হিৰণ্যাক্ষ | |
---|---|
১৮শ শতিকাৰ চিত্ৰত বৰাহ হিৰণ্যক্ষৰ সৈতে যুঁজ কৰা দেখুওৱা হৈছে। | |
সম্পৰ্ক | অসুৰ |
নিবাস | পাতাল |
অস্ত্ৰ | গদা |
পিতৃ-মাতৃ | কাশ্যপ আৰু দিতি |
সহোদৰ | হিৰণ্যকশিপু (ভাতৃ) হোলিকা (ভগ্নী) |
সন্তান | Kalanemi Andhaka |
হিৰণ্যাক্ষ (সংস্কৃত: हिरण्याक्ष, অনুবাদ: সোণালী চকু)[1] আছিল এক মহাপ্ৰতাপী অসুৰ। হিন্দী ধৰ্মগ্ৰন্থৰ মতে, যিয়ে স্বৰ্গত আক্ৰমণ কৰাৰ পাছত ধৰিত্ৰীদেৱীক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল।[2][3]
ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সদানন্দ আৰু সনতকুমাৰে বিষ্ণুক দৰ্শন কৰিবলৈ যাওঁতে বিষ্ণুৰ দ্বাৰপাল বা দুৱৰী জয়-বিজয়ে প্ৰৱেশ কৰিবলৈ নিদিয়াত ব্ৰহ্মাৰ চাৰি মানসপুত্ৰই অভিশাপ দিছিল যে জয়-বিজয়ে ভগৱান বিষ্ণুৰ হয় শত্ৰু হিচাপে তিনিবাৰ বা ভগৱান বিষ্ণুৰ ভক্ত হিচাপে সাতবাৰ পৃথিৱীত জন্মগ্ৰহণ কৰিব লাগিব। তেওঁলোকে পৃথিৱীত তিনিবাৰ জন্ম ল'বলৈ বাছনি কৰিছিল আৰু সেয়ে তেওঁলোক তিনিটা যুগত মৰ্ত্যলোকত জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল। জয় আৰু বিজয়ে সত্য যুগত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ; ক্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ আৰু দ্বাপৰ যুগত শিশুপাল আৰু দন্তবক্ৰ নামেৰে জন্মগ্ৰহণ কৰিছিল।
কিছুমান পুৰাণে তেওঁক দিতি আৰু কাশ্যপৰ সন্তান হিচাপে উপস্থাপন কৰে।[2] কাশ্যপ এজন প্ৰাচীন যুগৰ ঋষি আছিল, যি মানৱতাৰৰ এজন সপ্তৰ্ষি (সাতজন মহা ঋষি) আছিল; আন কেইগৰাকী সপ্তৰ্ষি আছিল ক্ৰমে- অত্ৰি, বশিষ্ঠ, বিশ্বামিত্ৰ, গৌতম, জমদগ্নী, আৰু ভৰদ্বৰাজ। তেওঁ দেৱ, অসুৰা, নাগ আৰু সকলো মানৱতাৰৰ পিতৃ আছিল। তেওঁ অদিতিক বিয়া কৰাইছিল, যাৰ সৈতে তেওঁ অগ্নি, আদিত্যৰ পিতৃ হয়, আৰু দ্বিতীয় পত্নী দিতিৰ সৈতে তেওঁ দৈত্যসকলৰ পিতৃ হয়। এই পৌৰাণিক সংস্কৰণত, ভাল বা শুভ সুৰ আৰু অশুভ অসুৰবোৰ কাশ্যপৰে সন্তান আছিল, আৰু তেওঁৰ সেই ভাল আৰু অশুভ সন্তানবোৰৰ মাজত অহৰহ যুদ্ধ সংঘটিত হৈ আছিল।
এবাৰ হিৰণ্যক্ষই ধৰিত্ৰীদেৱীক মহাজাগতিক নামৰ মহাসমুদ্ৰৰ তলত লুকুৱাই ৰাখিছিল। দেৱ-দেৱতাসকলে বিষ্ণুক ধৰিত্ৰীদেৱীৰ লগতে সকলোৰে জীৱন ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। অৱশেষত বিষ্ণুৱে এজন মানৱ-বৰাহ (বৰাহ) অৱতাৰ লৈ হিৰণ্যক্ষক বধ কৰি ধৰিত্ৰীদেৱীক উদ্ধাৰ কৰিছিল।[2][3]