হাটশিঙিমাৰি | |
---|---|
town | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | দক্ষিণ শালমাৰা-মানকাচৰ জিলা |
উচ্চতা | ২৮ মিটাৰ (৯২ ফুট) |
জনসংখ্যা (২০১১) | |
• মুঠ |
৩৪৪৫ |
হাটশিঙিমাৰি অসমৰ নৱগঠিত জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ। পূৰ্বতে ই ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাৰ সদৰ ঠাই আছিল। ২০১৫ চনৰ ১৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আন চাৰিখন জিলাৰ লগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ঘোষণা কৰে।[1] ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে নৱগঠিত জিলাখনৰ উপায়ুক্ত আমি.আই. আহমেহদে ইয়াক উদ্বোধন কৰে। ২০১১ চনৰ লোকপিয়ল মতে হাটশিঙিমাৰিৰ জনসংখ্যা ৩৪৪৫ জন আৰু সাক্ষৰতা হাৰ ৭৭.৭৩%।
হাটশিঙিমাৰি নাম "হাট" আৰু "শিঙিমাৰি" এই দুই শব্দ লগ লগাই সৃষ্টি হৈছে। "হাট" সাপ্তাহিক বজাৰ; প্ৰতি দেওবাৰে এই অঞ্চলত এখন সাপ্তাহিক বজাৰ বহে। "শিঙিমাৰি" মানে শিঙি মাছ মৰা। অতীতত এই অঞ্চলত শিঙি মাছৰ বজাৰ আছিল বুলি কোৱা হয়।
হাটশিঙিমাৰি অসমৰ একেবাৰে পশ্চিম প্ৰান্তৰ দক্ষিণ পাৰত অৱস্থিত। ইয়াৰ পূবত মেঘালয়, দক্ষিণত মানকাচৰ চহৰ আৰু পশ্চিমে জিঞ্জিৰাম নদী অৱস্থিত। হাটশিঙিমাৰি ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা মাত্ৰ ৫ কিঃমিঃ নিলগত।
হাটশিঙিমাৰি লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান সাংসদ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল। লগতে ই ২১ নং বিধানসভা সমষ্টি মানকাচৰৰ অন্তৰ্ভুক্ত আৰু বৰ্তমান বিধায়ক ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ ডঃ মটিউৰ ৰহমান মণ্ডল।
হাটশিঙিমাৰিত কেইবাখনো প্ৰতিষ্ঠিত চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত কেইখনমান হল;