হিমবাহ (ইংৰাজী: Glacier) নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহো ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা প্ৰধান কাৰক। হিমবাহেও ক্ষয়,পৰিবহণ আৰু অৱক্ষেপনৰ দ্বাৰা ভূ-পৃষ্ঠৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে। আচলতে পৃথিৱীৰ যিবোৰ ঠাইত চিৰতুষাৰ জমা হৈ থাকে,সেইবোৰ ঠাইৰ পৰা মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তলৰ ফাললৈ বৰফৰ স্তুপ লাহে লাহে গতি কৰাকে হিমবাহ বুলি কোৱা হয়। অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো মহাদেশৰে বৰফভূমি আছে।[1]
ভূ-পৃষ্ঠৰ অৱস্থিতি অনুসৰি হিমবাহক তিনিটা ভাগত ভগাব পাৰি-
(ক)মহাদেশীয় হিমবাহ পৃথিৱীৰ উপৰি ভাগৰ উচ্চ অক্ষাংশৰ কিছুমান অঞ্চলৰ সমুদ্ৰপৃষ্ঠত গোটেই বছৰ জুৰি বৰফেৰে আবৃত হৈ থাকে। উদাহৰণস্বৰূপে,উত্তৰ মহাসাগৰক আগুৰি থকা উত্তৰ ছাইবেৰিয়াৰ তুন্দ্ৰাঅঞ্চল,আইছলেণ্ড,গ্ৰিণলেণ্ড,এণ্টাৰ্কটিকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তুষাৰ আৰু বৰফে আবৃত অঞ্চলবিলাক। এই বৰফৰ স্তূপবিলাকক হিমপ্ৰচ্ছদ (Ice-cap) বুলি কোৱা হয়। ইয়াক মহাদেশীয় হিমবাহ (Continental glacier)বুলিও কোৱা হয়। মহাদেশীয় হিমবাহ উপত্যকা হিমবাহৰ দৰে গতিশীল নহয়।
(খ)গিৰিপদী হিমবাহ পৰ্বতৰ উচ্চ অঞ্চলৰ পৰা উপত্যকা আৰু এঢলীয়া অঞ্চলেৰে নামনিলৈ আহোঁতে সেইবোৰৰ পাদদেশত তুষাৰ খণ্ডবোৰ সিঁচৰিত হৈ পৰে আৰু এক বিস্তীৰ্ণ হিমবাহৰ সৃষ্টি হয়। পৰ্বতৰ পাদদেশত অৱস্থিত এনেধৰণৰ হিমবাহক গিৰিপদী হিমবাহ (Piedmont glacier) বোলে। গিৰিপদী হিমবাহক উপত্যকা হিমবাহৰ অংশ বিশেষ বুলি ভবা হয়।
(গ)উপত্যকা হিমবাহ
উচ্চ পৰ্বত-পাহাৰৰ ওপৰত জমা হৈ থকা বৰফৰ স্তুপ মাধ্যাকৰ্ষণ শক্তি আৰু চাপৰ ফলত পৰ্বতৰ আশ-পাশ হেলনীয়া উপত্যকাইদি তললৈ নামি আহে। এইদৰে নামি অহা বৰফৰ স্তুপৰ তল ভাগতকৈ কাষৰীয়া অঞ্চলত ঘৰ্ষণ বেছি হয়। তাৰ ফলত সন্মুখভাগ জিভাৰ দৰে আগবাঢ়ি যায়। এনেধৰণে আগবাঢ়ি অহা অংশটোক উপত্যকা হিমবাহ (Mountain or Valley glacier) বোলে। [1]
হিমবাহৰ দ্বাৰা প্ৰধানকৈ পৃথিৱীৰ শীত প্ৰধান অঞ্চল বিলাকত ক্ষয় সাধন হয়। হিমবাহ প্ৰবাহিত হওঁতে ইয়াৰ গতিপথত থকা মাটি,শিলা,গোলাশ্ম আদি লগত উটুৱাই লৈ যায়। এইদৰে উটুৱাই লৈ যোৱা পদ্ধতিটোক হিমানী ধাৱন বুলি কোৱা হয়। পদাৰ্থবোৰৰ দ্বাৰা হিমবাহে উটুৱাই লৈ যোৱা নিম্নস্থ শিলাস্তৰ ক্ষয়ীকৰণ কৰে। এই পদ্ধতিটোক অপঘৰ্ষণ (abrasion) বোলে। হিমানী ধাৱন আৰু অপঘৰ্ষণৰ ফলত হিমবাহৰ উপত্যকাৰ তলিখন বহল আৰু দুফালৰ গৰা দুটা থিয় হয়। তাৰ ফলত উপত্যকাটো দেখাত 'U'আখৰটোৰ দৰে হয়।[1]
হিমবাহে বিভিন্ন পদ্ধতিৰে খনন কৰা শিল,গোলাশ্ম,মাটি আদি হিমবাহৰ প্ৰবাহৰ লগত নিম্নস্থানলৈ বাহিত হয়। কেতিয়াবা আকৌ হিমবাহ উপত্যকাৰ দুয়ো কাষৰ গৰাৰ পৰা তুষাৰ স্তূপ খহি পৰি তাৰ লগতে পৰিবাহিত হয়।
হিমবাহে পাৰ্বত্য অঞ্চলৰ পৰা তুষাৰ ৰেখা পাৰ হৈ নিম্নভূমি অঞ্চললৈ গতি কৰাৰ লগে লগে বৰফ গলিবলৈ ধৰে আৰু লগত বহন কৰি অনা পদাৰ্থবোৰ অবক্ষেপন কৰিবলৈ আৰম্ভ কৰে। সাধাৰণতে এইবোৰকে গ্ৰাব অৱক্ষেপ (Moraine deposit) বোলে। হিমবাহ য'ত গলি যায় তাত গলি যোৱা পানীৰ দ্বাৰা এই পদাৰ্থবোৰ কেতিয়াবা সিঁচৰিত হৈও জমা হ'ব পাৰে। এইদৰে সন্মুখভাগত জমা হোৱা গ্ৰাবক প্ৰান্তগ্ৰাব (Terminal moraine) আৰু দুই কাষত জমা হোৱা গ্ৰাবক পাৰ্শগ্ৰাব (Lateral moraine) বোলে। হিমবাহৰ তলিত জমা হোৱা গ্ৰাবক ভূমিগ্ৰাব (Ground moraine) আৰু দুটা হিমবাহৰ মাজভাগত জমা হোৱা গ্ৰাবক মধ্যগ্ৰাব (Medial moraine) বোলে। এইবোৰৰ উপৰিও অৱক্ষেপণৰ দ্বাৰা সৃষ্টি হোৱা আৰু কিছুমান ভূ-অবয়ব দেখা যায়। সেইবোৰৰ ভিতৰত শিল,বালি,গোলাশ্ম,মাটি আদি সিঁচৰিত হৈ গোলাশ্ম মৃতিকাৰ (Boulder clay) সৃষ্টি হয়। আনহাতে নদীৰ দ্বাৰা সৃষ্টি হোৱা ব্যঞ্জনাৰূপ পলসৰ দৰে হিমবাহেও বৰফ গলা পানীৰ দ্বাৰা শিল,বালি,বোকাৰে ব্যঞ্জনাৰূপ পলস (Alluvial Fan) ৰ সৃষ্টি কৰে। কেতিয়াবা শিলাসমূহ স্তূপৰ আকাৰত শাৰী শাৰীকৈ সজোৱা থাকে। এনেধৰণৰ অবয়বক অণ্ডকৰণ্ড ভূ-প্ৰকৃতি (basket of egg topography) বুলি কোৱা হয়। কেতিয়াবা এই শিলৰ স্তূপবোৰ বৃহৎ আকাৰৰ হয়। এনে বৃহৎ স্তূপ থকা ভূ-অবয়বক ড্ৰামলিন (drumlin) বোলে। কেতিয়াবা বোৱতী পানীৰ সহায়ত শিল,বালিৰে গঠিত এক বিশেষ ধৰণৰ ওখ আলিবাটৰ দৰে যি ওখ অবয়বৰ সৃষ্টি হয়,তাক এস্কাৰ (Esker) বোলে। কেতিয়াবা আকৌ কিছুমান ঠাইত অৱক্ষেপণৰ দ্বাৰা হ্ৰদৰ সৃষ্টি হয়,আকৌ কিছুমান ঠাইত বিশাল সমভূমিলৈ পৰিবৰ্তন হয়।[1]