কছ নগৰৰ হিপ'ক্ৰেটিছ | |
---|---|
পিটাৰ পল ৰিউবেনছৰদ্বাৰা ১৬৩৮ খ্ৰীষ্টাব্দত তৈয়াৰী খোদন শিল্প , নেছনেল লাইব্ৰেৰী অফ মেডিচিনৰ সৌজন্যত প্ৰাপ্ত.[1] | |
জন্ম | খ্ৰী.পূ. ৪৬০ কছ, গ্ৰীছ |
মৃত্যু | খ্ৰী.পূ. ৩৭০ লৰিছা, গ্ৰীছ |
পেচা | চিকিৎসক |
হিপ'ক্ৰেটিছ (ইংৰাজী: Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়।[2][3][4] হিপ'ক্ৰেটিছেই চিকিৎসা বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে। হিপ'ক্ৰটিছৰ অৱদান সমূহৰ বিষয়ে ঘাইকৈ জনা যায় হিপ'ক্ৰটিছৰ কৰ্পাছ (Hippocratic Corpus) লিখনী সমূহৰপৰা। এই লিখনীৰ সংগ্ৰহত বহুকেইজন ব্যক্তিৰ পৰীক্ষা-নিৰীক্ষা আৰু অভিজ্ঞতাৰ ফছল সোমাই আছে। সেয়ে ইয়াৰে কিমানখিনি হিপ'ক্ৰটিছৰ নিজৰ লিখা সেয়া সঠিককৈ জানিব পৰা নাযায়। কিন্তু প্ৰাচীন জগতৰ এজন প্ৰখ্যাত চিকিৎসক হিচাপে হিপ'ক্ৰেটিছক আটায়ে মানি লয়। চিকিৎসা শাস্ত্ৰত প্ৰণালীবদ্ধ অধ্যয়নৰ পাতনি মেলাত হিপ'ক্ৰেটিছৰ ভূমিকা সৰ্বজনগৃহীত। বিগত সময়ৰ জ্ঞানৰ লগত নিজৰ গৱেষণালব্ধ জ্ঞান যোগ দিয়াৰ উপৰিও হিপ'ক্ৰেটিছে চিকিৎসা বৃত্তিক এটা সন্মানীয় পেছা হিচাপে গঢ় দিয়ে। চিকিৎসাক পেছা হিচাপে গ্ৰহণ কৰা সকলে মানি চলিবলগীয়া নীতি-নিয়ম আদি হিপ'ক্ৰেটিছে প্ৰণয়ন কৰা 'চিকিৎসকৰ শপতনামা'ত (Hippocratic Oath) লিখি থৈ গৈছে।[5][6]
ঐতিহাসিকৰ মত অনুসৰি হিপ'ক্ৰেটিছৰ জন্ম হৈছিল খ্ৰী.পূ. ৪৬০, গ্ৰীছ দেশৰ কছত (Greek Island of Cos)। চিকিৎসা বিজ্ঞানৰ প্ৰচলিত গ্ৰীক মতবাদৰ বিপৰীতে যোৱা বাবে তেখেতক বিছ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয়। বন্দী অৱস্থাতে তেওঁ লিখি উলিয়াই বিখ্যাত পুথি 'জটিল মানৱ দেহ' (The Complicated Body)। ইয়াৰে বহুতো মতবাদ এতিয়াও সত্য বুলি প্ৰতিপন্ন হৈ আছে। হিপ'ক্ৰটিছৰ জীৱনৰ বিষয়ে লিখা বাকীখিনি কথা অলৌকিকতাৰে ভৰপূৰ। সেয়ে ইয়াক সত্য বুলি মানি লোৱা টান। (see Legends).[7]
এফিছাছৰ ছ'ৰানাছ,[8] দ্বিতীয় শতিকাৰ এজন প্ৰখ্যাত গ্ৰীক স্ত্ৰীৰোগ বিশাৰদে হিপ'ক্ৰটিছৰ প্ৰথমখন জীৱনৰ প্ৰনয়ন কৰে। খ্ৰীষ্ট পূৰ্ব চতুৰ্থ শতিকাত এৰিষ্টটল লিখনীত, খ্ৰীষ্টাব্দ দশম শতিকাত ছুডা লিখনীত আৰু দ্বাদশ শতিকাত জন ছেছেজ লিখনীত হিপ'ক্ৰটিছৰ বিষয়ে উল্লেখ আছে।[5][9] ছ'ৰানাছৰ লিখনী অনুসৰি হিপ'ক্ৰেটিছৰ পিতা হিৰাক্লিডাছ এজন চিকিৎসক আৰু মাতৃ প্ৰক্সিটেলা, টিজেনৰ জীয়ৰী। হিপ'ক্ৰটিছৰ দুই পুত্ৰ ক্ৰমে থেছালাছ আৰু ড্ৰেকো আৰু জোঁৱাই পলিবাছ তেখেতৰ ছাত্ৰ আছিল। আন এগৰাকী গ্ৰীক দাৰ্শনিক আৰু বিজ্ঞানী গেলেন মতে পলিবাছেই হিপ'ক্ৰেটিছৰ জ্ঞানৰ প্ৰকৃত উত্তৰাধিকাৰী আছিল।[10][11]
ছ'ৰানাছৰ লিখনী অনুসৰি হিপ'ক্ৰেটিছে চিকিৎসা বিষয়ক জ্ঞান লাভ কৰিছিল পিতৃ আৰু ককাদেউতাকৰপৰা। হিপ'ক্ৰেটিছৰ আন এজন শিক্ষাগুৰু আছিল হেৰ'ডীকাছ (Herodicus of Selymbria)। সমসাময়িক লেখকৰ মাজত একমাত্ৰ প্লেটো ডায়েলগত হিপ'ক্ৰেটিছৰ উল্লেখ পোৱা যায়। হিপ'ক্ৰেটিছে সমগ্ৰ জীৱন জুৰি চিকিৎসা শাস্ত্ৰৰ অধ্যয়ন আৰু শিক্ষাৰ কামত লাগি থাকে। তেখেতে থেছেলি, থ্ৰেছ আৰু মাৰমাৰা সাগৰ[11] ভ্ৰমণ কৰিছিল বুলি ধাৰণা কৰা হয়। সম্ভৱত: তেখেতৰ মৃত্যু হৈছিল লৰিছা নগৰত ৮৩ বা ৯০ বছৰ বয়সত। কিছুমান লিখনীৰ মতে তেওঁ ১০০ বছৰ পৰ্য্যন্ত জীয়াই আছিল। তেখেতৰ মৃত্যুৰ কাৰণ সম্পৰ্কে নানা মুনিৰ নানা মত।
ৰোগৰ প্ৰাকৃতিক কাৰকৰ অৱস্থিতিৰ বিষয়ে প্ৰথম ধাৰণা হিপ'ক্ৰেটিছেই আগবঢ়ায় বুলি বিবেচনা কৰা হব। তেওঁৰ আগলৈ ৰোগক দেৱ-দেৱীৰ অভিশাপ বা ভূত-পিশাচৰ কাৰ্য্য বুলি ভবা হৈছিল। পাইথাগোৰাছৰ শিস্যসকলে হিপ'ক্ৰেটিছেই প্ৰথম দৰ্শন আৰু নিদান-বিজ্ঞান (মেডিচিন)ৰ মাজত সমন্বয় স্থাপন কৰে বুলি মত আগবঢ়ায়। হিপ'ক্ৰেটিছৰ কোনো লিখনীতে কোনো বেমাৰৰ ক্ষেত্ৰত অলৌকিক প্ৰভাৱৰ উল্লেখ নাই। অৱশ্যে হিপ'ক্ৰেটিছ বিশ্বাস কৰা বহুতো শৰীৰ ৰচনা বিজ্ঞান (এনাট'মী) বা শৰীৰবৃত্ত বিজ্ঞান (ফিজিঅ'লজী) সম্বন্ধীয় কথা ভুল আছিল। তাৰে অন্যতম আছিল 'বিশেষ ৰস'ৰ ধাৰণা (Humorism).[12][13][14] প্ৰাচীন গ্ৰীক চিকিৎসা শাস্ত্ৰ ঘাইকৈ দুটা মতবাদত বিভক্ত আছিল-- নিদিয়ান (knidian) আৰু কো্আন (Koan)। নিদিয়ান মতবাদত ৰোগৰ নিদানত বেছি গুৰুত্ব আৰোপ কৰা হৈছিল কিন্তু শৰীৰৰ গঠন আৰু কাৰ্য্যপ্ৰণালী সম্বন্ধে পৰ্যাপ্ত জ্ঞানৰ অভাৱত তেওঁলোকে প্ৰায়েই সঠিক নিদান পোৱাত বাধা পাবলগীয়া হৈছিল। আনহাতে কোআন মতবাদত, যাক হিপ'ক্ৰেটিক মতবাদ বুলিও কোৱা হয়, এটা 'সাধাৰণ' (generalized) নিদান দি তাৰ 'সাধাৰণ' চিকিৎসাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছিল। সেয়ে সৰ্বসাধাৰণৰ মাজত কোআন মতবাদ বেছি জনপ্ৰিয় হৈ পৰিছিল আৰু অধিক সফল হৈছিল।[15][16]
বৰ্তমান চিকিৎসা বিজ্ঞানতকৈ হিপ'ক্ৰেটিক মতবাদ যথেষ্ট পৃথক আছিল। আজিকালি সঠিক নিদান আৰু তাৰ বাবে বিশেষ চিকিৎসাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। আজিৰ এই প্ৰণালী নিদিয়ান প্ৰথাৰ বেছি ওচৰ চপা। হিপ'ক্ৰেটিছৰ মতবাদ মতে ঔষধতকৈ পথ্যক বেছি গুৰুত্ব দিয়া বাবে বহুতে এই মতবাদৰ সমালোচনা কৰে। .[17]
'সংকট' হিপ'ক্ৰেটিছৰ চিকিৎসা তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা। ৰোগৰ বিস্তাৰ কালত এটা বিন্দু এনেকুৱা আহে য'ৰপৰা ৰোগটোক আঁতৰাব নোৱাৰি বা ই ৰোগীক মৃত্যুৰ মুখলৈ লৈ যায়, আকৌ ইয়াৰ একেবাৰে বিপৰীত পৰিস্থিতি এটাৰ উদ্ভৱ হয়, যে ৰোগ কমি ৰোগী ভাললৈ আহে। এই বিন্দুটোকে 'সংকট' বোলা হয়। এটা 'সংকট' পাৰ হৈ যোৱাৰ পাছত আকৌ আহিবও পাৰে বা নাহিবও পাৰে। 'সংকট'ৰ সময়খিনিকে 'সংকট কাল' (Critical days) বোলা হয়। এই সংকট কাল প্ৰতিবিধ ৰোগৰ বাবে এটা নিৰ্দিষ্ট সময়ত আহে বুলি ভবা হয়। গ্ৰীক দাৰ্শনিক গেলেনৰ মতে এই মতবাদৰ স্ৰষ্টা আছিল হিপ'ক্ৰেটিছ, কিন্তু এই মতবাদ আগৰপৰাই চলি থকাৰ সম্ভাৱনা নথকা নহয়।[18]
হিপ'ক্ৰেটিছৰ চিকিৎসা মূলত: "প্ৰাকৃতিক নিৰাময় শক্তি"ক নিজৰ কাম কৰিবলৈ দিয়াৰ ওপৰত নিৰ্ভৰশীল আছিল। বিশ্বাস কৰা হৈছিল ৰোগীৰ দেহৰ ভিতৰতে ৰোগ নিৰাময়ৰ সূত্ৰ লুকাই থাকে। ৰোগৰ কাৰণ হৈছে চাৰিবিধ 'বিশেষ ৰস'ৰ (Humour) মাজত হোৱা তাৰতম্য। আমাৰ দেহে নিজেই এই তাৰতম্য সূষম কৰি ল'ব পাৰে। এই কাৰ্য্যৰ বাবে দেহক প্ৰয়োজন জিৰণি আৰু অচলাৱস্থা। এই দুটাক হিপ'ক্ৰেটিছৰ চিকিৎসাত বিশেষ গূৰুত্ব আৰোপ কৰা হৈছিল। হিপ'ক্ৰেটিছৰ চিকিৎসাত ৰোগীক মৰমেৰে ৰখা হৈছিল, আনকি চিকিৎসা বিধিতো ৰোগীয়ে যাতে কষ্ট নাপায় তালৈ লক্ষ্য ৰখা হৈছিল। ৰোগীক চাফ-চিকুনকৈ ৰখাত বিশেষ গুৰুত্ব দিয়া হৈছিল। ৰোগীৰ দেহত শান্তি দিয়া মলম ব্যৱহাৰ কৰা হৈছিল।[19][20][21]
ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত অতিমাত্ৰা সাৱধানতা অৱলম্বন কৰা হৈছিল। ৰোগীক ভাল কৰাতকৈও বেছি লক্ষ্য ৰখা হৈছিল যাতে ভাল কৰিবলৈ গৈ ৰোগীৰ কোনো অনিষ্ট সাধন কৰা নহয়।[21][22] অৱশ্যে বিশেষ ক্ষেত্ৰত পৰীক্ষিত ঔষধ প্ৰয়োগ কৰা হৈছিল।[23] হিপ'ক্ৰেটিছৰ পদ্ধতি কিছুমান ৰোগৰ অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছিল। বিশেষকৈ ভগা হাড় জোৰা দিয়াৰ ক্ষেত্ৰত। এই কামৰ বাবে হিপ'ক্ৰেটিছৰ পীৰা আদিৰ দৰে সঁজুলি ব্যৱহাৰ কৰা হৈছিল।
হিপ'ক্ৰেটিছৰ পদ্ধতিৰ চালিকা শক্তি আছিল ৰোগৰ নিদানতকৈ চিকিৎসাৰ ওপৰত বেছি জোৰা দিয়াটো। ৰোগ এবিধ কেনেকৈ আগবাঢ়ে সেই বিষয়ে তথ্য আহৰণ কৰাটো এই পদ্ধতিৰ আন এটা উল্লেখযোগ্য সাফল্য।[14][24]
হিপ'ক্ৰেটিছৰ চিকিৎসাত পেছাদাৰীতা, নিয়মানুৱৰ্তীতা আৰু অভ্যাসৰ ওপৰত প্ৰবল গুৰুত্ব দিয়া হৈছিল।[26] হিপ'ক্ৰেটিছৰ লিখিত 'চিকিৎসকৰ বাবে' গ্ৰন্থত চিকিৎসক সকলকক সুবিনস্ত, নীতিশীল, ধীৰ, গম্ভীৰ আৰু সহানুভূতিশীল হ'বলৈ কোৱা হৈছে। পেছাগত দিশতো চিকিৎসক সকলে কাৰ্যক্ষেত্ৰত সঠিক পোহৰ, গুণী সহযোগী, উত্তম বিধৰ সা-সঁজুলিৰে সজ্জিত আছিল। ৰোগীৰ চিকিৎসাৰ সময়ত ৰোগীক উপযুক্ত ভঙ্গীত ৰখা, বেণ্ডেজ আদি সঠিক ভাৱে বন্ধা আদিত বিশেষ গুৰুত্ব দিয়া হৈছিল।[27] হিপ'ক্ৰেটিছে আনকি নিজৰ নখো এটা সঠিক দৈৰ্ঘলৈ ৰাখিছিল।[28]
ৰোগীক চিকিৎসা দিয়াৰ উপৰিও উপযুক্ত পৰ্য্যবেক্ষণ আৰু তাৰ ফলাফল লিপিবদ্ধ কৰাত গুৰুত্ব দিয়া হৈছিল। এই লিখিত নথী যাতে সহজে বুজিব পৰা হয় তালৈও লক্ষ্য ৰখা হৈছিল। যাতে সেই লিখনী ভৱিষ্যতৰ ছাত্ৰক শিকোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰি। হপ'ক্ৰেটিছে ৰোগীৰ দেহৰ গঠন, বৰণ, নাড়ীবেগ, জ্বৰ, বিষ, দেহ সঞ্চালন, প্ৰসাৱ আদিৰ বিতং বিৱৰণ লিখি ৰাখিছিল। [11][24] ৰোগীৰ পৰিয়াল আৰু থকা পৰিবেশৰ টোকাও লিখি ৰখা হৈছিল।[29] আজিৰ চিকিৎসা বিজ্ঞানৰ ৰোগী পৰীক্ষা আৰু ৰোগৰ বিৱৰণ লোৱাৰ নিয়ম তেৱেই প্ৰথম প্ৰচলন কৰিছিল। সেইবাবেই তেখেতক "ৰোগ চিকিৎসা বিজ্ঞানৰ জনক" বুলি কোৱা হয়।[30]
হিপ'ক্ৰেটিছ আৰু তেওঁৰ শিষ্যসকলে কেবাটাও ৰোগৰ বৰ্ণনা দি থৈ গৈছে। আঙুলিত হোৱা 'ক্লাবিং' নামৰ এক পৰিঘটনা প্ৰথমে হিপ'ক্ৰেটিছেই লক্ষ্য কৰি লিপিবদ্ধ কৰিছিল বুলি জনা যায়। এই 'ক্লাবিং' কেবাটাও ৰোগৰ লক্ষণ হিচাপে দেখা দিয়ে।[31] হিপ'ক্ৰেটিছৰ মুখাৱয়ব আন এটা তেনে পৰিঘটনা।[32][33]
হিপ'ক্ৰেটিছেই প্ৰথমে ৰোগক তাৎক্ষনিক (Acute), পুৰণি (Chronic), প্ৰচলিত (endemic), মহামাৰী (epidemic) আদি বিশেষ ভাগত ভাগ কৰিছিল। ইয়াৰ বাহিৰেও ৰোগৰ বিস্তাৰৰ ক্ষেত্ৰত প্ৰচলিত বাঢ়ি অহা (exacerbation), পুনৰ হোৱা (relapse), প্ৰশমন হোৱা ( resolution), সংকট কাল (crisis), প্ৰশমন কাল (convalescence) আদি ধাৰণা প্ৰয়োগ কৰে।[24][34] বুকুৰ ভিতৰত হোৱা ঘাঁ-ৰ লক্ষণ, শল্য চিকিৎসাৰ পদ্ধতি আৰু কেনেকৈ বিস্তাৰ হয় তাৰ পূৰ্ণ বিৱৰণ হিপ'ক্ৰেটিছে নিৰ্ভুল ভাৱে দিছিল। [35] বুকুৰ ভিতৰত শল্য চিকিৎসা (Cardiothoracic Surgery) কৰা লিখিত বিৱৰণ থকা শল্য চিকিৎসকো তেঁৱঢই।[35]
পায়ুৰ ৰোগৰ বিৱৰণ আৰু চিকিৎসাৰ উপায়ো তেওঁলোকে লিপিবদ্ধ কৰিছিল। অৰ্শ ৰোগৰ কাৰক সম্বন্ধীয় ধাৰণাবোৰ অবৈজ্ঞানিক হ'লেও তেওঁলোকে লিখি যোৱা চিকিৎসাবোৰ আছিল শুদ্ধ।[36][37]
হিপ'ক্ৰেটিছৰ কৰ্পাছ লিখনী সমূহ গ্ৰীক ভাষাত লিখিত প্ৰথম চিকিৎসা সম্বন্ধীয় লিখনী। এইবোৰ স্বয়ং হিপ'ক্ৰেটিছৰ লিখনী নে বিভিন্ন লেখকৰ লিখনী তাক এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই।[38] but the volumes were probably produced by his students and followers.[39] বিশেষজ্ঞ সকলৰ মতে এইবোৰ এজন মানুহৰ লিখনী নহয়। কৰ্পাছ লিখনী সমূহে হিপ'ক্ৰেটিছৰ মতবাদ মানি আহিছিল বাবেই সেইবোৰক হয়তো হিপ'ক্ৰেটিছৰ কৰ্পাছ বোলা হৈছিল।[23]
কৰ্পাছৰ সমূহত কিতাপ, বক্তৃতা, গৱেষণা আৰু দৰ্শন সম্বন্ধীয় লিখনীও মিহলি হৈ আছে। এইবোৰ বিভিন্ন শ্ৰেণীৰ পাঠকৰ বাবে লিখা হৈছিল। কিছুমান কেৱল বিশেষজ্ঞৰ বাবে, আৰু কিছুমান সাধাৰণ পাঠকৰ বাবে। লিখনীবোৰ সংযুক্ত কৰাত কোনো নিয়ম মানি চলা হোৱা নাছিল। কেতিয়াবা আকৌ বিপৰীত মত এটাৰে লেখাৰ আৰম্ভ কৰা হৈছিল।[38][40][41] এই লিখনী সমূহৰ মাজতে অতিকে গুৰুত্বপূৰ্ণ 'হিপ'ক্ৰেটিছৰ শপত' (The Hippocratic Oath) লেখাটো্ও পোৱা যায়। ইয়াৰ বাহিৰে 'ৰোগৰ বিস্তাৰ' (The Book of Prognostics); 'তাৎক্ষনিক ৰোগৰ চিকিৎসা' (On Regimen in Acute Diseases); 'ভগা-হাড় জোৰা দিয়াৰ সৰঞ্জাম' (Instruments of Reduction); 'বায়ু, পানী আৰু মাটি' (On Airs, Waters and Places); 'পবিত্ৰ ৰোগৰ বিষয়ে' (On The Sacred Disease) আৰু 'এফ'মেৰিজম' (Aphorisms) এই কেইটা গুৰুত্বপূৰ্ণ লেখা কৰ্পাছৰ মাজত সোমাই আছে।[23]
হিপ'ক্ৰেটিছৰ শপত চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰোঁতে পালন কৰিবলগীয়া নৈতিক নিয়মাৱলীৰ (ethics) এক গুৰুত্বপূৰ্ণ দলিল। কিছুমান নতুন বিষৰ অন্তৰ্ভুক্তিয়ে দেখুৱায় যে এইখন সম্পূৰ্ণ ৰূপে হিপ'ক্ৰেটিছৰ লিখিত নহয়। পাছলৈ নতুন অংশবোৰ তাত যোগ দিয়া হৈছিল। বৰ্তমান যুগৰ চিকিৎসা বিজ্ঞানৰ চৰ্চাতো এই শপতনামাৰ প্ৰাসংগিকতা বিদ্যমান। মূল ৰূপত এই শপতনামা এতিয়া ব্যৱহাৰ কৰা নহয় যদিও, চিকিৎসকৰ সকলৰ নৈতিক দায়িত্ব নিৰ্ধাৰণ কৰাত প্ৰচলিত আইনী ব্যৱস্থাই এই শপতনামাকে আধাৰ হিচাপে লয়। এই বুৎপন্ন শপতনামাক সাৰোগত কৰিয়েই চিকিৎসা শাস্ত্ৰৰ ছাত্ৰই এই বিদ্যাৰ চৰ্চা কৰে।[42][43]
<ref>
tag; name "britannica" defined multiple times with different content