হিড়িম্বী | |
---|---|
ৰাজা ৰবি বৰ্মাই অঙ্কন কৰা ভীম আৰু হিড়িম্বী চিত্ৰ। | |
সম্পৰ্ক | ৰাক্ষস, দেৱী |
নিবাস | কাম্যকা বন |
সঙ্গী | ভীম |
সহোদৰ | হিড়িম্ব |
সন্তান | ঘটোৎকচ |
হিন্দু পাঠ্য | মহাভাৰত |
হিড়িম্বী বা হিড়িম্বা (ইংৰাজী: Hiḍimbī/Hiḍimbā, সংস্কৃত: हिडिम्बी/हिडिम्बा) পাণ্ডৱ ভীমৰ পত্নী আৰু মহাভাৰতৰ মহান যোদ্ধা বীৰ ঘটোৎকচ মাতৃ আছিল। তেওঁ আদি পৰ্বৰ নৱম উপ-পৰ্ব (হিড়িম্বা-বধ পৰ্বত)-ত ভীমক লগ পায়। তেওঁক ভূটনদেৱী (সংস্কৃত: भुटनदेवी) বা পল্লৱী (সংস্কৃত: पल्लवी) বুলিও উল্লেখ কৰা হয়।
কাহিনীটো মহাভাৰতৰ লক্ষ্যগৃহৰ পৰা আৰম্ভ হয়, যেতিয়া পাণ্ডৱসকলে এক ঘন অৰণ্যত উপনীত হয়। ভ্ৰমণ কৰি ক্লান্ত হৈ তেওঁলোক সকলোৱে ৰাতি শুই পৰে আৰু ভীমে চোৱা-চিতাৰ দায়িত্ব লয়।
আৰু সেই একেখন অৰণ্যতে হিড়িম্বী আৰু তেওঁৰ ভায়েক হিড়িম্ব বাস কৰিছিল যি অতি শক্তিশালী ৰাক্ষস আছিল। তেওঁ দূৰৰ পৰাই পাণ্ডৱসকলৰ গোন্ধ পাইছিল আৰু ভীমক জালত প্ৰলোভিত কৰিবলৈ হিড়িম্বই তেওঁৰ ভনী হিড়িম্বী কৈছিল, যাতে তেওঁ তেওঁক খাব পাৰে। ভায়েক হিড়িম্বৰ কথামতে হিড়িম্বী ভীমক জালত প্ৰলোভিত কৰিবলৈ যায় যদিও ভীমৰ মুখামুখি হৈ তেওঁ প্ৰলোভিত কৰাৰ পৰিৱৰ্তে ভীমৰ প্ৰেমত পৰে। তেওঁ এগৰাকী অতি সুন্দৰ মহিলাৰ ৰূপ ধাৰণ কৰিছিল আৰু তেওঁৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰি তেওঁক বিয়া কৰাৰ ইচ্ছা প্ৰকাশ কৰি গৈছিল, লগতে তেওঁৰ ভায়েকৰ উদ্দেশ্যও প্ৰকাশ কৰিছিল। হিড়িম্বীৰ সহায়ত ভীমে হিড়িম্বক সোনকালেই পৰাভূত কৰিছিল। কুন্তী আৰু পাণ্ডৱসকলে সিহঁতক দূৰৰ পৰাই চাই থাকে।[1]
হিড়িম্বক হত্যা কৰাৰ পিছত ভীমে হিড়িম্বীক বিবাহ কৰায়। ভীমে সিহঁতৰ এটা সন্তান জন্ম নোহোৱালৈকে বাস কৰাৰ সিদ্ধান্ত লয় আৰু এবছৰৰ ভিতৰত, হিড়িম্বী এটা সন্তান জন্ম দিয়ে। তেওঁলোকে তেওঁক ঘটোৎকচ নাম দিয়ে। ঘটোৎকচ মহাভাৰতৰ যুদ্ধৰ এগৰাকী মহান যোদ্ধা আছিল।[2]
হিড়িম্বীৰ উপাসনাৰ বাবে উৎসৰ্গিত হিমাচল প্ৰদেশৰ মানালীত এটা মন্দিৰ আছে। কিংবদন্তি অনুসৰি, হিড়িম্বী তপস্যা কৰিবলৈ আৰু দেৱীৰ মৰ্যাদা লাভ কৰিবলৈ অৰণ্যত ঘূৰি আছিল।[3]