হালধীয়া ফুটুকী মাইম (Papilio clytia) | |
---|---|
![]() | |
Papilio clytia form dissimilis | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
উপগণ: | Chilasa |
প্ৰজাতি: | Papilio clytia |
বৈজ্ঞানিক নাম | |
Papilio clytia Linnaeus, 1758 | |
সমাৰ্থক | |
|
হালধীয়া ফুটুকী মাইম (ইংৰাজী: Common Mime, বৈজ্ঞানিক নাম-Papilio clytia) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷ এই প্ৰজাতিটোৱে অনুকৰণধৰ্মিতা (mimicry) দেখুৱায় বুলি জনা যায়৷
এই পখিলাবিধৰ মতা আৰু মাইকী উভয়ৰে পাখিৰ ওপৰৰ অংশ বেঙুনীয়া ক’লা বা কোমল মটিয়া বৰণৰ হয়৷ আগফালৰ পাখি (Forewing)ত এটা বগা দাগ থাকে৷ তেনেদৰে পিছফালৰ পাখি (Hindwing)তো ত্ৰিভুজাকাৰ এটা বগা দাগ থকা দেখা যায়৷ ইয়াৰ পাখিৰ তলৰ অংশ শেঁতা মটিয়া বা গাঢ় বেঙুনীয়া হ’ব পাৰে৷.[1] অৱশ্যে প্ৰকাৰভেদে ইয়াৰ দেহৰ বৰণো বেলেগ বেলেগ হ’ব পাৰে৷
এই পখিলাবিধ ভাৰতৰ হিমাচল প্ৰদেশৰ পৰা ছিক্কিম আৰু অসম পৰ্যন্ত বিস্তৃত হৈ আছে৷ তদুপৰি নেপাল, বাংলাদেশ, আন্দামান দ্বীপপুঞ্জ, শ্ৰীলংকা, থাইলেণ্ড,চীন, হংকং, ভিয়েটনাম, লাওছ, মালয়েছিয়া, ফিলিপাইনছ, ইন্দোনেছিয়া আদিত এই পখিলাবিধ দেখিবলৈ পোৱা যায়৷
হালধীয়া ফুটুকী মাইম পখিলাক পৰ্বতীয়া অঞ্চলৰ পখিলা বুলি গণ্য কৰা হয় যদিও ইয়াক সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাতো দেখিবলৈ পোৱা যায়৷ বাৰিষাৰ সময়ত ইয়াক বেছিকৈ দেখা যায়৷
হালধীয়া ফুটুকী মাইম পখিলাৰ উৰাৰ ধৰণ খৰো নহয় বা বেছি লেহেমীয়াও নহয়৷ ই গ্ৰীষ্মকালত বোকাত পৰি খাদ্যৰ সন্ধান কৰে (mud-puddle)৷ এই পখিলাবিধে ঘাইকৈ ফুলৰ মৌ খাই জীয়াই থাকে৷
ঘূৰণীয়া, কমলা-হালধীয়া বৰণীয়া আৰু চিক্চিকিয়া হয়৷
ইয়াৰ পলু গাঢ় মটিয়া বৰণীয়া হয়৷
এই পখিলাৰ পলুৱে সাধাৰণতে Lauraceae পৰিয়ালৰ উদ্ভিদত বাস কৰে৷ ইয়াৰে কিছুমান উদ্ভিদৰ প্ৰজাতি হ’ল-
এই পখিলাৰ লেটা দেখাত মৰি যোৱা ডালৰ দৰে৷