হীৰেন গোহাঁই (ইংৰাজী: Hiren Gohain; জন্ম: ১৯৩৯) অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক আৰু সমালোচক।[2] ইয়াৰ উপৰিও তেওঁ এগৰাকী কবি,[3] সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেওঁ ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। গোহাঁইৰ পিতৃ মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।[4] উত্তৰ গুৱাহাটীত তেখেতৰ পৈতৃক ঘৰ আছিল। ড॰ গোহাঁয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুবছৰ পূৰ্বে অৱসৰ লৈছে। তেখেতৰ জ্যেষ্ঠা ভগ্নী কমলা গোহাঁই চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক আছিল।[5]
ড॰ গোহাঁই এজন কৃতী ছাত্ৰ আছিল।[4]
ড॰ হীৰেন গোহাঁয়ে ছাত্ৰ অৱস্থাৰে পৰাই সাহিত্য চৰ্চা কৰিছিল।[4] ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সম্পাদনা কৰা আলোচনী ৰামধেনুত তেখেতৰ কেইবাটাও কবিতা প্ৰকাশ হৈছিল।[4]
- সাহিত্যৰ সত্য (১৯৭০)
- সমাজ আৰু সমালোচনা (১৯৭২)[6]
- বাস্তৱৰ স্বপ্ন (১৯৭২)[6]
- সাহিত্য আৰু চেতনা (১৯৭৬)
- কাল ভ্ৰমৰ (১৯৭৮)
- কীৰ্তন পুথিৰ ৰস-বিচাৰ (১৯৮৩)
- বিশ্বায়তন (১৯৮৪)
- তেজৰ আখৰে লেখা (১৯৮৪)
- উপন্যাসৰ আধুনিক পাশ্চাত্য সমালোচনা (১৯৮৪)
- অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (১৯৮৭)
- বন্দৰৰ কাল (১৯৮৭)
- আঞ্চলিকতাবাদ আৰু অসম, (১৯৯০)
- উত্তৰণৰ সাধনা (১৯৯২)
- কেৱল মানুহৰ আছে গান, তৰা আৰু বোকা (১৯৯৩)
- কালস্ৰোত আৰু কাণ্ডাৰী (১৯৯৫)
- ইমান তিতা সাগৰৰ পানী (২০১১)[7] (আত্মজীৱনী)
- বতাহত ক’ৰ গধূলি গোপাল (আত্মজীৱনী)
- সাহিত্য, সত্তা আৰু সাধনা (২০০০)
- হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী (আত্মজীৱনী)
- সপোনৰ দিকচৌ বনত (আত্মজীৱনী)
- ৰণশিঙা খংশিঙা (১৯৬০) [8]
- সমাজ আৰু সমালোচনা (১৯৭২)[8]
- সৃষ্টি আৰু যুক্তি (১৯৭২)[8]
- কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা (১৯৮৬)[8]
- বন্দৰৰ কাল (১৯৮৭)[8]
- কেৰ্বেৰাচ আৰু নৰকৰ প্ৰহৰী (১৯৮৭)[8]
- সাক্ষাৎকাৰত সাফল্য লাভৰ উপায় (১৯৮৭)[8]
- অদৃষ্ট আৰু অসম (১৯৮৮)[8]
- উপন্যাসৰ আধুনিক সমালোচনা ২য় খণ্ড (১৯৮৮)[8]
- স্বাধীনতাৰ সপোন আৰু দিঠক (১৯৯১) [8]
- পট পৰিৱৰ্তন (১৯৯২)[8]
- ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰবন্ধ(১৯৯৩)[8]
- এগছ বন্তিৰ এন্ধাৰ (১৯৯৩)[8]
- উত্তৰণৰ সাধনা (লয়াৰ্ছ বুক ষ্টল, ১৯৯৩)[8]
- যোগাযোগ (ভষ্টক, ১৯৯৩)[8]
- গণতন্ত্ৰৰ নৱজীৱন (জানকী প্ৰকাশন, ১৯৯৪)[8]
- কালস্ৰোত আৰু কাণ্ডাৰী (লয়াৰ্ছ বুক ষ্টল, ১৯৯৫)[8]
- অবিনাশী অসমীয়া (বুক এম্পৰিয়াম, ১৯৯৬)[8]
- লস্ত লাগিজ্ (বুক এম্পৰিয়াম, ১৯৯৬)[8]
- শব্দভেদী বাণ (ষ্টুডেণ্টছ্ এম্পৰিয়াম, ১৯৯৬)[8]
- সন্ধিক্ষণ (লয়াৰ্ছ বুক ষ্টল, ১৯৯৭)[8]
- ভাৰতৰ স্বাধীনতা আন্দোলনত বিপ্লৱবাদীসকলৰ অৱদান, (নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া,১৯৯৮)[8]
- উৰণীয়া হাঁহৰ মাত, (বুক হাইভ, ১৯৯৮)[8]
- নৈৰাজ্য আৰু নিৰ্মাণ, (লয়াৰ্ছ বুক ষ্টল, ১৯৯৮)[8]
- মানৱতাৰ সন্ধানত, (জ্যোতি প্ৰকাশন, ২০০১)[8]
- কুঁৱলী ফালি পোহৰ, (চন্দ্ৰ প্ৰকাশ, ২০০২)[8]
- কিয় লিখোঁ, (এফ, এছ শইকীয়া, মিৰনেট, ২০০৩)[8]
- ভাবীকালৰ খনিকৰ, (জ্যোতি প্ৰকাশন, ২০০৩)[8]
- জাতিসত্তা আৰু মানৱসত্তা, (অনন্যা প্ৰকাশন, ২০০৪)[8]
- মাজুলীৰ জিলিঙনি, (পদাতিক প্ৰকাশন, ২০০৫)[8]
- নিৰ্বাচিত সমালোচনা, (অসম প্ৰকাশন পৰিষদ, ২০০৭)[8]
- আখ্যানৰ আঁৰৰ আমেৰিকা, (পদাতিক প্ৰকাশন, ২০০৭)[8]
- সূৰ্যোদয়ৰ প্ৰতীক্ষাত, (অশোক বুক ষ্টল, ২০০৮)[8]
- অগ্নিগৰ্ভ অসম আৰু শুভ উত্তৰণৰ প্ৰচেষ্টা, (অশোক বুক ষ্টল, ২০১০)[8]
- বৃহৎ নদীবান্ধ আৰু অসমৰ বিপৰ্যয়, (আঁক-বাক প্ৰকাশন, ২০১০)[8]
- আত্মবিস্মৃত ইছলাম আৰু অন্যান্য প্ৰবন্ধ, (অশোক বুক ষ্টল, ২০১১)[8]
- কালান্তৰৰ দোমোজাত, (শান্তি, ২০১৩)[8]
- শংকৰদেৱ সন্দৰ্শন, (শান্তি প্ৰকাশন, ২০১৩)[8]
- স্থবিৰতা বনাম প্ৰগতি, (চন্দ্ৰ প্ৰকাশ, ২০১৪)[8]
- প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ, (বনলতা, ২০১৪)[8]
- গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ আৰু সন্ত্ৰাস, (শান্তি প্ৰকাশন, ২০১৪)[8]
- পৰম্পৰা আৰু আধুনিকতা, (বনলতা, ২০১৫)[8]
- গতিপথ আৰু গন্তব্য, (পদাতিক, ২০১৬)[8]
- চলচ্চিত্ৰ আৰু বাস্তৱতা, (পদাতিক, ২০১৬)[8]
- পৰিৱৰ্তনৰ স্বপ্ন আৰু দুঃস্বপ্ন, (পৃথিৱী প্ৰকাশন, ২০১৭)[8]
- সমাগত সংকট, (মুক্ত চিন্তা প্ৰকাশন, ২০১৭)[8]
- শিল্প সংস্কৃতিৰ ৰণাঙ্গন, (কথাৰ সহযোগত গোলাঘাটৰ ঐকান্তিকৰ দ্বাৰা প্ৰকাশিত, ২০২১)[8]
- ইংৰাজী
- Tradition and Paradise Lost (১৯৭৬)
- On the Present Movement in Assam (১৯৮০)
- Assam: A Burning Question (১৯৮৪)
- Nature and Art in Shakespeare (১৯৮৮)
- Aspects of Early 19th century Bengalee Culture (১৯৯০)
- The Magic Plant (১৯৯২)
- Struggling in a time warp(২০১৯,ভৱানী পাব্লিছিং)
- The Idea of Popular Culture in the Early Nineteenth Century Bengal, 1991 (K.P.Bagchi & co., 1991)[8]
ড॰ হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সুপ্ৰতিষ্ঠিত সমলোচক। তেওঁৰ তীক্ষ্ণধী সমালোচনাই অসমৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক দিশলৈ নতুন গতিধাৰা আৰু চেতনাবোধ আনিছে। বৰ্তমান ইয়াৰ প্ৰতিটো দিশতে তেওঁ এগৰাকী কাণ্ডাৰীৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু প্ৰকৃত গণতন্ত্ৰৰ মূল্যবোধক প্ৰমূল্য দিয়া এগৰাকী প্ৰকৃত গণতান্ত্ৰিক ব্যক্তিৰূপেও তেওঁ অসমৰ সমাজ জীৱনত আখ্যায়িত হৈছে।[4]
“এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, ফলত অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত একো অৱদান যোগাব নোৱাৰে, আন দলে আকৌ কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে; ফলত বিদেশৰ লগত আদান-প্ৰদানত যথেষ্ট বাধাৰ সন্মুখীন হয়।”
[4]
ড॰ হীৰেন গোহাঁই সংবাদ সেৱাৰ লগতো জড়িত আছিল। বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ লগত তেখেত জড়িত। তেখেতে নতুন পৃথিৱী (১৯১৭-১৯৭৩), পদাতিক (১৯৭৪-১৯৭৭), কলাখাৰ (১৯৭৯-১৯৮২), সংকেত প্ৰভৃতি কেইবাখনো আলোচনী আৰু বাতৰি কাকত সম্পাদনা কৰিছিল।[4]
- Frontier (কলকাতা), The Telegraph (কলকাতা), Economic and Political Weekly (মুম্বাই), Secular Democracy (দিল্লী), Mainsream (দিল্লী) আদি বাতৰি কাকতত বহুতো প্ৰবন্ধ প্ৰকাশ কৰি আহিছে। তেওঁ বিভিন্ন ছেমিনাৰসমূহত পাঠ কৰা কিছুমান পেপাৰ (ছিমলা) আৰু নেহৰু মেম’ৰিয়েল মিউজিয়ামৰ কাৰ্য-বিৱৰণীত প্ৰকাশিত হৈছে।
- ১৯৭৪ চনত কলিকতাত অমল ভট্টাচাৰ্য স্মৃতি বক্তৃতা প্ৰদান কৰিছিল।
- ১৯৯১ চনত তেওঁ কলিকতাত Centre for Studies in Social Science-ত সখাৰাম গণেশ দেউক্ৰৰ স্মাৰক বক্তৃতা প্ৰদান কৰে।
ড॰ হীৰেন গোহাঁই ৰাজনীতিৰ লগতো জড়িত। তেওঁ ১৯৭০-৭৩ চনলৈ আৰু ১৯৭৯-৮২ চনলৈ চি.পি.আই (এম)ৰ লগতো বিশেষ বিশেষ বিষয়ত সহযোগিতা ৰক্ষা কৰিছে। সম্প্ৰতি আঞ্চলিকতাবাদ ৰাজনৈতি দৰ্শনক এক জনমুখী আৰু গণতান্ত্ৰিক ৰূপ দিয়াত তেওঁ আত্মনিয়োগ কৰিছে।[4]
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|