হিজল | |
---|---|
![]() | |
A Barringtonia acutangula tree on the Hoan Kiem Lake | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Ericales |
পৰিয়াল: | Lecythidaceae |
গণ: | Barringtonia |
প্ৰজাতি: | B. acutangula |
বৈজ্ঞানিক নাম | |
Barringtonia acutangula (L.) Gaertn. | |
সমাৰ্থক[1] | |
|
হিজল (বৈজ্ঞানিক নাম: Barringtonia acutangula) এবিধ সৰু আকাৰৰ গছ৷ এই গছ সাধাৰণতে বিলৰ কাষত বা পানীত ডুবি থকা ঠাইত উৎপন্ন হোৱা দেখা যায়৷[2] এই গছৰ অংশ খাদ্য আৰু ঔষধ হিচাপে আৰু কাঠ নাও আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
হিজল গছ দক্ষিণ এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ৷ আফগানিস্তানৰ পৰা ফিলিপিনিছ, কুইনছলেণ্ডলৈকে দেশসমূহত এই উদ্ভিদ বিস্তৃত হৈ আছে৷ [3]
হিজল গছৰ উচ্চতা ৮-১৫ মিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷ ইয়াৰ পাতবোৰ ডাঠ, মিহি আৰু ঘুৰণীয়া আকাৰৰ৷ পাতৰ দৈৰ্ঘ্য ৮-১২ ছে:মি: আৰু প্ৰস্থ ৪-৫ ছে:মি: হয়৷ ফলৰ আকাৰ সৰু আৰু অলপ দীঘলীয়া ধৰণৰ হয়৷[4] ফুল থোপাথোপে ফুলে, ৰঙা বৰণীয়া আৰু সুগন্ধিযুক্ত হয়৷[2]
এই গছৰ বাকলিৰ বৰণ প্ৰায় ক'লা আৰু এই বাকলিত দীঘলীয়া খলা-বমাৰ চিন থাকে৷ বাকলিৰ ভিতৰখন গুলপীয়া৷[2]
হিজলৰ কুমলীয়া পাতবোৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে ভিয়েটনামত এই পাত মাংসৰ সৈতে খোৱা হয়৷ [4]
গৱেষণাই দেখুৱাইছে যে এই উদ্ভিদৰ বহুতো ঔষধি গুণ আছে৷ উদাহৰণস্বৰূপে এই উদ্ভিদ antitumor,[5] এন্টিবায়'টিক হিচাপে[6] Helicobacter pylori নামৰ বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰিবলৈ,[7] [8] আৰু ভেঁকুৰৰ বৃদ্ধি ৰোধ কৰিবলৈ[9][10] ব্যৱহাৰ কৰা হয়৷
ভাৰতৰ বিভিন্ন ঠাইত এই উদ্ভিদৰ ৰস ছালৰ ৰোগৰ বাবে আৰু গ্ৰহণী ৰোগত পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷[11]
তাৰোপৰি হিজল গছৰ কাঠ নাও আদি নিৰ্মাণ কৰাটো ব্যৱহাৰ কৰা হয়৷[2]
ৱিকিমিডিয়া কমন্সত Barringtonia acutangula সম্পৰ্কীয় মিডিয়া ফাইল।