঁৰ ডিঙি নীলা হৈ পৰে। বাকী বিষখিনি সোণৰ পাত্ৰত সংগ্ৰহ কৰি বায়ুৱে উদৰস্থ কৰে। আন এটা সংস্কৰণত শিৱই নাগসকলৰ দ্বিতীয় ৰজা বাসুকীৰ কালকুট বিষ পান কৰিছিল আৰু বাসুকীক ক্ষীৰ মহাসাগৰ মন্থন জৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল।[3][4]
শিৱই গিলি নেপেলোৱা বিষৰ কিছু অংশৰ পৰা কলি নামৰ এক অসুৰৰ উদ্ভৱ হয়। এই বিষৰ পৰাই সাপ, কুকুৰনেচীয়া, বাঘ আদিৰ দৰে নিষ্ঠুৰ জীৱৰো সৃষ্টি হয়।[5]
ভাৰতীয় টেলিভিছন শ্ব ছেক্ৰেড গেমছৰ দ্বিতীয় খণ্ডটোৰ নাম হ’ল হলাহল।[6]