হাইপ'থেলামাছ (Hypothalamus) | |
---|---|
![]() মানুহৰ হাইপ'থেলামাছৰ অৱস্থান | |
![]() পিটুইটেৰী আৰু মগজুৰ আন অংশৰ সংগতিত হাইপ'থেলামাছৰ অৱস্থান (নীলা) | |
সবিশেষ | |
Part of | মস্তিষ্ক |
চিনাক্তকাৰক | |
লেটিন | hypothalamus |
MeSH | D007031 |
নিউৰ'লেক্স ID | birnlex_734 |
TA98 | A14.1.08.401 A14.1.08.901 |
TA2 | 5714 |
FMA | 62008 |
নিউৰ'এনাটমীৰ দেহতাত্ত্বিক পৰিভাষা |
হাইপ'থেলামাছ প্ৰমস্তিষ্কৰ ডায়েনচেফালনৰ তলৰ অংশ। অসংখ্য স্নায়ুস্ৰাৱী কোষ বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। পিটুইটেৰী গ্ৰন্থিৰ জৰিয়তে স্নায়ু তন্ত্ৰক অন্তঃস্ৰাৱী তন্ত্ৰৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। থেলামাছৰ তলত অৱস্থিত হাইপ'থেলামাছ লিম্বিক প্ৰণালীৰ অংশ।[1] সকলো মেৰুদণ্ডী প্ৰাণীৰ মগজুত হাইপ'থেলামাছ থাকে। মানুহৰ ক্ষেত্ৰত ইয়াৰ আকাৰ এটা বাদামৰ সমান। অনৈচ্ছিক স্নায়ু তন্ত্ৰৰ বহু জৈৱিক প্ৰক্ৰিয়াতো ই অংশ লয়। ইয়াৰ নিউক্লিয়াইবোৰে তৈয়াৰ কৰা বিমোচন হৰম'ন (releasing hormone) আৰু নিৰোধক হৰম'নবোৰে (Inhibiting hormone) অগ্ৰ পিটুইটেৰী গ্ৰন্থিৰ হৰম'নত প্ৰভাৱ পেলায়। এইবোৰ এক্সন আৰু আৰু নিবাহিকা পৰিবাহী তন্ত্ৰৰ সহায়ত পিটুইটেৰী গ্ৰন্থিলৈ যায়। আনহাতে হাইপ'থেলামাছত উৎপন্ন হোৱা অক্সিট'চিন আৰু ভেছ'প্ৰেছিন নামৰ দুবিধ হৰম'ন এক্সনেৰে পোনে পোনে পশ্চাৎ পিটুইটেৰীলৈ যায় আৰু প্ৰয়োজনসাপেক্ষে তাৰ পৰা ক্ষৰিত হয়।[2]
হাইপ'থেলামাছে শৰীৰৰ তাপ, ক্ষুধা, পিয়াহ, টোপনি, ছন্দঃপূৰ্ণ চক্ৰ (circadian rythm) আৰু নানা আচৰণ নিয়ন্ত্ৰণ কৰে।[3]