হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
![]() |
হিন্দু (ⓘ) ভাৰতীয় দাৰ্শনিক, হিন্দু ধৰ্মাৱলম্বীসকলৰ আৰু ভাৰতৰ সাস্কৃতিক এক পৰিচয় অথৱা পদ্ধতি যিবোৰ ভাৰতীয় উপমহাদেশৰ বৃহত্তম আৰু দেশীয় ধৰ্মবিশ্বাস। ভাৰতীয় সংবিধান অনুসৰি "হিন্দু" শব্দটোৱে যিকোনা ভাৰতীয় ধৰ্ম যেনে, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা শিখ ধৰ্মাম্বলৱী লোকসকলকে সূচায়।[1] বৰ্তমান সাধাৰণ দৃষ্টিভঙ্গীৰে ক’লে হিন্দু শব্দটোৱে হিন্দুধৰ্মৰ অনুগামীসকলক সূচায়।
বৰ্তমান এক বিলিয়ন অনুগামীতকৈয়ো বেছি সংখ্যক লোকেৰে, হিন্দু ধৰ্মাম্বলম্বী লোকসকল পৃথিৱীৰ তৃতীয় বৃহত্তম গোট। ইয়াৰে সৰহ সংখ্যক অনুগামীয়েই ভাৰতত বসবাস কৰে, সংখ্যাত প্ৰায় ৯৪ কোটি।[2] অন্য দেশ কিছুমান যেনে, নেপাল, বাংলাদেশ, শ্ৰীলঙ্কা, মৰিছাছ, গুৱানা, ফিজি, বালি দ্বীপপুঞ্জতো যথেষ্ট সংখ্যক হিন্দু ধৰ্মাৱলম্বী লোক আছে।
|