হীৰা হেৰা | |
---|---|
দেৱতাসকলৰ ৰাণী বিবাহ, নাৰী, সন্তান জন্ম আৰু পৰিয়ালৰ দেৱী | |
দ্বাদশ অলিম্পিয়ান-ৰ সদস্য | |
নিবাস | অলিম্পাচ পৰ্বত |
প্ৰতীক | ডালিম, ময়ূৰৰ পাখি, কিৰিটী, গাইগৰু, লিলি, পদুম, কুলি, নাহৰফুটুকী বাঘ, চেপ্টৰ, সিংহাসন, সিংহ |
সঙ্গী | জ্যুচ |
পিতৃ-মাতৃ | ক্ৰ'নচ আৰু ৰীয়া |
সহোদৰ | প'জাইডন, হেডিচ, ডিমিটাৰ, হেষ্টিয়া, জ্যুচ, চাইৰণ |
সন্তান | এঞ্জেল'চ, এৰিচ, এইলেথিয়া, এন্য', ইৰিচ, হেফাষ্টিয়াচ |
আসন/বাহন | ময়ূৰে টনা ৰথ |
ৰোমান সমাৰ্থক | জুন' |
হীৰা বা হেৰা (ইংৰাজী: Hera) হৈছে প্ৰাচীন গ্ৰীচৰ এক দেৱী আৰু তেওঁ নাৰী, বিবাহ, পৰিয়াল আৰু সন্তান জন্মৰ অধিষ্ঠাত্ৰী। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম আৰু জ্যুচৰ ভগ্নী তথা সহধৰ্মিণী। হীৰা টাইটান ক্ৰ'নচ আৰু ৰিয়াৰ জীয়ৰী আৰু তেওঁ দেৱতাসকলৰ ৰাণী হিচাপে অলিম্পাচ পৰ্বতত শাসন চলায়। হীৰাক বিবাহিতা তিৰোতাৰ পোষক আৰু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা হয় যি বিবাহ আৰু বিবাহৰ যোগেদি হোৱা মিলনত আশীৰ্বাদ বৰ্ষণ কৰে। জ্যুচৰ অগণন প্ৰেমাস্পদ আৰু অবৈধ সন্তানসমূহ, আৰু হীৰাক চেৰাই যোৱা মৰণশীল মানৱসকলৰ প্ৰতি ইৰ্ষা আৰু প্ৰতিশোধপৰায়ণতা হীৰাৰ অনন্য চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ এটা।
হীৰাক সততে তেওঁ পবিত্ৰ বুলি গণ্য কৰা জন্তুসমূহ যেনে গাইগৰু, সিংহ আৰু ময়ূৰৰ সৈতে দেখা যায়। তেওঁক তেজস্বী আৰু সুসজ্জিত ৰূপত, প্ৰায়ে সিংহাসনত উপৱিষ্ট আৰু দীঘলীয়া মুকুট পৰিধাণ কৰা অৱস্থাত চিত্ৰিত কৰা হয়। তেওঁ হাতত সততে এটা ডালিম ধাৰণ কৰে যি উৰ্বৰা তেজ আৰু মৃত্যুক সূচায়।[1]
হীৰাৰ ৰোমান সমকক্ষ হৈছে জুন'।[2]
অধ্যাপক জ'হান জেকব বেক'ফেনৰ মতে [3] এনে হ'ব পাৰে যে গ্ৰীক ধৰ্মত গভীৰভাৱে সোমাই পৰা হীৰা মূলতঃ অতীজতে গ্ৰীচত বাস কৰা মাতৃপ্ৰধান লোকসকলৰহে দেৱী। ইয়ালৈ লক্ষ্য ৰাখিলে, বিবাহৰ দেৱী হিচাপে তেওঁৰ কাৰ্যকলাপে নিজৰ ওপৰতেই পিতৃপ্ৰধান আধিপত্যৰ বান্ধোনডাল প্ৰতিষ্ঠা কৰিছে য'ত জ্যুচৰ কাৰ্যৰ বিৰোধিতাক হীৰাৰ ইৰ্ষাপৰায়ণতা আখ্যা দিয়া হৈছে।[4]
অৱশ্যে এখন প্ৰাচীন মাতৃপ্ৰধান সমাজৰ ধাৰণাটো বিতৰ্কিত হৈ ৰয়। আধুনিক কালৰ পণ্ডিতসকলে যথোপযুক্ত সমলৰ অভাৱত এই ধাৰণাটো নস্যাৎ কৰে। [5]
হীৰাক তেওঁৰ ইৰ্ষাপৰায়ণতাৰ কাৰণে জনা যায়। নিৰ্ভয় বুলি গণ্য কৰা জ্যুচেও আনকি হীৰাৰ প্ৰকোপলৈ ভয় কৰে। যেতিয়া জ্যুচ হীৰাৰ প্ৰেমত পৰে হীৰাই তেওঁৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। তেতিয়া জ্যুচে চল কৰি এক ধুমুহা-ঢেৰেকনীৰ সৃষ্টি কৰে আৰু নিজে এটি কুলিৰ ৰূপ লৈ হীৰাৰ খিৰিকিৰ বাহিৰত বিপদগ্ৰস্ত হোৱাৰ অভিনয় কৰে। হীৰাই দয়াপৰৱশ হৈ কুলিটোক নিজৰ বুকুৰ মাজত উম দিয়ে। তেতিয়া জ্যুচে নিজৰ ৰূপ লৈ হীৰাক বলপূৰ্বক ৰমণ কৰে। ইয়াৰ পিছত হীৰা লজ্জানত হৈ জ্যুচৰ বিবাহৰ প্ৰস্তাৱ গ্ৰহণ কৰে। তেওঁলোকৰ বিয়াত সমস্ত প্ৰকৃতি জাতিষ্কাৰ হৈ উঠে আৰু বহুতো উপহাৰ প্ৰদান কৰা হয়।[6]