হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্য | |
---|---|
![]() হাইনান দ্বীপৰ মাজত থকা ৱুজি পৰ্বত | |
![]() ইকোৰিজ'ন টেৰিটৰী (বেঙুনীয়া ৰঙৰ) | |
পাৰিস্থিতিক | |
ইক’জ’ন | Indomalayan realm |
বায়’ম | গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ বহল পাতৰ অৰণ্য |
সীমা | দক্ষিণ চীন-ভিয়েটনাম উপগ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্য |
ভৌগোলিক | |
মাটিকালি | 15,540 বৰ্গ কি.মি. (6,000 বৰ্গ মাইল) |
দেশ | চীন |
Provinces | হাইনান |
স্থানাংক | স্থানাংক: 19°00′N 109°40′E / 19°N 109.667°E |
হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্য (ডব্লিউ.ডব্লিউ.এফ. আই.ডি.: আইএম০১৬৯) (ইংৰাজী: Hainan Island monsoon rain forests) পৰিৱেশ অঞ্চলে চীনৰ হাইনান দ্বীপত থকা পাহাৰীয়া অভ্যন্তৰীণ অঞ্চলক সামৰি লৈছে। গ্ৰীষ্মমণ্ডলীয় অৰণ্যসমূহত বছৰি ১,০০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়। গ্ৰীষ্মকালীন বৰষুণৰ বতৰত ইয়াৰ পৰিমাণ অধিক হয়। দ্বীপটোত উচ্চ পৰ্যায়ৰ জীৱ-বিবিধতা দেখিবলৈ পোৱা যায়। ইয়াত ৪,২০০তকৈও অধিক উদ্ভিদ প্ৰজাতি আছে, তাৰ ভিতৰৰে ৬৩০বিধ প্ৰজাতি দ্বীপটোৰ স্থানীয় প্ৰজাতি।[1][2] কৃষি-কৰ্ম আৰু কাঠ সংগ্ৰহৰ ফলত হাইনান দ্বীপ মৌচুমী বৰ্ষাৰণ্যৰ বনাঞ্চল ধ্বংস হৈছে আৰু অঞ্চলটো পৰিৱেশগত চাপৰ সন্মুখীন হৈছে।
হাইনান (সাগৰৰ দক্ষিণে) দ্বীপটোৰ আয়তন প্ৰায় ১৩,০০০ বৰ্গ মাইল। ই লেইঝৌ উপদ্বীপৰ পৰা মাত্ৰ ১৫ মাইলৰ দূৰৈত পৃথক হৈছে। বাৰিষা বৰ্ষাৰণ্যৰ পৰিৱেশ অঞ্চলে উপকূলীয় সমভূমিৰে আগুৰি থকা অভ্যন্তৰীণ পৰ্বতমালাক সামৰি লয়। (উপকূলীয় সমভূমি সম্পূৰ্ণ পৃথক পৰিৱেশ অঞ্চলত পৰে - দক্ষিণ চীন-ভিয়েটনাম উপ-ক্ৰান্তীয় চিৰসেউজ অৰণ্য আন এক পৰিৱেশ অঞ্চল)। হাইনান পৰ্বতৰ সৰ্বোচ্চ বিন্দুটো হৈছে ১,৮৪০ মিটাৰ (৬,০৪০ ফুট) উচ্চতাৰ ৱুজি পৰ্বত। লেইজৌ উপদ্বীপৰ পূব উপকূলত এই পৰিৱেশ অঞ্চলৰ এটা সৰু খণ্ড আছে।
পৰিৱেশ অঞ্চলৰ জলবায়ু হৈছে ক্ৰান্তীয় চাভানা জলবায়ু - শুকান শীতকাল (কোপেন জলবায়ু শ্ৰেণীবিভাজন)। এই জলবায়ুৰ বৈশিষ্ট্য হৈছে গোটেই বছৰজুৰি তুলনামূলকভাৱে সম উষ্ণতা, আৰু খৰালিৰ বতৰ শুষ্ক ঋতু। আটাইতকৈ শুকান মাহত ৬০ মিলিমিটাৰতকৈ কম বৰষুণ হয়, আৰু গড় মাহৰ তুলনাত শুকান।[3][4] পশ্চিম দিশত বৰষুণৰ গড় পৰিমাণ ১,০০০ মিলিমিটাৰ/বছৰ আৰু পূব দিশত ২,০০০ মিলিমিটাৰ প্ৰতি বছৰত।
কোৱাটাৰ্নেৰীৰ আগলৈকে হাইনান দ্বীপ আৰু লেইঝৌ উপদ্বীপক এটা স্থলসেতুৰ দ্বাৰা সংযুক্ত কৰা হৈছিল। তুলনামূলকভাৱে স্থানীয় গণ কম, কিন্তু স্থানীয় প্ৰজাতিৰ সংখ্যা বহুত। বিজ্ঞানীসকলে ৪,২০০বিধ উদ্ভিদৰ প্ৰজাতি (৪৫০বিধ গছ আৰু ৯৮বিধ স্তন্যপায়ী প্ৰজাতি সহ) নথিভুক্ত কৰিছে। গ্ৰীষ্মকালত বাৰিষা ঋতুৰ পূৰ্বে শুকান ঋতুত খৰাং-চাপযুক্ত পৰ্ণপাতী গছবোৰে পাত সলায়। অৰণ্যৰ আচ্ছাদন সাধাৰণতে বিৰল, আৰু মাটিত ঘাঁহ গঁজিবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত পোহৰ মাটিত পৰেহি। এই অঞ্চলত বিশেষকৈ অধিক ছাঁ পৰা ঢালবোৰৰ মাটিত, আৰু অলপ বেছি উচ্চতাত চিৰসেউজ গছ-গছনিও দেখা যায়। ডিপ্টেৰ'কাৰ্পেচিৰ পৰা অহা তিনি প্ৰকাৰৰ গছ এই পৰিৱেশ অঞ্চলত পোৱা যায় - সেইবোৰ হ'ল, ভেটিকা মেংগাচাপোই, হোপা হেইনানেন্সিস, আৰু হোপা এক্সালাটা (এতিয়া হোপা ৰেটিকুলাটা)। মধ্য উচ্চতাত থকা ক্ৰান্তীয় পাহাৰীয়া অৰণ্যসমূহৰ ভিতৰত আছে চিনক্যাপিন (কেষ্টানোপচিছ) (লিথোকাৰ্পাছ) আৰু ল'ৰেলছ (লাউৰেচি)। ভিতৰৰ অংশৰ অধিক ওখ আৰু শুকান অঞ্চলত চাভানাৰ দৰে অধিক গছ-গছনি পোৱা যায়। তাৰ ভিতৰত আছে ব্ৰাছ আৰু ৰেচম গছ (এলবিজিয়া প্ৰছেৰা)। ডাৱৰৰ অৰণ্য ১,৬০০ মিটাৰতকৈ অধিক উচ্চতাত বৃদ্ধি হয়।[1]