এই সাঁচটো ইছলাম ধৰ্মৰ ধাৰাবাহিক নিবন্ধ অংশ যাৰ বিষয় হ’ল |
![]() |
ইছলাম |
বিশ্বাস সমূহ |
---|
আল্লাহ • একত্ববাদ • পয়গম্বৰ • আচমানী কিতাপ • ফৰিষ্টা |
ইছলামৰ পঞ্চস্তম্ভ |
ৰোজা • জাকাত • হজ্জ |
গ্ৰন্থ আৰু আইন |
ফিকহ • শ্বৰীয়ত • কালাম • চুফীবাদ |
ইতিহাস আৰু নেতৃত্ব |
সময়ৰেখা • ইছলামৰ বিস্তাৰ ইমামত |
সংস্কৃতি আৰু সামাজিক বিষয় আদি |
শিক্ষা • চিত্ৰকলা ৰাজনীতি • দাওয়াত |
ইছলাম আৰু অনান্য ধৰ্ম |
হিন্দুবাদ • সিকিমবাদ • জৈনবাদ |
আৰু চাওক |
ইছলামী পৰিভাষা |
হাদিছ (আৰবী: الحديث) হ'ল মূলত ইছলাম ধৰ্মৰ শেষ বাণীবাহক হজৰত মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণী আৰু জীৱনাচৰণ। হাদিছৰ উপদেশ মুছলিম সকলৰ জীৱনাচৰণ আৰু ব্যৱহাৰ বিধিথ অন্যতম পথ নিৰ্দেশ। কোৰআন হ'ল মৌলিক গ্ৰন্থ আৰু হাদিছক বহুত সময়ত ইয়াৰ ব্যাখ্যা হিচাপেও অভিহিত কৰা হয়। হাদিছ বিষয়ৰ ওপৰত পণ্ডিত ব্যক্তিক মুহাদ্দিছ বোলা হয়।
ক্ৰমিক নং | ছাহাবীৰ নাম | জন্ম | জীৱন কাল | বৰ্ণিত হাদিছৰ সংখ্যা |
---|---|---|---|---|
১ | হজৰত আবু হুৰায়ৰা (ৰাঃ) প্ৰকৃত নাম আব্দুৰ ৰহমান | ৫৭ হিজৰি | ৭৮ বছৰ | ৫৩৭৪ টা |
১ | উম্মুল মুমিনিন হজৰত আয়েশ্বা ছিদ্দিকা (ৰাঃ) | ৫৮ হিজৰি | ৬৭ বছৰ | ২২১০টা |
১ | হযৰত আবদুল্লাহ ইবনে আব্বাছ (ৰাঃ) | ৬৮ হিজৰি | ৭১ বছৰ | ১৬৬০টা |
১ | হজৰত আবদুল্লাহ ইবনে উমৰ (ৰাঃ) | ৭০ হিজৰি | ৮৪ বছৰ | ১৬৩০টা |
১ | হজৰত জাবেৰ ইবনে আব্দুল্লাহ (ৰাঃ) | ৭৪ হিজৰি | ৯৪ বছৰ | ১৫৪০টা |
যিজন ব্যক্তি ইমানৰ সৈতে মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ সহচৰ্য লাভ কৰিছে বা তেখেতক দেখিছে আৰু তেখেতৰ হাদিছ বৰ্ণনা কৰিছে অথবা জীৱনত নিম্নতম এবাৰ তেখেতক দেখিছে আৰু ইমানৰ সৈতে মৃত্যুবৰণ কৰিছে তেওঁকেই ছাহাবী বোলা হয়।
যিজনে মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ কোনো ছাহাবীৰ ওচৰৰ পৰা হাদীছ শিক্ষা কৰিছে অথবা তেখেতক দেখিছে আৰু মুছলিম হিচাপে মৃত্যুবৰণ কৰিছে তেওঁকেই তাবিঈ বোলে।
মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদিছৰ মাজত ৫টা চৰ্ত পূৰণ হৈছে তাকে ছহীহ হাদিছ বা বিশুদ্ধ হাদিছ বোলে। চৰ্ত ৫টা হ'ল:
মুহাদ্দিছসকলৰ পৰিভাষাত যিবোৰ হাদিছত ছহীহ হাদিছৰ ৫টা চৰ্ত বিদ্যমান, কিন্তু দ্বিতীয় চৰ্ত অৰ্থাৎ ‘যাবতা’ বা হাদীছ বৰ্ণনাকাৰীৰ ‘নিৰ্ভুল বৰ্ণনা ক্ষমতা’ অলপ দুৰ্বল বুলি বুজা যায়, সেই হাদিছক হাছান হাদিছ বা গ্ৰহণযোগ্য হাদিছ বোলা হয়। অৰ্থাৎ যদি চনদত উল্লিখিত কোনো এজন ৰাবীৰ বৰ্ণিত হাদীছৰ মাজত কিছু অনিচ্ছাকৃত ভুল-ত্ৰুটি লক্ষ্য কৰা যায়, তেনেহ’লে এনে ধৰণৰ ৰাবীৰ বৰ্ণিত হাদিছ ‘হাছান হাদিছ’ বুলি গণ্য।[2]
ফিকহবিদসকলে সাধাৰণতে ছহীহ আৰু হাছান হাদিছৰ ভিত্তিতে শ্বৰীয়তৰ বিধান নিৰ্ধাৰণ কৰে।[3]
যি হাদিছৰ মাজত হাছান হাদিছৰ চৰ্তবিলাক বিদ্যমান নহয়, মুহাদ্দিছসকলৰ পৰিভাষাত তাকে যঈফ হাদিছ বোলে। অৰ্থাৎ,
ইত্যাদি যিকোনো এটা বিষয় কোনো হাদীছৰ মাজত থাকিলে হাদিছটো জঈফ বুলি গণ্য। কোনো হাদীছক ‘জঈফ’ বুলি গণ্য কৰাৰ অৰ্থ হ'ল, হাদিছটো ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা নহয় বুলিয়েই প্ৰতীয়মান হয়।[4]
যি হাদিছৰ ৰাবীয়ে জীৱনত কেতিয়াবা ইচ্ছাকৃতভাৱে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিছা কথা সজাই সমাজত প্ৰচাৰ কৰিছে অথবা, ইচ্ছাকৃতভাৱে হাদীছৰ সূত্ৰ (চনদ) বা মূল বাক্যৰ মাজত কম-বেছি কৰিছে বুলি প্ৰমাণিত হৈছে, তেওঁৰ বৰ্ণিত হাদিছক বানোয়াট বা মাউযু হাদিছ বোলে। এনেকুৱা ব্যক্তিৰ বৰ্ণিত হাদীছ গ্ৰহণযোগ্য নহয়।[5]
যি ছহীহ হাদিছ কোনো যুগত মাত্ৰ এজন ৰাবীয়ে বৰ্ণনা কৰিছে তাকে গৰীব হাদিছ বোলা হয়।[6]