হাৰ্মিচ

হাৰ্মিচ
সীমা, পথ, ভ্ৰমণকাৰী, চোৰ, এথলীট, ভেড়াৰখীয়া, বাণিজ্য, বেগ, ধূৰ্তালি, মেধা আৰু নিদ্ৰাৰ দেৱতা
দেৱতাসকলৰ বাৰ্তাবাহক
নিবাস অলিম্পাচ পৰ্বত
গ্ৰহ বুধ গ্ৰহ[1]
প্ৰতীক পাখিলগা পাদুকা, সৰ্পদণ্ড, কাছ, বীণ, ডাকোৱা কুকুৰা, পাখিলগা শিৰোস্ত্ৰাণ
সঙ্গী মেৰ'পি, এফ্ৰোডাইটি, ড্ৰায়'পি, পেইথ'
পিতৃ-মাতৃ জ্যুচ আৰু মায়া
ইউৰেনাচ আৰু হেমেৰা[2]
সহোদৰ এইকাচ, এঞ্জেল'চ, এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা আদি
সন্তান ইভেণ্ডাৰ, পেন এঞ্জেলিয়া আদি
ৰোমান সমাৰ্থক মাৰ্কিউৰি
ইট্ৰুস্কান সমাৰ্থক টাৰ্মচ

হাৰ্মিচ (ইংৰাজী: Hermes) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মনৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা।[3][4][5] তেওঁ মানৱ আৰু দেৱতা উভয়ৰে জগতত নিজৰ পাখিলগা পাদুকাযোৰৰ সহায়ত ক্ষিপ্ৰতাৰে আৰু মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। মৃত্যুৰ পিছত আত্মাসমূহক পাতালপুৰীলৈ বাট দেখুৱাই নিয়াৰ দায়িত্বও হাৰ্মিচৰ ওপৰত ন্যস্ত। [6][7]

কিংবদন্তিসমূহত হাৰ্মিচক দেৱতাসকলৰ দূত বা বাৰ্তাবাহক হিচাপে দেখা পোৱা যায়[8] আৰু তেওঁক জ্যুচ আৰু মায়াৰ পুত্ৰ হিচাপে উপস্থাপন কৰা হয়। তেওঁক দৈৱিক চাতুৰ্যকাৰ আখ্যা দিয়া হয়।[9][10]

হাৰ্মিচৰ সৈতে জড়িত সামগ্ৰী বা চিহ্নসমূহ হৈছে হাৰ্মা (মূৰ আৰু পুৰুষাংগৰ সৈতে এক ভাস্কৰ্যবিশেষ), ডাকোৱা কুকুৰা, কাছ, ধনৰ মোনা, পাখিলগা পাদুকা, পাখিলগা শিৰোস্ত্ৰাণ, পাম গছ (নাৰিকলজাতীয় গছ), ছাগলী, ৪ সংখ্যা, বিভিন্নপ্ৰকাৰৰ মাছ আৰু ধূপ।[11] অৱশ্যে হাৰ্মিচৰ মুখ্য চিহ্ন হৈছে সৰ্পদণ্ড। তেওঁৰ চিহ্নসমূহত ইট্ৰুস্কান দেৱতা টাৰ্মচৰ প্ৰভাৱ আছে।[12]

ৰোমান সমকক্ষ

[সম্পাদনা কৰক]

ৰোমান কিংবদন্তিত হাৰ্মিচক মাৰ্কিউৰি নামেৰে জনা যায়।[13] লেটিন ভাষাত ইয়াৰ অৰ্থ বা বেপাৰ বা বণিজ।[14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Evans, James (1998). The History and Practice of Ancient Astronomy. Oxford University Press. পৃষ্ঠা. 296–7. ISBN 978-0-19-509539-5. https://books.google.com/books?id=nS51_7qbEWsC&pg=PA17। আহৰণ কৰা হৈছে: 2008-02-04. 
  2. Cicero, De natura Deorum 3.56; also Arnobius, Adversus Nationes 4.14.
  3. Burkert, p. 158.
  4. Powell, Barry B. (2015). Classical Myth (8th সম্পাদনা). প্ৰকাশক Boston: Pearson. পৃষ্ঠা. 177–190. ISBN 978-0-321-96704-6. 
  5. Lay, p. 3.
  6. Powell, pp. 179, 295
  7. Burkert, pp. 157–158.
  8. Burkert, p. 158.
  9. Burkert, p. 156.
  10. Homer, 1–512, as cited in Powell, pp. 179–189
  11. Austin, M. Hellenistic world from Alexander to the Roman conquest: a selection of ancient sources in translation. Cambridge University Press, 2006. p. 137.
  12. Combet-Farnoux, Bernard (1980). "Turms étrusque et la fonction de « minister » de l'Hermès italique". Mercure romain : Le culte public de Mercure et la fonction mercantile à Rome de la République archaïque à l'époque augustéenne. École française de Rome. pp. 171–217.
  13. Bullfinch's Mythology (1978), Crown Publishers, p. 926.
  14. Powell, p. 178