হিজিৰা[3] বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়।[4][5] হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে 'হিজিৰা' নাম লাভ কৰে। তেওঁলোকক ঠাই ভেদে 'আৰাৱনী', 'আৰুভনী', 'যোগপ্পা' আৰু তুস্বাৰ্থত 'চাক্কা' বুলি জনা যায় যদিও[6] ভাৰতৰ হিজিৰা সমাজে নিজকে 'কিন্নৰ' বুলি অভিহিত কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি কিন্নৰ কুৱেৰৰ পৰিষদৰ সভাসদ আছিল আৰু নৃত্য-গীত আদিত পাৰ্গত আছিল। পাকিস্তানত হিজিৰা সকলক 'খাজ্যা চিৰা' বুলি বুলি জনা যায়। খাজ্যা চিৰা উৰ্দু ভাষাত ট্ৰান্সজেণ্ডাৰৰ সমকক্ষ।[7]
ভাৰতীয় উপমহাদেশৰ দেশসমূহত হিজিৰাক তৃতীয় লিংগৰ মৰ্য্যদা প্ৰদান কৰা হৈছে।[8][9] হিজিৰা সকলক সম্পূৰ্ণকৈ পুৰুষ বা মহিলা হিচাপে গণ্য কৰা নহয়। ভাৰতীয় সংস্কৃতিত হিজিৰা সকল অবিচ্ছেদ্য অংগ। বহু ধৰ্মীয় আৰু ঐতিহাসিক গ্ৰন্থৰ লগতে বাৎসায়নৰ কামসূত্ৰতো হিজিৰা সকলৰ বিষয়ে উল্লেখ আছে।
হিজিৰা সকলে সামাজিক বিশেষ গঠনৰ দ্বাৰা গঠিত সমাজত একেলগে বাস কৰে। এই সমাজৰ মুৰব্বী জনক গুৰু বোলে। ইয়াৰ লগতে গুৰু মা, গুৰু ভাই আৰু শিষ্য সকলৰ সৈতে হিজিৰা সমাজ গঠিত।[10] পৰিয়ালে গ্ৰহণ নকৰা, দৰিদ্ৰতাৰ বাবে, সমাজৰ বৈষম্যৰ বাবে ইত্যাদি অন্যান্য কাৰণত পলাই অহা বা স্বইচ্ছাৰে হিজিৰা সমাজত যোগ দিবলৈ বিচৰা ব্যক্তিসকলৰ বাবে এই সমাজ বহু প্ৰজন্ম ধৰি আশ্ৰয়স্থলী হিচাপে পৰিগণিত হৈছে। [11] তেওঁলোকৰ বেছি ভাগে জীৱন-ধাৰণৰ বাবে নাচ-গান, ভিক্ষা বৃত্তি আনকি বেশ্যা বৃত্তিৰ ওপৰত নিৰ্ভৰশীল।
হিজিৰা হিন্দুস্তানী শব্দ।[12] পাৰম্পৰিক ভাবে সমাজত ইয়াক নপুংসক, উভয়লিংগ আৰু পুৰুষ জনন অংগৰ অসম্পূৰ্ণ গঠনৰ অধিকাৰী ব্যক্তিৰ সমৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়। [13] যদিও সাধাৰণতে বেছিভাগ হিজিৰা জন্মতে পুৰুষ হিচাপে জন্মলাভ কৰে আৰু উভয় লিংগৰ অনুপাত তুলনামূলক ভাৱে কম। [14] কিছুমান হিজিৰা সম্প্ৰদায়ত অন্তৰ্ভুক্তিৰ বাবে নিৰ্বাণ নামৰ ৰীতি পালন কৰা হয়। নিৰ্বাণ ৰীতি অনুসৰি পুৰুষে নিজৰ জনন অংগ যেনে লিংগ আৰু শুক্ৰাশয় শৰীৰৰ পৰা বিচ্ছিন্ন কৰে।
বিংশ শতিকাৰ শেষৰফালে কিছু হিজিৰা সামাজিক কৰ্মী আৰু বেচৰকাৰী সংগঠনে হিজিৰা সকলকৰ চৰকাৰীভাবে তৃতীয় লিংগ হিচাপে স্বীকৃতি বিচাৰি আহিছিল। [15] হিজিৰা সকলে প্ৰথমে বাংলাদেশত চৰকাৰীভাবে তৃতীয় লিংগ হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু শিক্ষা আৰু কিছুমান কম মজুৰিৰ চাকৰিৰ বাবে সংৰক্ষণ লাভ কৰিছিল।[16] ২০১৪ চনৰ এপ্ৰিল মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে হিজিৰা, ট্ৰান্সজেণ্ডাৰ, নপুংসক, উভয়লিংগ আদি সকলোকে তৃতীয় লিংগৰ স্বীকৃতি প্ৰদান কৰিলে।[4][17][18]নেপাল, পাকিস্তান, ভাৰত আৰু বাংলাদেশৰ চৰকাৰে আইনীভাবে তৃতীয় লিংগৰ অস্তিত্ব গ্ৰহণ কৰিছে। ভাৰত আৰু নেপালে চৰকাৰী নথি পত্ৰ যেনে পাছপোৰ্ট আদিত তৃতীয় লিংগক অন্তৰ্ভুক্ত কৰিছে।[19]
অতীতত হিজিৰা সকলে সমাজত উচ্চ স্থান লাভ কৰিছিল। ঐতিহাসিক সমল সমূহত হিজিৰা সমাজৰ উল্লেখৰ লগতে বহু হিজিৰা ব্যক্তিয়ে বহু ক্ষমতাশালী পদবীত অধিষ্ঠিত আছিল বুলি পোৱা গৈছে। কিন্তু ব্ৰিটিছ সকলৰ আগমনৰ পিছত তেওঁলোকৰ সামাজিক স্থিতিৰ অৱনতি ঘটিবলৈ ধৰিলে। তেওঁলোক সমাজৰ পৰা আঁতৰত সমাজ পাতি থাকিবলৈ বাধ্য হ'ল। তেওঁলোক সততে বৈষম্যৰ চিকাৰ হয় আৰু জীৱন ধাৰণৰ বাবে ভিক্ষা আৰু বেশ্যা বৃত্তিৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমান তেওঁলোক আইনী স্বীকৃতি লাভ কৰিছে যদিও বৈষম্যৰ সমাপ্তি ঘটা নাই। শেহতীয়াকৈ ভাৰত চৰকাৰে হিজিৰা সমাজত প্ৰচলিত 'কিন্নৰ গীত' "ভাৰতীয় ঐতিহ্যৰ বিমূৰ্ত প্ৰতীকৰ ৰাষ্ট্ৰীয় তালিকা"ত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ লগতে তেওঁলোকৰ আইনী ৰক্ষাকৱচ হিচাপে ট্ৰান্সজেণ্ডাৰ সুৰক্ষা বিধেয়ক আইন প্ৰণয়ন কৰিছে।
↑Nanda 1985, pp. 35–54 "The most significant relationship in the hijra community is that of the guru (master, teacher) and chela (disciple)." Cohen 1995, "Hijras are organized into households with a hijra guru as head, into territories delimiting where each household can dance and demand money from merchants"
↑Towle & Morgan 2002, p. 116 "None of the hijra narratives I recorded supports the widespread belief in India that hijras recruit their membership by making successful claims on intersex infants. Instead, it appears that most hijras join the community in their youth, either out of a desire to more fully express their feminine gender identity, under the pressure of poverty, because of ill treatment by parents and peers for feminine behaviour, after a period of homosexual prostitution, or for a combination of these reasons.".
↑Reddy 2010, p. 243 "By and large, the Hindi/Urdu term hijra is used more often in the north of the country, whereas the Telugu term kojja is more specific to the state of Andhra Pradesh, of which Hyderabad is the capital." Chettiar 2015, "The Urdu and Hindi word "hijra" may alternately be romanised as hijira, hijda, hijada, hijara, hijrah and is pronounced "heejra" or "heejda";