হিমাংশু ৰায় | |
---|---|
![]() হিমাংশু ৰায় | |
জন্ম | ১৮৯২ কটক, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৬ মে’, ১৯৪০ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা, পৰিচালক |
দাম্পত্যসঙ্গী |
|
সন্তান | নীলিমা ডাইট্জ (হাইনলিন) (১৯২৬–১৯৯৭), পিটাৰ ডাইট্জ[1] |
হিমাংশু ৰায় (ইংৰাজী: Himanshu Rai; জন্ম : ১৮৯২ – ১৬ মে ১৯৪০)[2], ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ এগৰাকী বাটকটীয়া আৰু ফিল্ম ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাতা ৰূপে সৰ্বজনবিদিত। ১৯৩৪ চনত, তেওঁ প্ৰখ্যাত অভিনেত্ৰী আৰু পত্নী[3] দেৱিকা ৰাণীৰ সৈতে লগ-লাগি বম্বে টকীজ প্ৰতিষ্ঠা কৰিছিল। ৰায় গডেছ (১৯২২), দ্য লাইট অৱ এছিয়া (১৯২৫), চিৰাজ (১৯২৮), আ থ্ৰ’ অৱ ডাইচ (১৯২৯) আৰু কৰ্ম (১৯৩৩)কে ধৰি ভালেসংখ্যক চলচ্চিত্ৰৰ সৈতে জড়িত আছিল। হিমাংশু ৰায় আৰু দেৱিকা ৰাণী দুয়ো জাৰ্মানীৰ পৰা ফিল্ম বিষয়ত পঢ়া-শুনা কৰি ভাৰতলৈ উভতি আহিছিল।
এক অভিজাত বঙালী পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰায়ে স্কুলীয়া শিক্ষাৰ বাবে শান্তিনিকেতনত কেইবা বছৰ অতিবাহিত কৰিছিল। কলকাতাৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ বেৰিষ্টাৰ হ'বলৈ লণ্ডনলৈ যায়। তাত তেওঁ এজন নাট্যকাৰ আৰু চিত্ৰনাট্যকাৰ নিৰঞ্জন পালক লগ পাইছিল।
সেই সংযোগ সূত্ৰে তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লয় আৰু ফ্ৰাঞ্জ অষ্টেনৰ সৈতে সহ-পৰিচালক ৰূপে দ্য লাইট অৱ এছিয়া শীৰ্ষক চলচ্চিত্ৰখন নিৰ্মাণ কৰে। এই চলচ্চিত্ৰখন বুদ্ধৰ জীৱনভিত্তিক আছিল। পশ্চিমীয়া সংস্কৃতিৰ সমুখত ভাৰতীয় সভ্যতাক তুলি ধৰাৰ ই এক প্ৰয়াস আছিল।[1] ৰায় এই ছবিখনৰ অন্যতম মুখ্য অভিনেতাও আছিল। তেওঁৰ তৃতীয়খন চলচ্চিত্ৰ প্ৰপঞ্চ পাস নিৰ্মাণ কৰোঁতে, তেওঁ নবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী দেৱিকা ৰাণীক লগ পায় আৰু তেওঁৰ প্ৰেমত পৰে। এই চলচ্চিত্ৰখন সম্পূৰ্ণ হোৱাৰ আগতে, তেওঁ দেৱিকা ৰাণীক বিয়া কৰায়।
শশধৰ মুখাৰ্জী আছিল বম্বে টকীজৰ অংশীদাৰ। মুখাৰ্জীৰ খুলখালী অশোক কুমাৰে ইয়াত ষ্টুডিঅ’ টেকনিচিয়ান হিচাপে কাম কৰিছিল। জীৱন নইয়া চলচ্চিত্ৰখন নিৰ্মাণ কৰিবলৈ লৈ হিমাংশু ৰায়ে যেতিয়া দেৱিকা ৰাণী আৰু নায়ক নজমুল হাছানৰ প্ৰেমৰ সম্পৰ্কৰ কথা গম পালে, তেওঁ জোৰকৈ হাছানৰ স্থানত অশোক কুমাৰক নায়ক ৰূপে কাষ্ট কৰে। হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা অশোক কুমাৰৰ সফল অভিনয় জীৱনৰ এয়া আছিল আৰম্ভণি।
ৰায়ৰ মৃত্যুৰ পিছত ষ্টুডিঅ’ৰ বাঘজৰী চম্ভালাক লৈ দেৱিকা ৰাণী আৰু শশধৰ মুখাৰ্জীৰ মাজত বিবাদৰ সূত্ৰপাত হয় আৰু অৱশেষত দুয়ো ইয়াক নিয়ন্ত্ৰণৰ ভাৰ লয় আৰু চলচ্চিত্ৰৰ বৈকল্পিক প্ৰযোজনা (alternate production) আৰম্ভ কৰে। এই সময়খিনিত, ১৯৪৩ চনত মুখাৰ্জীয়ে প্ৰযোজনা কৰা কিচমতয়েই আছিল আটাইতকৈ সফল ছবি। ইয়াৰ পিছতে মুখাৰ্জীয়ে নিজাকৈ ফিল্মীস্তান ষ্টুডিঅ’ আৰম্ভ কৰে আৰু বম্বে টকীজৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ দেৱিকা ৰাণীৰ হাতলৈ যায়। কিন্তু দেৱিকা ৰাণীয়ে এই ব্যৱসায়ত সফলতা লাভ কৰিব নোৱাৰিলে। ১৯৪৫ চনত তেওঁ নিকোলাছ ৰ’ৰিকৰ পুত্ৰ ৰুছ শিল্পী স্বেট’লাভ ৰ’ৰিকক সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু চলচ্চিত্ৰ জগত ত্যাগ কৰি বম্বেৰ পৰা আঁতৰি যায়। দেৱিকা ৰাণীয়ে এৰি দিয়াৰ পাছত অশোক কুমাৰ আৰু মুখাৰ্জীয়ে মিলি বোম্বাই টকীজ পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা চলায় আৰু মহল নামে এখন সফল ছবি প্ৰযোজনা কৰে যদিও অৱশেষত ষ্টুডিঅ’টো বন্ধ হৈ যায়। বৰ্তমান মুম্বাইৰ মালাডত থকা ই এক অব্যৱহৃত সম্পত্তি।