হাঁপানি | |
---|---|
নিশাহৰ শীৰ্ষ প্ৰবাহৰ হাৰ জুখিবলৈ পিক্ ফ্ল' মিটাৰ ব্যৱহাৰ কৰা হয়। হাঁপানি নিৰ্ণয় বা নিৰীক্ষণ কৰিবলৈ ই গুৰুত্বপূৰ্ণ।[1] | |
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস | |
উচ্চাৰণ | UK /ˈæsməˌˈæsθmə/ US /ˈæzmə/[2][3] |
বিশেষ বৃত্তি (চিকিৎসাসেৱা) | হাওঁফাওঁবিদ্যা |
Patient UK | হাঁপানি |
হাঁপানী বা উদফাঁই বা এজমা হাওঁফাওঁৰ বায়ুপথৰ দীৰ্ঘদিনীয়া প্ৰদাহজনিত ৰোগ ৷[4] ইয়াৰ বৈশিষ্ট্য হৈছে পৰিৱৰ্তনশীল আৰু পুনৰাবৃত্তি হোৱা লক্ষণ, বায়ু প্ৰবাহত বাধা, আৰু সহজে আৰম্ভ হোৱা ব্ৰংক'স্পাজম বা শ্বাসনলীৰ সংকোচন।[5][6] ডিঙিৰ শব্দ (wheeze), কাহ, বুকুখন টানি ধৰা, আৰু উশাহ চুটি হোৱা এই ৰোগৰ লক্ষণ।[7] এইবোৰ দিনটোত কেইবাবাৰো বা সপ্তাহত কেইবাবাৰো হ’ব পাৰে।[4] ব্যক্তিবিশেষে ৰাতি বা ব্যায়ামৰ লগে লগে হাঁপানিৰ লক্ষণবোৰ বেছি বেয়া হ’ব পাৰে।[4]
জিনীয় আৰু পৰিৱেশগত কাৰকৰ সংমিশ্ৰণৰ ফলত হাঁপানি হোৱা বুলি ভবা হয়৷[7] পৰিৱেশৰ কাৰকসমূহৰ ভিতৰত বায়ু প্ৰদূষণ আৰু এলাৰ্জেনৰ সংস্পৰ্শলৈ অহা আদি অন্তৰ্ভুক্ত।[4] আন সম্ভাৱ্য ট্ৰিগাৰসমূহৰ ভিতৰত এছপিৰিন আৰু বিটা ব্লকাৰৰ দৰে ঔষধসমূহো অন্তৰ্ভুক্ত।[4] সাধাৰণতে লক্ষণৰ আৰ্হি, সময়ৰ লগে লগে চিকিৎসাৰ প্ৰতি সঁহাৰি আৰু স্পাইৰ’মেট্ৰি বা হাওঁফাওঁৰ কাৰ্য্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰা হয়।[8] লক্ষণসমূহৰ নিয়মিয়তা, এক চেকেণ্ডত বলপূৰ্বক নিশাহ লোৱাৰ আয়তন (FEV1), আৰু নিশাহৰ শীৰ্ষ প্ৰবাহৰ হাৰ (PEFR) অনুসৰি হাঁপানিক শ্ৰেণীকৰণ কৰা হয়। [9] ইয়াক এট'পিক বা নন-এট'পিক হিচাপেও শ্ৰেণীকৰণ কৰিব পাৰি, য'ত এট'পিয়ে প্ৰথম প্ৰকাৰৰ অতি সংবেদনশীলতা (Type 1 hypersensitivity) বিকাশৰ প্ৰৱণতাক বুজায়।[10][11]
হাঁপানিৰ কোনো নিৰাময় জনা নাযায় যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।[4] ট্ৰিগাৰ, যেনে এলাৰ্জেন (এলাৰ্জীৰ কাৰক) আৰু শ্বাসজনিত উত্তেজক পদাৰ্থ (irritants) এৰাই চলি লক্ষণসমূহ প্ৰতিৰোধ কৰিব পাৰি আৰু শ্বাসত লোৱা কৰ্টিক'ষ্টেৰয়ডৰ ব্যৱহাৰৰ দ্বাৰা দমন কৰিব পাৰি।[12][13] হাঁপানিৰ লক্ষণসমূহ অনিয়ন্ত্ৰিত হৈ থাকিলে কৰ্টিক’ষ্টেৰয়ডৰ উপৰিও দীৰ্ঘ-কাৰ্য্যক্ষম বিটা এগ’নিষ্ট (LABA) বা এণ্টিলিউক'ট্ৰাইন এজেণ্টৰ দৰে ঔষধ ব্যৱহাৰ কৰিব পাৰি।[14][15] দ্ৰুতগতিত বেয়া হোৱা লক্ষণসমূহৰ চিকিৎসা সাধাৰণতে শ্বাসত লোৱা হ্ৰস্ৰ- কাৰ্য্যক্ষম বিটা ২ এগ’নিষ্ট যেনে ছালবিউটামল আৰু কৰ্টিক’ষ্টেৰয়ডৰ দ্বাৰা কৰা হয়। অতি গুৰুতৰ ক্ষেত্ৰত সিৰাত কৰ্টিক'ষ্টেৰয়ড, মেগনেছিয়াম ছালফেট, আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ'ব পাৰে।[16]
২০১৯ চনত হাঁপানিয়ে প্ৰায় ২৬.২ কোটি লোক আক্ৰান্ত কৰিছিল আৰু প্ৰায় ৪,৬১,০০০ লোকৰ মৃত্যু হৈছিল।[17] ইয়াৰে অধিকাংশ মৃত্যু উন্নয়নশীল দেশসমূহত হৈছে৷[4] প্ৰায়ে শৈশৱৰ পৰাই হাঁপানি আৰম্ভ হয়[4] আৰু ১৯৬০ৰ দশকৰ পৰা ইয়াৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে।[18] প্ৰাচীন মিচৰৰ দিনতে হাঁপানিৰ উমান পোৱা গৈছিল৷[19] হাঁপানি শব্দটো গ্ৰীক ἆσθμα ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে 'ফোঁপনি'।[20]
<ref>
টেগ;
lancetasthma
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাইহাঁপানিৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পত অধিক জানক: | |
সংজ্ঞা আৰু অনুবাদ ৱিক্স্যনেৰীৰ পৰা | |
চিত্ৰ আৰু মিডিয়া কমন্ছৰ পৰা |
বৰ্গীকৰণ | |
---|---|
বাহ্যিক সমল |