হালিমা ছাদাম কৰিমী Halima Sadaf Karimi | |
---|---|
জন্ম | জৌজজান প্ৰদেশ, আফগানিস্তান |
শিক্ষা | অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত ডিগ্ৰী |
পেচা | আফগানিস্তানৰ ৰাজনীতিক, সংসদৰ প্ৰাক্তন সদস্য |
জনা যায় | মহিলাৰ অধিকাৰ কৰ্মী আৰু ৰাজনৈতিক সক্ৰিয়তা |
হালিমা ছাদাফ কৰিমি (ইংৰাজী: Halima Sadaf Karimi) এগৰাকী আফগান ৰাজনীতিবিদ৷ ইয়াৰ লগতে তেওঁ সংসদৰ প্ৰাক্তন সদস্য।
হালিমা ছাদাম কৰিমী আফগানিস্তানৰ উত্তৰ জৌজজান প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয়তাৰে জড়িত হোৱাৰ আগতে তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।[1]
২০২১ চনত তেওঁক 'বিবিচি ১০০ মহিলা'ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়৷ আফগানিস্তানৰ উজবেক সংখ্যালঘু আৰু মহিলাৰ অধিকাৰৰ পক্ষত থিয় হোৱাৰ বাবে তেওঁ পৰিচিত আৰু এই পৰিচিতিয়ে তেওঁক উক্ত সন্মান দিয়াত বিশেষ ভূমিকা লয়৷।[1]
তেওঁ তালিবানৰ পৰা বহুবাৰ মৃত্যুৰ ভাবুকি পাইছে৷ ভাবুকিৰ পৰা পৰিত্ৰাণাৰ্থে অৱশেষত কৰিমীয়ে সীমান্ত পাৰ হৈ উজবেকিস্তানলৈ পলায়ন কৰে।[2] ২০২০ চনত তেওঁৰ সৰু ভাতৃক তালিবানে হত্যা কৰে।[3]